--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এগজিয়ম স্পেচৰ দ্বাৰা পৰিচালিত বাণিজ্যিক অভিযানৰ অধীনত শুক্লাই আন তিনিজন মহাকাশচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হ'ব

ডিজিটেল ডেস্ক : ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ইয়াৰ কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা এগজিয়ম মিছন-১ৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ অভিমুখে ৰাওনা হৈ সৃষ্টি কৰিলে ইতিহাস। কাৰিকৰী বিজুতিৰ বাবে এই অভিযান পূর্বতে ছবাৰ স্থগিত ৰখা হৈছিল।


এগজিয়ম স্পেচৰ দ্বাৰা পৰিচালিত বাণিজ্যিক অভিযানৰ অধীনত শুক্লাই আন তিনিজন মহাকাশচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হ'ব। উল্লেখযোগ্য যে ৪১ বছৰৰ পাছত ভাৰতীয় মহাকাশচাৰী প্ৰথমবাৰলৈ মহাকাশলৈ ৰাওনা হয়। ইয়াৰ আগতে ১৯৮৪ চনত ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই তদানীন্তন ছোভিয়েট ইউনিয়নৰ ছেলিউট-৭ মহাকাশ কেন্দ্ৰৰ জৰিয়তে পৃথিৱীৰ কক্ষপথত আছিল। তেওঁ আঠ দিন মহাকাশ কেন্দ্রটোত আছিল। স্পেচএক্সৰ ফাল্কন-৯ ৰকেটে বুধবাৰে দুপৰীয়া ১২ বাজি ১ মিনিটত এগজিয়মৰ মহাকাশ যাত্রীসকলক লৈ ফ্লৰিডাৰ কনেডী মহাকাশ কেন্দ্ৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ অভিমুখে উৰা মাৰে। উৎক্ষেপণৰ ১০ মিনিটৰ পাছতে মহাকাশযাত্রীসকলে পৃথিৱীক প্রদক্ষিণ কৰিবলৈ আৰম্ভ কৰে।


ইয়াৰ পাছত শুক্লাই এটা বার্তাত কয়, '৪১ বছৰৰ পাছত ভাৰতীয় মানৱৰ মহাকাশলৈ প্ৰত্যাৱৰ্তন।' মহাকাশচাৰীকেইজনক লৈ যোৱা ড্রেগন মহাকাশযানখনে পৃথিৱীৰ পৰা ২০০ কিল'মিটাৰ উচ্চতাত উপনীত হোৱাৰ সময়ত শুক্লাই কয়, 'অতি সুন্দৰ যাত্রা।' উৎক্ষেপণৰ প্ৰায় ২৮ ঘণ্টাৰ পাছত অর্থাৎ আজি সন্ধিয়া চাৰে সাত বজাত তেওঁলোক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ কথা। অভিযানটোত পাইলট হ'ল শুভাংশু। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ (নেশ্যনেল এৰ'নটিছ এণ্ড স্পেচ এডমিনিষ্ট্রেশন) মহাকাশচাৰী তথা মিছন কমাণ্ডাৰ পেগী হুইটছন, হাংগেৰীৰ মহাকাশচাৰী টিবোৰ কাপু আৰু পোলেণ্ডৰ শ্লাভোছ উজনানস্কী-উইছ্‌নীভস্কীও এগজিয়ম মিছন-৪ৰ অধীনত মহাকাশ কেন্দ্ৰলৈ ৰাওনা হয়। টিগৰ কাপু আৰু শ্লাভোছ মিছন বিশেষজ্ঞৰূপে আছে। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ যোৱা শুক্লা প্রথমজন ভাৰতীয়।


শুক্লাই মহাকাশৰ পৰা কয়, 'নমস্কাৰ, মোৰ মৰমৰ দেশবাসী, ৪১ বছৰৰ পাছত আমি মহাকাশত উপস্থিত হৈছোঁ। ই এক অনন্য যাত্রা।' তেওঁ কয়, 'বর্তমান আমি প্রতি ছেকেণ্ডত চাৰে সাত কিল'মিটাৰ বেগত পৃথিৱীৰ চৌপাশে ঘূৰি আছোঁ আৰু মোৰ কান্ধত মোৰ সৈতে মোৰ ত্ৰিৰংগ আছে যি মোক জনাইছে যে মই অকলে নহয়, মই আপোনলোক সকলোৰে লগত আছোঁ।' তেওঁ লগতে কয়, 'ই মোৰ কেৱল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰাই নহয়, বৰং ই ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচীৰ আৰম্ভণি আৰু আপোনালোক সকলো দেশবাসী এই যাত্ৰাৰ অংশীদাৰ হোৱাটো মই বিচাৰোঁ। আহক আমি সকলোৱে মিলি ভাৰতৰ এই মানৱ মহাকাশ যাত্ৰাৰ আৰম্ভ কৰোঁ।' পৃথিৱীৰ কক্ষপথত উপস্থিত হোৱাৰ পাছত মহাকাশযাত্ৰীসকলে নিজৰ নতুন কেপছুলৰ নাম 'গ্ৰেছ' বুলি কয়। স্পেচএক্সৰ চালক দলে কয়, 'যি ধৈর্য ধৰে তেওঁ ভাল ফল পায়। গ্ৰেছৰ প্ৰথমটো চালক দলে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিছে।'


উল্লেখযোগ্য যে নাছাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰ') সৈতে হোৱা চুক্তিৰ অধীনত ভাৰতীয় বায়ু সেনাৰ গ্রুপ কেপ্টেইন শুভাংশু শুক্লাক এই অভিযানৰ বাবে বাছনি কৰা হৈছিল। শুভাংশুৰ এই মহাকাশ যাত্ৰাৰ অভিজ্ঞতাই ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান গগনযান মিছনত সহায় কৰিব। গগনযান অভিযানৰ উদ্দেশ্য হ'ল ভাৰতীয় মহাকাশচাৰীক পৃথিৱীৰ নিম্ন কক্ষপথত উপনীত কৰোৱা আৰু তাৰ পৰা নিৰাপদে উভতি অহা। গগনযান ২০২৭ চনত উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে। শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ এই অভিযানটোত ৫৪৮ কোটি টকা ব্যয় হোৱা বুলি অনুমান কৰা হৈছে। মহাকাশ বিভাগৰ মতে এই সমগ্র প্রকল্পটোত আনুমানিক ৭১৫ কোটি টকা। যোৱা বছৰ ডিচেম্বৰলৈকে ৪১৩ কোটি টকা ব্যয় হয় আৰু অতিৰিক্ত ১৩৫ কোটি টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছে। অৱশ্যে ইছৰ', এগজিয়ম আৰু নাছাই অভিযানটোত হোৱা ব্যয়ৰ প্ৰসংগত কোনো কথা প্রকাশ কৰা নাই। এই মহাকাশ অভিযানটো ১৪ দিনৰ। ইয়াৰ লক্ষ্য হ'ল মহাকাশত বাণিজ্যিক গতি বিধি বৃদ্ধি কৰা, ষ্টেম অর্থাৎ বিজ্ঞান, প্রযুক্তিবিদ্যা, অভিযান্ত্রিক আৰু গণিতৰ শিক্ষাক উৎসাহিত কৰা। উল্লেখযোগ্য যে ড্রেগন মহাকাশযানখন পৃথিৱীৰ কক্ষপথত স্থাপন কৰাৰ পাছত ফাল্গুন-৯ ৰকেট আঠ মিনিটৰ পাছত পুনৰ পৃথিৱীলৈ উভতি আহে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ