--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এগজিয়ম-৪ (এ এক্স-৪) অভিযানত শুক্লা আৰু আন তিনিজন মহাকাশচাৰীক লৈ বৃহস্পতিবাৰে ড্ৰেগন মহাকাশযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত (আই এছ এছ) উপস্থিত হোৱাৰ লগে লগে শুক্লা হৈ পৰিল আই এছ এছত উপস্থিত হোৱা প্ৰথমজন ভাৰতীয়

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ফ্লৰিডাত থকা নাছাৰ কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা উৰাৰ ২৮ ঘণ্টাৰ পাছতে গ্রুপ কেপ্টেইন শুভাংশু শুক্লাই ইতিহাস ৰচনা কৰিলে।


এগজিয়ম-৪ (এ এক্স-৪) অভিযানত শুক্লা আৰু আন তিনিজন মহাকাশচাৰীক লৈ বৃহস্পতিবাৰে ড্ৰেগন মহাকাশযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত (আই এছ এছ) উপস্থিত হোৱাৰ লগে লগে শুক্লা হৈ পৰিল আই এছ এছত উপস্থিত হোৱা প্ৰথমজন ভাৰতীয়। উল্লেখযোগ্য যে ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাৰ পাছত ১৯৮৪ চনৰ অভিযানৰ পাছত শুক্লাৰ এই অভিযান হৈছে ভাৰতৰ বাবে এক গৌৰৱৰ ঘটনা।


শুক্লা আৰু তেওঁৰ তিনিজন সহযোগী মহাকাশচাৰী মহাকাশ যানখনৰ পৰা ওলোৱাৰ সময়ত মহাকাশ আস্থানত পূর্বতে থকাসকলে আদৰণি জনায়। এই অভিযানত মিছন পাইলট হিচাপে সেৱা আগবঢ়োৱা শুক্লাৰ সৈতে আছে মিছন কমাণ্ডাৰ পেগী হুইটছন (আমেৰিকা) আৰু মিছন বিশেষজ্ঞ ছাউজ উজানস্কি (পোলেণ্ড) আৰু টিব'ৰ কাপু (হাংগেৰী)। উল্লেখযোগ্য যে এই অভিযান পোলেণ্ড আৰু হাংগেৰীৰ বাবেও বিশেষ। এই অভিযানতে এই দুয়োখন দেশেও প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ মহাকাশযাত্রী প্ৰেৰণ কৰিলে। নাছাই জনোৱা মতে, 'ইষ্টার্ন ডেলাইট টাইমৰ মতে বৃহস্পতিবাৰে পুৱা ৬-৩১ বজাত (ভাৰতীয় সময়মতে বিয়লি ৪-০১) স্পে'চেক্স ড্রেগন মহাকাশযানখনে চতুর্থ ব্যক্তিগত খণ্ডৰ মহাকাশচাৰীৰ অভিযানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত উপস্থিত হয়।' আস্থানত উপস্থিত হোৱাৰ আগতে নিজৰ কান্ধত ১৪০ কোটি ভাৰতীয় আশা কঢ়িয়াই নিয়া শুক্লাই কক্ষপথৰ পৰা ভাৰতীয়সকলক 'মহাকাশৰ পৰা নমস্কাৰ' জনায়। তেওঁ কয়, 'শূন্যত ওপঙি থকা, এয়া অবিশ্বাস্য।


এক বিস্ময়কৰ আৰু বিনীত কৰোৱা এক অনুভৱ। ইয়াক সম্ভৱ কৰি তোলা প্ৰতিজনকে মই ধন্যবাদ জনাইছোঁ। এয়া মোৰ সফলতা নহয়, এয়া হৈছে সামূহিক, ইমানবোৰ মানুহৰ ইয়াত অৰিহনা আছে।' তেওঁৰ মহাকাশযাত্ৰাৰ অভিজ্ঞতাৰ বিষয়ে শুক্লাই কয়, 'মই ইয়াত বহু সময় শুইছোঁ। মই মাধ্যাকর্ষণহীনতাৰ (জিৰ' গ্রেভিটি) সৈতে অভ্যস্ত হোৱাৰ চেষ্টা কৰি আছোঁ- এটা শিশুৱে খোজ কাঢ়িবলৈ শিকাৰ দৰে, কিদৰে আগ বাঢ়িব লাগে আৰু নিজকে নিয়ন্ত্ৰণ কৰিব লাগে। কিন্তু সঁচায়ে মই প্রতিটো মুহূর্ত উপভোগ কৰিছোঁ। ভুল কৰাটো স্বাভাৱিক, দৰাচলতে আনৰ ভুল দেখাটো অধিক আনন্দৰ।


এতিয়ালৈকে সময়বোৰ ছুৰিয়েল (অধিবাস্তৱ) আৰু মই নিশ্চিত আগলৈ আৰু বহু আছে।' এ এক্স-৪ দলটোৱে আই এছ এছত ১৪ দিন থাকিব। এই অভিযানৰ সৈতে জড়িত ৭৩জন লোকৰ সহায়ত ৬০তকৈ অধিক পৰীক্ষা আৰু শৈক্ষিক আউটৰীচৰ কাৰ্যকলাপ সম্পন্ন কৰিব। তেওঁলোকৰ কামবোৰৰ ভিতৰত থাকিব কেন্সাৰ গৱেষণাৰ প্ৰকল্প, ডি এন এ মেৰামতি আৰু উন্নত মেনুফেকচাৰ, মহাকাশ অভিযানত বাণিজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ আদি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ