--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এফালে মনত শিক্ষা গ্ৰহণৰ দুৰন্ত হেঁপাহ, আনফালে বিদ্যালয়লৈ বিপদ সংকুল যাত্রা। তথাপি পিঠিত কিতাপৰ বোজা লৈ ভৱিষ্যৎ গঢ়াৰ সপোন লৈ টুলুঙা নাৱেৰে পানীৰ মাজেৰে যাত্ৰা কৰি প্ৰতিদিনে বিদ্যালয়ত উপস্থিত হয় কণ কণ ছাত্র-ছাত্ৰী আৰু ৰাইজে।

ডিজিটেল ডেস্ক : নামনি অসমৰ ধুবুৰী জিলাৰ ৯ নং বিৰসিং জৰুৱা সমষ্টিৰ এলেকাৰ বগৰীবাৰী আটানী ৰাজহ চক্ৰৰ অন্তৰ্গত বগৰীবাৰী মহামায়াৰ পৰা গুটি পাৰলৈ যোৱা আণ্ডামাৰী পাটাকাটা টিপকাই নৈৰ পাৰ ঘাটত টুলুঙা নাৱেৰে অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে গঞা ৰাইজে মৰণত শৰণ দি বিপদ সংকুল যাত্ৰা কৰি আছে। 


এফালে মনত শিক্ষা গ্ৰহণৰ দুৰন্ত হেঁপাহ, আনফালে বিদ্যালয়লৈ বিপদ সংকুল যাত্রা। তথাপি পিঠিত কিতাপৰ বোজা লৈ ভৱিষ্যৎ গঢ়াৰ সপোন লৈ টুলুঙা নাৱেৰে পানীৰ মাজেৰে যাত্ৰা কৰি প্ৰতিদিনে বিদ্যালয়ত উপস্থিত হয় কণ কণ ছাত্র-ছাত্ৰী আৰু ৰাইজে। 


এফালে পিঠিত কিতাপৰ বোজা আনফালে টিপকাই নৈত দলঙৰ অভাৱত হাতৰ মুঠিত জীৱন লৈ এইদৰে পাৰ হ'বলগীয়া হয় কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে। নদীখন পাৰ হ'বলৈ নাই সাঁকো অথবা দলং। নদীত পানী কমিলেই বন্ধ হৈ পৰে নাও। বাধাগ্রস্ত হৈ পৰে কণ কণ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱন যাত্ৰা। খৰালি সময়ত স্থানীয় ৰাইজে প্ৰতি বছৰে নৈখনৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰি লয় যদিও বাৰিষা আহিলেই টিপকাই নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে বাঁহৰ সাঁকো। তাৰ পাছতেই ছাত্র-ছাত্ৰীসকলে যাতায়াতৰ নামত সন্মুখীন হয় নৰক যন্ত্রণা। 



অঞ্চলটোৰ শতাধিক ছাত্র-ছাত্রীয়ে পাঠ দানৰ বাবে টিপকাই নৈৰ বুকু ভেদি অতি বিপজ্জনক পৰিৱেশৰ মাজেৰে বগৰীবাৰী হৰেন্দ্ৰ নাৰায়ণ ছেমিনাৰী উচ্চতৰ মাধ্যমিক আদর্শ বিদ্যালয় মহামায়া ডিগ্রী কলেজ বগৰীবাৰী জুনিয়ৰ কলেজ বগৰীবাৰী উচ্চ মাধ্যমিক বিদ্যালয় এম ই স্কুল এল পি স্কুললৈ যাব লগীয়া হয়। স্থানীয় এ আই ইউ ডি এফ দলৰ বিধায়ক হাফিজ বছিৰ উদ্দিন কাছিমীয়ে এখন পকী দলং নিৰ্মাণৰ আশ্বাস দিয়ে যদিও আজিকোপতি নহ'ল। সেয়ে অনতি পলমে আণ্ডামাৰী পাটাকাটা টিপকাই নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক আহবান জনাইছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ লগতে বিদ্যালয়ৰ শিক্ষাগুৰুসকলে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ