--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দীর্ঘদিনীয়া প্রতীক্ষা, জল্পনা-কল্পনা, বাদ-বিসম্বাদ, অঘটন আদিৰ পাছত গেৰুকামুখ বান্ধত ঘূৰিল টার্বাইন।

ডিজিটেল ডেস্ক : দীর্ঘদিনীয়া প্রতীক্ষা, জল্পনা-কল্পনা, বাদ-বিসম্বাদ, অঘটন আদিৰ পাছত গেৰুকামুখ বান্ধত ঘূৰিল টার্বাইন। দুহেজাৰ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত এন এইচ পি চিয়ে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধ প্ৰকল্পৰ কালি প্ৰথমটো টার্বাইনৰ সফল পৰীক্ষণ চলে। 


এন এইচ পি চিৰ মুখ্য কার্যবাহী সঞ্চালক ভূপেন্দ্ৰ কুমাৰ গুপ্তাৰ উপস্থিতিত কালি ২৫০ মেগাটৰ প্ৰথমটো টার্বাইনৰ পৰীক্ষণ চলে। উল্লেখযোগ্য যে গেৰুকামুখত ইতিমধ্যে তিনিটা টার্বাইন সম্পূর্ণ হৈ উঠিছে চতুৰ্থটো টার্বাইন ডিচেম্বৰ মাহত সম্পূর্ণ হ'ব বুলি এন এইচ পি চিৰ এটা সূত্ৰত প্রকাশ। 


প্রতিটো টার্বাইনত ২৫০ মেগাৱটকৈ বিদ্যুৎ উৎপাদন হ'ব আৰু প্রথম পর্যায়ত এন এইচ পি চিয়ে এহেজাৰ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰি লৈছে। অহা নৱেম্বৰ মাহত আনুষ্ঠানিকভাৱে গেৰুকামুখত বিদ্যুৎ উৎপাদন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে এটা সূত্রই। কালি দুপৰীয়া প্ৰায় ডেৰ বজাত এন এইচ পি চিৰ চি এম ডিৰ লগতে গেৰুকামুখ প্ৰকল্পৰ পৰিচালন সঞ্চালকৰ উপস্থিতিত প্ৰথমবাৰ টার্বাইন ঘূৰুৱা হয়। লক্ষণীয় কথা এয়ে যে গেৰুকামুখৰ বৃহৎ নদীবান্ধ প্রকল্পটো বিভিন্ন কাৰণত উৎপাদন প্রক্রিয়াত বাধাৰ সৃষ্টি হোৱাৰ ফল স্বৰূপেই দীর্ঘদিনৰ অন্তত কালি অৱশেষত টার্বাইন ঘূৰে। যোৱা ছেপ্টেম্বৰ মাহৰ অন্তিম সপ্তাহত নেশ্যনেল ডেম ছিকিউৰিটি অথৰিটিয়ে বান্ধৰ ছেটি ক্লীয়াৰেঞ্চ দিয়াৰ পাছত এন এইচ পি চি কতৃপক্ষই কালি টার্বাইন টেষ্টিঙৰ অনুমতি লাভ কৰে। 


এন ডি এছ এ ক্লীয়াৰেঞ্চ দিয়াৰ পাছত এন এইচ পি চিয়ে ৰিজাৰ্ভাৰ ফিলিঙৰ অনুমতি পায়। গেৰুকামুখৰ ৰিজাৰ্ভাৰ পূৰ্ণ হ'বলৈ ১৩৬৫ নিযুত ঘন মিটাৰ পানীৰ প্ৰয়োজন হ'ব আৰু বৰ্তমান পূৰ্ণ গতিত ৰিজাৰ্ভাৰ ফিলিঙৰ কাম-কাজ চলি আছে। প্রণিধানযোগ্য যে কোনো এটা টার্বাইন ঘূৰিবলৈ ৰিজাৰ্ভাৰত অতি কমেও ১৬৫ মিটাৰ উচ্চতাৰ ৰিজাৰ্ভাৰ ভৰ্তি হ'ব লাগে আৰু গেৰুকামুখত এতিয়া ১৭৫ মিটাৰ উচ্চতালৈ ৰিজাৰ্ভাৰ পূৰ্ণ হোৱা বুলি এন এইচ পি চিৰ সূত্রত প্রকাশ।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ