--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দীর্ঘদিনীয়া প্রতীক্ষা, জল্পনা-কল্পনা, বাদ-বিসম্বাদ, অঘটন আদিৰ পাছত গেৰুকামুখ বান্ধত ঘূৰিল টার্বাইন।

ডিজিটেল ডেস্ক : দীর্ঘদিনীয়া প্রতীক্ষা, জল্পনা-কল্পনা, বাদ-বিসম্বাদ, অঘটন আদিৰ পাছত গেৰুকামুখ বান্ধত ঘূৰিল টার্বাইন। দুহেজাৰ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত এন এইচ পি চিয়ে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধ প্ৰকল্পৰ কালি প্ৰথমটো টার্বাইনৰ সফল পৰীক্ষণ চলে। 


এন এইচ পি চিৰ মুখ্য কার্যবাহী সঞ্চালক ভূপেন্দ্ৰ কুমাৰ গুপ্তাৰ উপস্থিতিত কালি ২৫০ মেগাটৰ প্ৰথমটো টার্বাইনৰ পৰীক্ষণ চলে। উল্লেখযোগ্য যে গেৰুকামুখত ইতিমধ্যে তিনিটা টার্বাইন সম্পূর্ণ হৈ উঠিছে চতুৰ্থটো টার্বাইন ডিচেম্বৰ মাহত সম্পূর্ণ হ'ব বুলি এন এইচ পি চিৰ এটা সূত্ৰত প্রকাশ। 


প্রতিটো টার্বাইনত ২৫০ মেগাৱটকৈ বিদ্যুৎ উৎপাদন হ'ব আৰু প্রথম পর্যায়ত এন এইচ পি চিয়ে এহেজাৰ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰি লৈছে। অহা নৱেম্বৰ মাহত আনুষ্ঠানিকভাৱে গেৰুকামুখত বিদ্যুৎ উৎপাদন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে এটা সূত্রই। কালি দুপৰীয়া প্ৰায় ডেৰ বজাত এন এইচ পি চিৰ চি এম ডিৰ লগতে গেৰুকামুখ প্ৰকল্পৰ পৰিচালন সঞ্চালকৰ উপস্থিতিত প্ৰথমবাৰ টার্বাইন ঘূৰুৱা হয়। লক্ষণীয় কথা এয়ে যে গেৰুকামুখৰ বৃহৎ নদীবান্ধ প্রকল্পটো বিভিন্ন কাৰণত উৎপাদন প্রক্রিয়াত বাধাৰ সৃষ্টি হোৱাৰ ফল স্বৰূপেই দীর্ঘদিনৰ অন্তত কালি অৱশেষত টার্বাইন ঘূৰে। যোৱা ছেপ্টেম্বৰ মাহৰ অন্তিম সপ্তাহত নেশ্যনেল ডেম ছিকিউৰিটি অথৰিটিয়ে বান্ধৰ ছেটি ক্লীয়াৰেঞ্চ দিয়াৰ পাছত এন এইচ পি চি কতৃপক্ষই কালি টার্বাইন টেষ্টিঙৰ অনুমতি লাভ কৰে। 


এন ডি এছ এ ক্লীয়াৰেঞ্চ দিয়াৰ পাছত এন এইচ পি চিয়ে ৰিজাৰ্ভাৰ ফিলিঙৰ অনুমতি পায়। গেৰুকামুখৰ ৰিজাৰ্ভাৰ পূৰ্ণ হ'বলৈ ১৩৬৫ নিযুত ঘন মিটাৰ পানীৰ প্ৰয়োজন হ'ব আৰু বৰ্তমান পূৰ্ণ গতিত ৰিজাৰ্ভাৰ ফিলিঙৰ কাম-কাজ চলি আছে। প্রণিধানযোগ্য যে কোনো এটা টার্বাইন ঘূৰিবলৈ ৰিজাৰ্ভাৰত অতি কমেও ১৬৫ মিটাৰ উচ্চতাৰ ৰিজাৰ্ভাৰ ভৰ্তি হ'ব লাগে আৰু গেৰুকামুখত এতিয়া ১৭৫ মিটাৰ উচ্চতালৈ ৰিজাৰ্ভাৰ পূৰ্ণ হোৱা বুলি এন এইচ পি চিৰ সূত্রত প্রকাশ।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযানত কাম কৰি আছে দেশৰ উদ্যোগপতিয়ে, দেশত ১২ লাখ কোটি বিনিয়োগ কৰিব আদানিয়ে
তিৰুপতি মন্দিৰত ৫৪ কোটিৰ শ্বল কেলেংকাৰি, ছিল্কৰ পৰিৱৰ্তে যোগান ধৰিছিল পলিয়েষ্টাৰ সামগ্ৰী
পুনৰ জনমত অসমক জন্ম ঠাই হিচাপে বাছি ল'ব ছনু নিগমে
চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰৰ বিষয়ত ড° বসন্ত কুমাৰ গোস্বামী, অসমীয়াৰ লগতহে ইংৰাজী ব্যৱহাৰ কৰিব লাগে
শ্বহীদৰ প্ৰতি সন্মান জনাই উন্মোচিত হ’ল লেখক মলয় বৰুৱাৰ পঞ্চমখন গ্ৰন্থ ‘শ্বহীদ প্ৰণামো তোমাক’
দীপাৱলীক মানৱ জাতিৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য ঘোষণা
জেমছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে আৱিষ্কাৰ 'অলকানন্দা' তাৰকাৰাজ্য
আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস ; এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি
প্ৰসংগঃ গোৱা চিলিণ্ডাৰ বিস্ফোৰণ ; ক্লাবৰ মালিকক গ্ৰেপ্তাৰ, এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু
ছিপাঝাৰত ভাৰতীয় যুৱ মৰ্চাৰ শ্বহীদ প্ৰণামো অনুষ্ঠান ; শ্ৰদ্ধা নিবেদন অসম আন্দোলনৰ অমৰ শ্বহীদক
ইমৰান খানক 'মানসিকভাৱে অসুস্থ' আখ্যা পাকিস্তানী সেনাৰ
বিশ্ব জয় কৰি নিজ গৃহত উপস্থিত ভাৰতীয় দলৰ খেলুৱৈ চিমু দাস
বাংলাদেশ দখল কৰিব জামাত-এ-ইছলামীয়ে!
পাহৰণি গৰ্ভত Greetings Card ! যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজৰ ঐক্যতা