--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আকাশত 'সূর্য' দেৱতা অদৃশ্য হৈ থকাৰ বিষয়টোৰ ওপৰত শেহতীয়াভাৱে দেশৰ তিনিটা গবেষণা প্রতিষ্ঠানে এটা নতুন অধ্যয়ন কৰিছে।

ডিজিটেল ডেস্ক : ২০২৫ বর্ষত বহু দিন ধৰি অব্যাহত থকা বাৰিষাৰ তাণ্ডৱ আৰু প্ৰতিকূল বতৰৰ বাবে মেঘাচ্ছন্ন হৈ থকা আকাশত সূর্য 'সন্ধানহীন' হোৱাৰ দৃশ্য প্রায় প্রতিজন ভাৰতবাসীয়ে প্রত্যক্ষ কৰিছে। 


আকাশত 'সূর্য' দেৱতা অদৃশ্য হৈ থকাৰ বিষয়টোৰ ওপৰত শেহতীয়াভাৱে দেশৰ তিনিটা গবেষণা প্রতিষ্ঠানে এটা নতুন অধ্যয়ন কৰিছে। বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বি এইচ ইউ) পুনেস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অব ট্র'পিকেল মেটেঅ'ৰ'লজী (আই আই টি এম) আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) বিজ্ঞানীসকলে ইয়াৰ নতুন অধ্যয়নত তথ্য লাভ কৰিছে যে ভাৰতৰ অধিকাংশ অংশত সূৰ্যৰ ৰশ্মিৰ সময় ক্ৰমাৎ হ্রাস পাইছে। 


 যোৱা তিনিটা দশক ধৰি প্ৰতিকূল বতৰৰ বাবে আকাশ মেঘাচ্ছন্ন হৈ থকা আৰু বায়ু প্ৰদূষণে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ বাবে ভাৰতৰ অধিকাংশ অংশৰ পৰা সূৰ্যৰ ৰশ্মিৰ সময় ক্ৰমাৎ হ্রাস পাইছে বুলি অধ্যয়নটোত প্রকাশ পাইছে। 


চলিত মাহত প্রকৃতিৰ বিজ্ঞান-ভিত্তিক প্রতিবেদনখনত প্ৰকাশ হৈছে যে ১৯৮৮ চনৰ পৰা ২০১৮ চনৰ ভিতৰত দেশৰ নটা অঞ্চলৰ ২০টা বতৰ বিজ্ঞান ষ্টেছনৰ পৰা পোৱা তথ্যত উদ্ধাৰ হৈছে যে দেশত সূৰ্যৰ ৰশ্মিৰ সময় হ্রাস পাইছে। দেশৰ উত্তৰ-পূর্বাঞ্চলক বাদ দি প্ৰায়বোৰ অঞ্চলত সূৰ্যৰ ৰশ্মিৰ সময় ক্রমাৎ হ্রাস পাইছে। 


বি এইচ ইউৰ বিজ্ঞানী মনোজ শ্রীবাস্তৱে কয় যে গড় হিচাপত দেশৰ পশ্চিম উপকূলত সূৰ্যৰ ৰশ্মিৰ সময় প্রতি বছৰে ৮.৬ ঘণ্টাকৈ হ্রাস পাইছে, আনহাতে, উত্তৰ ভাৰতত প্ৰতি বছৰে ১৩.১ ঘণ্টাকৈ সূৰ্য ৰশ্মিৰ সময় হ্রাস পাইছে। দেশৰ পূব অঞ্চল আৰু দক্ষিণ অঞ্চলত গড় হিচাপত প্রতি বছৰে ক্ৰমে ৪.৯ আৰু ৩.১ ঘণ্টা সূৰ্যৰ ৰশ্মিৰ সময় হ্রাস পাইছে। অধ্যয়নটোত কোৱা হৈছে যে জুন আৰু ছেপ্টেম্বৰ মাহৰ সময়ত বাৰিষাৰ বতৰ হোৱাৰ বাবে সূৰ্যৰ ৰশ্মিৰ সময় স্বাভাৱিকতে হ্রাস পাই যদিও এতিয়া অক্টোবৰৰ পৰা মে' মাহৰ সময়তো সূৰ্যৰ ৰশ্মিৰ সময় হ্রাস পাইছে। 


বিজ্ঞানীসকলে আশংকা কৰিছে যে সূৰ্যৰ ৰশ্মিৰ সময় হ্রাস হোৱা বাবে দেশত ভয়ানক বায়ু প্রদূষণ হ'ব পাৰে। উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱা, বায় মাছৰ জ্বলাৰ বাবে আৰু যান-বাহনৰ পৰা নিৰ্গত হোৱা ইন্ধনৰ ধোঁৱাই সূৰ্যৰ ৰশ্মিৰ অবর্তমানত ভয়ানক বায়ু প্ৰদূষণৰ সৃষ্টি কৰিছে। চলিত বৰ্ষত দেশৰ অধিকাংশ অঞ্চলৰ আকাশত প্রায়ে সূৰ্যৰ ৰশ্মি নোহোৱাৰ ফলত অধিক বায়ু প্রদূষণৰ আশংকা কৰিছে বিজ্ঞানীসকলে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো