--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আকাশত 'সূর্য' দেৱতা অদৃশ্য হৈ থকাৰ বিষয়টোৰ ওপৰত শেহতীয়াভাৱে দেশৰ তিনিটা গবেষণা প্রতিষ্ঠানে এটা নতুন অধ্যয়ন কৰিছে।

ডিজিটেল ডেস্ক : ২০২৫ বর্ষত বহু দিন ধৰি অব্যাহত থকা বাৰিষাৰ তাণ্ডৱ আৰু প্ৰতিকূল বতৰৰ বাবে মেঘাচ্ছন্ন হৈ থকা আকাশত সূর্য 'সন্ধানহীন' হোৱাৰ দৃশ্য প্রায় প্রতিজন ভাৰতবাসীয়ে প্রত্যক্ষ কৰিছে। 


আকাশত 'সূর্য' দেৱতা অদৃশ্য হৈ থকাৰ বিষয়টোৰ ওপৰত শেহতীয়াভাৱে দেশৰ তিনিটা গবেষণা প্রতিষ্ঠানে এটা নতুন অধ্যয়ন কৰিছে। বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বি এইচ ইউ) পুনেস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অব ট্র'পিকেল মেটেঅ'ৰ'লজী (আই আই টি এম) আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) বিজ্ঞানীসকলে ইয়াৰ নতুন অধ্যয়নত তথ্য লাভ কৰিছে যে ভাৰতৰ অধিকাংশ অংশত সূৰ্যৰ ৰশ্মিৰ সময় ক্ৰমাৎ হ্রাস পাইছে। 


 যোৱা তিনিটা দশক ধৰি প্ৰতিকূল বতৰৰ বাবে আকাশ মেঘাচ্ছন্ন হৈ থকা আৰু বায়ু প্ৰদূষণে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ বাবে ভাৰতৰ অধিকাংশ অংশৰ পৰা সূৰ্যৰ ৰশ্মিৰ সময় ক্ৰমাৎ হ্রাস পাইছে বুলি অধ্যয়নটোত প্রকাশ পাইছে। 


চলিত মাহত প্রকৃতিৰ বিজ্ঞান-ভিত্তিক প্রতিবেদনখনত প্ৰকাশ হৈছে যে ১৯৮৮ চনৰ পৰা ২০১৮ চনৰ ভিতৰত দেশৰ নটা অঞ্চলৰ ২০টা বতৰ বিজ্ঞান ষ্টেছনৰ পৰা পোৱা তথ্যত উদ্ধাৰ হৈছে যে দেশত সূৰ্যৰ ৰশ্মিৰ সময় হ্রাস পাইছে। দেশৰ উত্তৰ-পূর্বাঞ্চলক বাদ দি প্ৰায়বোৰ অঞ্চলত সূৰ্যৰ ৰশ্মিৰ সময় ক্রমাৎ হ্রাস পাইছে। 


বি এইচ ইউৰ বিজ্ঞানী মনোজ শ্রীবাস্তৱে কয় যে গড় হিচাপত দেশৰ পশ্চিম উপকূলত সূৰ্যৰ ৰশ্মিৰ সময় প্রতি বছৰে ৮.৬ ঘণ্টাকৈ হ্রাস পাইছে, আনহাতে, উত্তৰ ভাৰতত প্ৰতি বছৰে ১৩.১ ঘণ্টাকৈ সূৰ্য ৰশ্মিৰ সময় হ্রাস পাইছে। দেশৰ পূব অঞ্চল আৰু দক্ষিণ অঞ্চলত গড় হিচাপত প্রতি বছৰে ক্ৰমে ৪.৯ আৰু ৩.১ ঘণ্টা সূৰ্যৰ ৰশ্মিৰ সময় হ্রাস পাইছে। অধ্যয়নটোত কোৱা হৈছে যে জুন আৰু ছেপ্টেম্বৰ মাহৰ সময়ত বাৰিষাৰ বতৰ হোৱাৰ বাবে সূৰ্যৰ ৰশ্মিৰ সময় স্বাভাৱিকতে হ্রাস পাই যদিও এতিয়া অক্টোবৰৰ পৰা মে' মাহৰ সময়তো সূৰ্যৰ ৰশ্মিৰ সময় হ্রাস পাইছে। 


বিজ্ঞানীসকলে আশংকা কৰিছে যে সূৰ্যৰ ৰশ্মিৰ সময় হ্রাস হোৱা বাবে দেশত ভয়ানক বায়ু প্রদূষণ হ'ব পাৰে। উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱা, বায় মাছৰ জ্বলাৰ বাবে আৰু যান-বাহনৰ পৰা নিৰ্গত হোৱা ইন্ধনৰ ধোঁৱাই সূৰ্যৰ ৰশ্মিৰ অবর্তমানত ভয়ানক বায়ু প্ৰদূষণৰ সৃষ্টি কৰিছে। চলিত বৰ্ষত দেশৰ অধিকাংশ অঞ্চলৰ আকাশত প্রায়ে সূৰ্যৰ ৰশ্মি নোহোৱাৰ ফলত অধিক বায়ু প্রদূষণৰ আশংকা কৰিছে বিজ্ঞানীসকলে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ