--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতে বিধ্বস্ত কৰাৰ তিনি মাহৰ পাছত বায়ু সেনাৰ ভাইচ চীফ অব দ্য এয়াৰ ষ্টাফে শনিবাৰে অপাৰেশ্যন সেন্দূৰৰ এটা নতুন ভিডিঅ' প্ৰচাৰ কৰি অভিযানটোৰ বিশদ তথ্য দাঙি ধৰে

ডিজিটেল ডেস্কঃ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদী ঘাটিসমূহ ভয়ংকৰ আক্রমণেৰে ভাৰতে বিধ্বস্ত কৰাৰ তিনি মাহৰ পাছত বায়ু সেনাৰ ভাইচ চীফ অব দ্য এয়াৰ ষ্টাফে শনিবাৰে অপাৰেশ্যন সেন্দূৰৰ এটা নতুন ভিডিঅ' প্ৰচাৰ কৰি অভিযানটোৰ বিশদ তথ্য দাঙি ধৰে।


এন ডি টিভি ডিফেন্স চামিট, ২০২৫ত ভাষণ দি এয়াৰ মাৰ্শ্বাল নৰ্মদেশ্বৰ তিৱাৰীয়ে কয় যে পাকিস্তানক যুদ্ধ বিৰতিৰ পৰ্যায়লৈ আনিবলৈ ভাৰতীয় বায়ু সেনাই কমেও ৫০টা অস্ত্র পাকিস্তানলৈ নিক্ষেপ কৰিছিল। এয়াৰ মাৰ্শ্বাল তিৱাৰীয়ে কয় যে এই অস্ত্ৰৰ দ্বাৰা বৃহৎসংখ্যক লক্ষ্যত আঘাত হনা হৈছিল আৰু ৯টাকৈ সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত কৰা হৈছিল।


৫০টাকৈ অস্ত্র নিক্ষেপ কৰাৰ পাছত পাকিস্তানে সেও মানি যুদ্ধ বিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছিল। তিৱাৰীয়ে কয় যে যুদ্ধ এখন কৰিবলৈ সহজ, কিন্তু যুদ্ধখন অন্ত পেলাবলৈ বৰ কঠিন। এই কথাই মনত ৰাখি আমাৰ দেশৰ সামৰিক বাহিনীক আমি সক্ৰিয় কৰি তেওঁলোকক নিয়োজিত কৰিছিলোঁ আৰু তেওঁলোক যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সাজু হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ