--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যদি এখন মটৰ গাড়ী এটা 'ৰাজহুৱা স্থান'ত ব্যৱহাৰ কৰা নহয় অথবা এখন 'ৰাজহুৱা ঠাই'ত ৰখা নহয় তেনেহ'লে ৰাজহুৱা আন্তঃগাঁথনিৰ পৰা উপকৃত হ'বলৈ নিবিচাৰে এজন ব্যক্তিয়ে।

ডিজিটেল ডেস্কঃ বাহনসমূহৰ পৰা আদায় কৰা কৰ ৰাজহুৱা স্থান আৰু আন্তঃগাঁথনিৰ বাবে ব্যৱহাৰ কৰিব লাগে। যদিহে এইবিলাক কামত এই কৰৰ ধন ব্যৱহাৰ নকৰে, তেনেহ'লে বাহনসমূহৰ বাবে কৰ ধাৰ্য কৰিব নালাগে। উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।


উচ্চতম ন্যায়ালয়ে কয় যে মটৰ গাড়ীৰ ওপৰত ধাৰ্য কৰা কৰ হৈছে ক্ষতিপূৰণ স্বৰূপ। এই কৰৰ ব্যৱহাৰৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্বন্ধ আছে। মটৰ গাড়ীৰ পৰা ৰাজহুৱা আন্তঃগাঁথনি যেনে পথ, ঘাইপথ আদি ব্যৱহাৰ কৰাৰ বাবে এই কৰ আদায় লোৱা হয়।


যদি এখন মটৰ গাড়ী এটা 'ৰাজহুৱা স্থান'ত ব্যৱহাৰ কৰা নহয় অথবা এখন 'ৰাজহুৱা ঠাই'ত ৰখা নহয় তেনেহ'লে ৰাজহুৱা আন্তঃগাঁথনিৰ পৰা উপকৃত হ'বলৈ নিবিচাৰে এজন ব্যক্তিয়ে। সেইবাবে সেই সময়ৰ বাবে তেওঁক মটৰ গাড়ীৰ বাবে কৰ বোজা ল'বলৈ দিয়াটো উচিত নহয়। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মনোজ মিশ্ৰ আৰু উজ্জ্বল ভূঞাৰে গঠিত বিচাৰপীঠ এখনে এইদৰে কয়।


অন্ধ্র প্রদেশত এটা ৰাজহুৱা স্থানত ৰখা বা ব্যৱহাৰ কৰাৰ বাবে প্রতিখন মটৰ গাড়ীৰ পৰা সময়ে সময়ে ৰাজ্য চৰকাৰখনে এটা কৰ আদায়ৰ ক্ষেত্ৰত থকা 'অন্ধ্র প্রদেশ মটৰ ভেহিকল টেক্সেশ্যন এক্ট'ৰ ব্যাখ্যা কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে এইদৰে আদেশ দিয়ে।


ৰাজ্যখনে এটা স্থিতি লৈছিল যে ৰাজহুৱা পথ প্ৰকৃততে ব্যৱহাৰ কৰা-নকৰাটো কৰ দেয়ৰ পৰা হাত সৰাৰ এটা যুক্তি হ'ব নোৱাৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে কয় যে ধাৰা ৩ৰ অধীনত কৰ আদায় কৰাৰ পৰিস্থিতি তেতিয়াহে উদ্ভৱ হ'ব, যেতিয়া ৰাজ্যখনৰ এটা ৰাজহুৱা পথত এখন বাহন ব্যৱহাৰ বা ৰখা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ সন্ধানহীন মৰাণৰ যুৱক
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়