--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে ১৩ ছেপ্টেম্বৰত বৈৰাবী-ছৈৰং ৰে'লপথ উন্মোচন কৰাৰ কাৰণে মিজোৰাম ভ্ৰমণ কৰিব। তেতিয়াই তেওঁ মিজোৰামৰ পৰা মণিপুৰ ভ্ৰমণ কৰিব পাৰে।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৩ ছেপ্টেম্বৰত মণিপুৰ ভ্ৰমণ কৰিব পাৰে। যদি মোদীয়ে ১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহে তেতিয়া তেওঁৰ ২০২৩ চনৰ পাছত এয়া হ'ব প্রথম মণিপুৰ ভ্ৰমণ।


উল্লেখযোগ্য যে প্রধানমন্ত্রীয়ে ১৩ ছেপ্টেম্বৰত বৈৰাবী-ছৈৰং ৰে'লপথ উন্মোচন কৰাৰ কাৰণে মিজোৰাম ভ্ৰমণ কৰিব। তেতিয়াই তেওঁ মিজোৰামৰ পৰা মণিপুৰ ভ্ৰমণ কৰিব পাৰে।


প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণৰ বিষয়ে চৰকাৰীভাৱে কোনো কথা প্রকাশ কৰা নাই, কিন্তু মিজোৰাম চৰকাৰৰ কেইবাজনো বিষয়াই প্রকাশ কৰা মতে, প্ৰধানমন্ত্ৰীয়ে আইজলৰ পৰা মণিপুৰলৈ যাব পাৰে বুলি তেওঁলোকে তথ্য লাভ কৰিছে। ইফালে, মণিপুৰৰ মুখ্য সচিব পুনীত কুমাৰ গোৱেলে মঙলবাৰে চৰকাৰী বিষয়াসকলৰ সৈতে ভি ভি আই পিৰ ভ্ৰমণৰ ব্যৱস্থাসমূহ পর্যালোচনা কৰে।


ভি ভি আই পিৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনৰ নৱনিৰ্মিত সচিবালয় আৰু সম্পূৰ্ণ হোৱা আন প্রকল্পসমূহ উদ্বোধন কৰাৰ সম্ভৱনা আছে। অৱশ্যে, ৰাজ্যখন ভ্রমণ কৰিবলগীয়া ভি ভি আই পিৰ নাম প্রকাশ কৰা হোৱা নাই। ইফালে, মণিপুৰ আৰক্ষীৰ সঞ্চালক প্রধানে ৭-১৪ ছেপ্টেম্বৰলৈ সকলো এছ পি/ চি অ'ৰ (এম আৰ/আই আৰ বি বেটেলিয়ন) ছুটী বাতিল কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ