--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে ১৩ ছেপ্টেম্বৰত বৈৰাবী-ছৈৰং ৰে'লপথ উন্মোচন কৰাৰ কাৰণে মিজোৰাম ভ্ৰমণ কৰিব। তেতিয়াই তেওঁ মিজোৰামৰ পৰা মণিপুৰ ভ্ৰমণ কৰিব পাৰে।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৩ ছেপ্টেম্বৰত মণিপুৰ ভ্ৰমণ কৰিব পাৰে। যদি মোদীয়ে ১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহে তেতিয়া তেওঁৰ ২০২৩ চনৰ পাছত এয়া হ'ব প্রথম মণিপুৰ ভ্ৰমণ।


উল্লেখযোগ্য যে প্রধানমন্ত্রীয়ে ১৩ ছেপ্টেম্বৰত বৈৰাবী-ছৈৰং ৰে'লপথ উন্মোচন কৰাৰ কাৰণে মিজোৰাম ভ্ৰমণ কৰিব। তেতিয়াই তেওঁ মিজোৰামৰ পৰা মণিপুৰ ভ্ৰমণ কৰিব পাৰে।


প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণৰ বিষয়ে চৰকাৰীভাৱে কোনো কথা প্রকাশ কৰা নাই, কিন্তু মিজোৰাম চৰকাৰৰ কেইবাজনো বিষয়াই প্রকাশ কৰা মতে, প্ৰধানমন্ত্ৰীয়ে আইজলৰ পৰা মণিপুৰলৈ যাব পাৰে বুলি তেওঁলোকে তথ্য লাভ কৰিছে। ইফালে, মণিপুৰৰ মুখ্য সচিব পুনীত কুমাৰ গোৱেলে মঙলবাৰে চৰকাৰী বিষয়াসকলৰ সৈতে ভি ভি আই পিৰ ভ্ৰমণৰ ব্যৱস্থাসমূহ পর্যালোচনা কৰে।


ভি ভি আই পিৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনৰ নৱনিৰ্মিত সচিবালয় আৰু সম্পূৰ্ণ হোৱা আন প্রকল্পসমূহ উদ্বোধন কৰাৰ সম্ভৱনা আছে। অৱশ্যে, ৰাজ্যখন ভ্রমণ কৰিবলগীয়া ভি ভি আই পিৰ নাম প্রকাশ কৰা হোৱা নাই। ইফালে, মণিপুৰ আৰক্ষীৰ সঞ্চালক প্রধানে ৭-১৪ ছেপ্টেম্বৰলৈ সকলো এছ পি/ চি অ'ৰ (এম আৰ/আই আৰ বি বেটেলিয়ন) ছুটী বাতিল কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত