--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰধানমন্ত্ৰীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে বিজেপিয়ে সমগ্র দেশতে সেৱা পষেক উদযাপন কৰিব।

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ ছেপ্টেম্বৰত ৭৫ বছৰত ভৰি দিব। প্ৰধানমন্ত্ৰীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে বিজেপিয়ে সমগ্র দেশতে সেৱা পষেক উদ্যাপন কৰিব।


১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনালৈকে বিজেপিয়ে সমগ্র দেশত এই পষেক পালন কৰিব। এই সময়ছোৱাত বিজেপিয়ে দেশত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। সেৱা পষেকত স্বচ্ছতা অভিযানৰ অধীনত চাফাই কাৰ্য কৰা হ'ব। আনহাতে 'মাৰ নামত এজোপা গছ' শ্ল'গানেৰে চলাবলগীয়া অভিযানৰ অধীনত গছ পুলি ৰোপণ কৰা হ'ব।


আনহাতে ৭৫খন জিলাত জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে 'নমো বন' স্থাপন কৰা হ'ব। ইয়াৰ লগতে দেশৰ ৭৫খন নগৰ-মহানগৰত নমো পার্ক স্থাপন কৰা, ৰক্তদান শিবিৰৰ আয়োজন কৰা আদি কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে প্রধানমন্ত্রী মোদীৰ সৈতে জড়িত গ্ৰন্থ বিতৰণ, প্ৰদৰ্শনীৰ আয়োজন তথা প্রধানমন্ত্রী মোদীক লৈ নিৰ্মাণ কৰা তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। আনহাতে স্থানীয় সামগ্ৰী ব্যৱহাৰৰ প্রতি সজাগতাৰ বাবে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ কাৰণে অভিযান চলোৱা হ'ব।


বিভিন্ন স্থানত স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হ'ব আৰু দিব্যাংগসকলৰ সহায়ৰ বাবে সঁজুলি বিতৰণ কৰা হ'ব। বিজেপিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে সাধাৰণ সম্পাদক সুনীল বানছাল নেতৃত্বত এখন কমিটী গঠন কৰা হৈছে। উল্লেখযোগ্য যে বিজেপিয়ে ২০১৪ চনৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন পালন বিভিন্ন কাৰ্যসূচীৰে পালন কৰি আহিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত