--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰধানমন্ত্ৰীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে বিজেপিয়ে সমগ্র দেশতে সেৱা পষেক উদযাপন কৰিব।

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ ছেপ্টেম্বৰত ৭৫ বছৰত ভৰি দিব। প্ৰধানমন্ত্ৰীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে বিজেপিয়ে সমগ্র দেশতে সেৱা পষেক উদ্যাপন কৰিব।


১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনালৈকে বিজেপিয়ে সমগ্র দেশত এই পষেক পালন কৰিব। এই সময়ছোৱাত বিজেপিয়ে দেশত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। সেৱা পষেকত স্বচ্ছতা অভিযানৰ অধীনত চাফাই কাৰ্য কৰা হ'ব। আনহাতে 'মাৰ নামত এজোপা গছ' শ্ল'গানেৰে চলাবলগীয়া অভিযানৰ অধীনত গছ পুলি ৰোপণ কৰা হ'ব।


আনহাতে ৭৫খন জিলাত জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে 'নমো বন' স্থাপন কৰা হ'ব। ইয়াৰ লগতে দেশৰ ৭৫খন নগৰ-মহানগৰত নমো পার্ক স্থাপন কৰা, ৰক্তদান শিবিৰৰ আয়োজন কৰা আদি কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে প্রধানমন্ত্রী মোদীৰ সৈতে জড়িত গ্ৰন্থ বিতৰণ, প্ৰদৰ্শনীৰ আয়োজন তথা প্রধানমন্ত্রী মোদীক লৈ নিৰ্মাণ কৰা তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। আনহাতে স্থানীয় সামগ্ৰী ব্যৱহাৰৰ প্রতি সজাগতাৰ বাবে স্বদেশী সামগ্ৰী ব্যৱহাৰৰ কাৰণে অভিযান চলোৱা হ'ব।


বিভিন্ন স্থানত স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হ'ব আৰু দিব্যাংগসকলৰ সহায়ৰ বাবে সঁজুলি বিতৰণ কৰা হ'ব। বিজেপিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে সাধাৰণ সম্পাদক সুনীল বানছাল নেতৃত্বত এখন কমিটী গঠন কৰা হৈছে। উল্লেখযোগ্য যে বিজেপিয়ে ২০১৪ চনৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন পালন বিভিন্ন কাৰ্যসূচীৰে পালন কৰি আহিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ