--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফে ঘোষণা কৰে যে ১৯৭২ চনত স্বাক্ষৰ কৰা ছিমলা চুক্তিখন হৈছে 'এখন অচল নথি-পত্র'। টেলিভিছনযোগে দিয়া এটা বিবৃতিত পাক প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ আহ্বানত কৰা নিয়ন্ত্ৰণ সীমা (এল অ' চি) হৈছে যুদ্ধ-বিৰতিৰ বাবে এটা সীমাহে।

ডিজিটেল ডেস্ক : কাশ্মীৰ সন্দৰ্ভত নিজৰ স্থিতি হঠাতে সলনি কৰি পাকিস্তানে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।


পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফে ঘোষণা কৰে যে ১৯৭২ চনত স্বাক্ষৰ কৰা ছিমলা চুক্তিখন হৈছে 'এখন অচল নথি-পত্র'। টেলিভিছনযোগে দিয়া এটা বিবৃতিত পাক প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ আহ্বানত কৰা নিয়ন্ত্ৰণ সীমা (এল অ' চি) হৈছে যুদ্ধ-বিৰতিৰ বাবে এটা সীমাহে। এই সীমাক স্বীকৃতিপ্রাপ্ত সীমান্ত হিচাপে গণ্য কৰিব পৰা নাযায় বুলি পাক প্ৰতিৰক্ষা মন্ত্ৰী আছিফে কয়। 


ভাৰতৰ সৈতে এই দ্বিপাক্ষিক চুক্তিৰ বিষয়ত পাকিস্তানৰ দীর্ঘদিনীয়া স্থিতিক লৈ দুয়ো দেশৰ মাজত উত্তেজনা বৃদ্ধি হৈ থকাৰ সময়তে প্ৰতিৰক্ষা

মন্ত্রীজনে এইদৰে মন্তব্য কৰে। খাৱাজা আছিফে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক সম্পর্কত যথেষ্ট ফাট মেলিছে। ছিমলা চুক্তি এতিয়া এখন অচল নথিত পৰিণত হৈছে। ১৯৪৮ চনলৈ ঘূৰি গ'লে দেখা যায় যে যুদ্ধ বিৰতিৰ বাবে যেতিয়া ৰাষ্ট্ৰসংঘই এল অ' চি নির্ধাৰণ কৰিছিল, তাৰপাছতেই যুদ্ধ-বিৰতিৰ প্রস্তাৱ লোৱা হৈছিল। দুয়োখন দেশৰ সীমা বিবাদ বহুপাক্ষিক বাৰ্তালাপেৰে আন্তঃৰাষ্ট্ৰীয়ভাবে সমাধান কৰিব লাগে বুলি পাক প্ৰতিৰক্ষা মন্ত্ৰীজনে মন্তব্য কৰে। 


পাক প্ৰতিৰক্ষা মন্ত্রীজনে আৰু এখোপ আগুৱাই গৈ কয় যে সিন্ধু জল চুক্তি স্থগিতকৰণ কৰা হৈছে নে নাই সেইটো বিষয় নহয়, কিন্তু ছিমলা চুক্তিখনৰ যে ম্যাদ উকলিছে সেইটো খাটাং। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবেই যে ইছলামাবাদে ছিমলা চুক্তিক অগ্রাহ্য কৰিছে, এইটো নহয়, ২০১৯ চনৰ আগষ্টত ভাৰতে। জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ ভংগ কৰাৰ

সময়তো পাকিস্তানে ছিমলা চুক্তিক স্থগিত কৰিছিল। তেতিয়াৰ পৰা কাশ্মীৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্মলৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে। কিন্তু ভাৰতে কাশ্মীৰ বিষয়টো অভ্যন্তৰীণ বুলি জোৰ দি আহিছে। প্রণিধানযোগ্য যে ১৯৭১ চনৰ পাক-ভাৰত যুদ্ধৰ পাছত ১৯৭২ চনত ছিমলা চুক্তি স্বাক্ষৰ কৰি দুয়ো দেশৰ মাজত দ্বিপাক্ষিক আলোচনাৰে বিবাদ সমাধান কৰিবলৈ প্রচেষ্টা চলোৱা হৈছিল। ভাৰতে কিন্তু চুক্তিখনৰ নীতি এতিয়ালৈকে পালন কৰি আহিছে। আনহাতে, খাৱাজা আছিফে পাকিস্তানৰ পাৰমাণৱিক স্থিতিৰ বিষয়ত ভাৰতক পুনৰ সতৰ্ক কৰি দিয়ে। 


প্ৰতিৰক্ষা মন্ত্ৰীজনে ভাৰতক ভাবুকি দি কয় যে যদি পাকিস্তানৰ অস্তিত্বৰ প্ৰতি কোনোবাই প্রত্যক্ষ ভাবুকিৰ সৃষ্টি কৰে, তেতিয়া পাকিস্তানে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব। তেওঁ কয় যে পাকিস্তানে ইতিমধ্যে ইয়াৰ উপসাগৰীয় মিত্রদেশসমূহ, চীন, ব্রিটেইন আৰু আমেৰিকাক এই বিষয়ত অৱগত কৰিছে। নাম নোলোৱাকৈ তেওঁ কয় যে কিছুমান আৰবিয়ান উপসাগৰীয় দেশে দুমুখীয়া স্থিতি লৈছে, চীনে দুয়োপক্ষক ক্ষান্ত হ'বলৈ কৈছে আৰু আমেৰিকাই হস্তক্ষেপ কৰাৰ পৰা বিৰত আছে বুলি আছিফে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক