--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফে ঘোষণা কৰে যে ১৯৭২ চনত স্বাক্ষৰ কৰা ছিমলা চুক্তিখন হৈছে 'এখন অচল নথি-পত্র'। টেলিভিছনযোগে দিয়া এটা বিবৃতিত পাক প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ আহ্বানত কৰা নিয়ন্ত্ৰণ সীমা (এল অ' চি) হৈছে যুদ্ধ-বিৰতিৰ বাবে এটা সীমাহে।

ডিজিটেল ডেস্ক : কাশ্মীৰ সন্দৰ্ভত নিজৰ স্থিতি হঠাতে সলনি কৰি পাকিস্তানে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।


পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফে ঘোষণা কৰে যে ১৯৭২ চনত স্বাক্ষৰ কৰা ছিমলা চুক্তিখন হৈছে 'এখন অচল নথি-পত্র'। টেলিভিছনযোগে দিয়া এটা বিবৃতিত পাক প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ আহ্বানত কৰা নিয়ন্ত্ৰণ সীমা (এল অ' চি) হৈছে যুদ্ধ-বিৰতিৰ বাবে এটা সীমাহে। এই সীমাক স্বীকৃতিপ্রাপ্ত সীমান্ত হিচাপে গণ্য কৰিব পৰা নাযায় বুলি পাক প্ৰতিৰক্ষা মন্ত্ৰী আছিফে কয়। 


ভাৰতৰ সৈতে এই দ্বিপাক্ষিক চুক্তিৰ বিষয়ত পাকিস্তানৰ দীর্ঘদিনীয়া স্থিতিক লৈ দুয়ো দেশৰ মাজত উত্তেজনা বৃদ্ধি হৈ থকাৰ সময়তে প্ৰতিৰক্ষা

মন্ত্রীজনে এইদৰে মন্তব্য কৰে। খাৱাজা আছিফে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক সম্পর্কত যথেষ্ট ফাট মেলিছে। ছিমলা চুক্তি এতিয়া এখন অচল নথিত পৰিণত হৈছে। ১৯৪৮ চনলৈ ঘূৰি গ'লে দেখা যায় যে যুদ্ধ বিৰতিৰ বাবে যেতিয়া ৰাষ্ট্ৰসংঘই এল অ' চি নির্ধাৰণ কৰিছিল, তাৰপাছতেই যুদ্ধ-বিৰতিৰ প্রস্তাৱ লোৱা হৈছিল। দুয়োখন দেশৰ সীমা বিবাদ বহুপাক্ষিক বাৰ্তালাপেৰে আন্তঃৰাষ্ট্ৰীয়ভাবে সমাধান কৰিব লাগে বুলি পাক প্ৰতিৰক্ষা মন্ত্ৰীজনে মন্তব্য কৰে। 


পাক প্ৰতিৰক্ষা মন্ত্রীজনে আৰু এখোপ আগুৱাই গৈ কয় যে সিন্ধু জল চুক্তি স্থগিতকৰণ কৰা হৈছে নে নাই সেইটো বিষয় নহয়, কিন্তু ছিমলা চুক্তিখনৰ যে ম্যাদ উকলিছে সেইটো খাটাং। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবেই যে ইছলামাবাদে ছিমলা চুক্তিক অগ্রাহ্য কৰিছে, এইটো নহয়, ২০১৯ চনৰ আগষ্টত ভাৰতে। জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ ভংগ কৰাৰ

সময়তো পাকিস্তানে ছিমলা চুক্তিক স্থগিত কৰিছিল। তেতিয়াৰ পৰা কাশ্মীৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্মলৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে। কিন্তু ভাৰতে কাশ্মীৰ বিষয়টো অভ্যন্তৰীণ বুলি জোৰ দি আহিছে। প্রণিধানযোগ্য যে ১৯৭১ চনৰ পাক-ভাৰত যুদ্ধৰ পাছত ১৯৭২ চনত ছিমলা চুক্তি স্বাক্ষৰ কৰি দুয়ো দেশৰ মাজত দ্বিপাক্ষিক আলোচনাৰে বিবাদ সমাধান কৰিবলৈ প্রচেষ্টা চলোৱা হৈছিল। ভাৰতে কিন্তু চুক্তিখনৰ নীতি এতিয়ালৈকে পালন কৰি আহিছে। আনহাতে, খাৱাজা আছিফে পাকিস্তানৰ পাৰমাণৱিক স্থিতিৰ বিষয়ত ভাৰতক পুনৰ সতৰ্ক কৰি দিয়ে। 


প্ৰতিৰক্ষা মন্ত্ৰীজনে ভাৰতক ভাবুকি দি কয় যে যদি পাকিস্তানৰ অস্তিত্বৰ প্ৰতি কোনোবাই প্রত্যক্ষ ভাবুকিৰ সৃষ্টি কৰে, তেতিয়া পাকিস্তানে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব। তেওঁ কয় যে পাকিস্তানে ইতিমধ্যে ইয়াৰ উপসাগৰীয় মিত্রদেশসমূহ, চীন, ব্রিটেইন আৰু আমেৰিকাক এই বিষয়ত অৱগত কৰিছে। নাম নোলোৱাকৈ তেওঁ কয় যে কিছুমান আৰবিয়ান উপসাগৰীয় দেশে দুমুখীয়া স্থিতি লৈছে, চীনে দুয়োপক্ষক ক্ষান্ত হ'বলৈ কৈছে আৰু আমেৰিকাই হস্তক্ষেপ কৰাৰ পৰা বিৰত আছে বুলি আছিফে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ