--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সমগ্ৰ উত্তৰ ভাৰত প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে। উত্তৰ ভাৰতৰ ৬খন ৰাজ্য ক্রমে ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, দিল্লী আৰু উত্তৰ প্ৰদেশৰ ১৮খন মহানগৰৰ তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছৰ অধিক হৈছে

ডিজিটেল ডেস্কঃ সমগ্ৰ উত্তৰ ভাৰত প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে। উত্তৰ ভাৰতৰ ৬খন ৰাজ্য ক্রমে ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, দিল্লী আৰু উত্তৰ প্ৰদেশৰ ১৮খন মহানগৰৰ তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছৰ অধিক হৈছে। দেশৰ ভিতৰত সৰ্বাধিক গৰম পৰিছে ৰাজস্থানৰ শ্ৰীগংগানগৰত। শ্রীগংগানগৰত কালি সর্বোচ্চ তাপমাত্রা ৪৭.৩ ডিগ্রী চেলছিয়াছ আছিল।


ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল, পঞ্জাব, হাৰিয়ানা, ৰাজস্থান, মধ্য প্রদেশ আৰু উত্তৰ প্ৰদেশৰ অধিকাংশ অঞ্চল প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিব বুলি সতৰ্ক কৰি দিয়ে।


এই ৰাজ্যকেইখনত অহা দুদিন প্রচণ্ড গৰমে জনসাধাৰণক জলা-কলা খুওৱাৰ আশংকা কৰা হৈছে। ৰাজধানী দিল্লীৰ অধিকাংশ অঞ্চলতে কালি সর্বোচ্চ তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছৰ কাষ চাপে। 


আই এম ডিয়ে প্রকাশ কৰা তথ্য মতে, দিল্লীৰ ৰিজ অঞ্চলত সর্বোচ্চ তাপমাত্রা ৪৪.৯ ডিগ্রী চেলছিয়াছ আছিল। ইয়াৰ উপৰি ছফদৰজঙত ৪৩.৪ ডিগ্রী, পালমত ৪৪.৩ ডিগ্রী চেলছিয়াছ, আয়া নগৰত ৪৫.৩ ডিগ্রী চেলছিয়াছ আছিল। আই এম ডিৰ মতে দিল্লীত বৃহস্পতিবাৰলৈকে সর্বোচ্চ তাপমাত্রা ৪৪-৪৫ ডিগ্রী চেলছিয়াছৰ ভিতৰত থাকিব। 


ৰাজস্থানত গ্রীষ্ম প্রৱাহে সর্বাধিক প্ৰভাৱিত কৰিছে জৈছলমেৰ, বাড়মেৰ, যোধপুৰ, পালীৰ দৰে পশ্চিমৰ জিলাসমূহক। 


আনহাতে হাৰিয়ানাৰ ছিৰছাত সোমবাৰে সর্বোচ্চ তাপমাত্রা ৪৬.৪ ৬.৪ ডিগ্রী চেলছিয়াছ আছিল। ৰাজ্যখনৰ ছয়খন জিলাত তাপমাত্রা ৪৪ ডিগ্রী চেলছিয়াছৰ অধিক হৈছে। উত্তৰ প্ৰদেশৰ ঝান্সীত সর্বাধিক গৰম পৰিছে। ঝান্সীত মঙলবাৰে বিয়লি ১ বজাত তাপমাত্রা আছিল ৪৪ ডিগ্রী চেলছিয়াছ। বাৰাণসীত তাপমাত্রা ৪৩.৮ ডিগ্রী হৈছে। কাশী বিশ্বনাথ মন্দিৰ দৰ্শনৰ বাবে অহা ভক্তসকলক অ' আৰ এছ দিয়াৰ ব্যৱস্থা কৰা হৈছে। পঞ্জাবো গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে। ৰাজ্যখনত তাপমাত্রা স্বাভাৱিক অৱস্থাতকৈ ৩.৮ ডিগ্রীতকৈ অধিক হৈছে। হিমাচল প্ৰদেশৰ চাৰিখন জিলাত গ্রীষ্ম প্ৰৱাহ চলি আছে আৰু সর্বোচ্চ তাপমাত্রা ৪০ ডিগ্রীতকৈ অধিক হৈছে। মধ্য প্রদেশৰ ভূপাল, ইন্দোৰ আৰু উজ্জয়িনীসহ কেইবাখনো জিলাত গ্ৰীষ্ম প্ৰৱাহৰ সতৰ্কতা জাৰি কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ