--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ফ্রান্সৰ ছাফৰান, ব্রিটেইনৰ ৰ'লছ ৰইছে আৰু আমেৰিকাৰ জেনেৰেল ইলেক্ট্রিকে এই ক্ষেত্রত আগ্রহ প্রকাশ কৰিছে বুলি মূর্তিয়ে কয়।

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰতিৰক্ষা মন্ত্র্যালয়ে যুঁজাৰু বিমানৰ ইঞ্জিন ক্ৰয়ৰ বাবে ৬৫,৪০০ কোটি টকা ব্যয় কৰিব।


প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ বিষয়াসকলে শুকুৰবাৰে এই তথ্য প্রকাশ কৰি কয় যে ২০৩৫ চনৰ ভিতৰত দেশত থলুৱাভাৱে এই যুঁজাৰু বিমানৰ ইঞ্জিনসমূহ নিৰ্মাণ কৰাৰ প্রচেষ্টা অব্যাহত আছে। যুঁজাৰু বিমানৰ (ফাইটাৰ জেট) এটা প্ৰকাৰৰ বাবে দেশক ১,১০০ ইঞ্জিনৰ আৱশ্যক হৈছে। এই ইঞ্জিনবোৰ নিৰ্মাণৰ বাবে বিভিন্ন স্তৰত প্ৰক্ৰিয়া চলি আছে। দেশৰ চৰকাৰে পৰিচালিত কৰা এটা প্ৰতিৰক্ষা লেবৰেটৰী, গেছ টার্বাইন ৰিছাৰ্চ সংস্থাৰ সঞ্চালক এছ ভি ৰামান্না মূর্তিয়ে এই তথ্য প্রকাশ কৰে। দেশৰ দশক পুৰণি প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ হিচাপে থলুৱাভাৱে নির্মিত কাবেৰী ইঞ্জিনৰ সৈতে যুঁজাৰু বিমান তেজসৰ কাৰিকৰী খুঁতৰ বাবে এতিয়াও সফল উৰণ কৰিব পৰা নাই। 


নতুন দিল্লীৰ এটা অনুষ্ঠানত মূর্তিয়ে কয় যে থলুৱা ফাইটাৰ ইঞ্জিনৰ বাবে এটা ইক'ছিষ্টেম সৃষ্টি কৰিবলৈ ভাৰতে এটা অভিযান চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মুর্তিয়ে কয় যে সু-উচ্চতাত পৰীক্ষণৰ সুবিধাসহ ভাৰতক ফাইটাৰ জেটৰ বাবে বহুতো আন্তঃগাঁথনিৰ এতিয়াও প্রায়োজন আছে। এটা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে ভাৰতৰ পঞ্চম জেনেৰেশ্যনৰ যুঁজাৰু বিমান নিৰ্মাণৰ বাবে প্রচেষ্টা অব্যাহত আছে বুলি মূর্তিয়ে কয়। 


ফ্রান্সৰ ছাফৰান, ব্রিটেইনৰ ৰ'লছ ৰইছে আৰু আমেৰিকাৰ জেনেৰেল ইলেক্ট্রিকে এই ক্ষেত্রত আগ্রহ প্রকাশ কৰিছে বুলি মূর্তিয়ে কয়। ২০২৮ চনত শেহতীয়া প্ৰযুক্তিৰ এখন যুঁজাৰু বিমান প্রতিৰক্ষা বাহিনীক উপহাৰ দিয়া হ'ব বুলি মূর্তিয়ে কয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ