--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ফ্রান্সৰ ছাফৰান, ব্রিটেইনৰ ৰ'লছ ৰইছে আৰু আমেৰিকাৰ জেনেৰেল ইলেক্ট্রিকে এই ক্ষেত্রত আগ্রহ প্রকাশ কৰিছে বুলি মূর্তিয়ে কয়।

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰতিৰক্ষা মন্ত্র্যালয়ে যুঁজাৰু বিমানৰ ইঞ্জিন ক্ৰয়ৰ বাবে ৬৫,৪০০ কোটি টকা ব্যয় কৰিব।


প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ বিষয়াসকলে শুকুৰবাৰে এই তথ্য প্রকাশ কৰি কয় যে ২০৩৫ চনৰ ভিতৰত দেশত থলুৱাভাৱে এই যুঁজাৰু বিমানৰ ইঞ্জিনসমূহ নিৰ্মাণ কৰাৰ প্রচেষ্টা অব্যাহত আছে। যুঁজাৰু বিমানৰ (ফাইটাৰ জেট) এটা প্ৰকাৰৰ বাবে দেশক ১,১০০ ইঞ্জিনৰ আৱশ্যক হৈছে। এই ইঞ্জিনবোৰ নিৰ্মাণৰ বাবে বিভিন্ন স্তৰত প্ৰক্ৰিয়া চলি আছে। দেশৰ চৰকাৰে পৰিচালিত কৰা এটা প্ৰতিৰক্ষা লেবৰেটৰী, গেছ টার্বাইন ৰিছাৰ্চ সংস্থাৰ সঞ্চালক এছ ভি ৰামান্না মূর্তিয়ে এই তথ্য প্রকাশ কৰে। দেশৰ দশক পুৰণি প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ হিচাপে থলুৱাভাৱে নির্মিত কাবেৰী ইঞ্জিনৰ সৈতে যুঁজাৰু বিমান তেজসৰ কাৰিকৰী খুঁতৰ বাবে এতিয়াও সফল উৰণ কৰিব পৰা নাই। 


নতুন দিল্লীৰ এটা অনুষ্ঠানত মূর্তিয়ে কয় যে থলুৱা ফাইটাৰ ইঞ্জিনৰ বাবে এটা ইক'ছিষ্টেম সৃষ্টি কৰিবলৈ ভাৰতে এটা অভিযান চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মুর্তিয়ে কয় যে সু-উচ্চতাত পৰীক্ষণৰ সুবিধাসহ ভাৰতক ফাইটাৰ জেটৰ বাবে বহুতো আন্তঃগাঁথনিৰ এতিয়াও প্রায়োজন আছে। এটা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে ভাৰতৰ পঞ্চম জেনেৰেশ্যনৰ যুঁজাৰু বিমান নিৰ্মাণৰ বাবে প্রচেষ্টা অব্যাহত আছে বুলি মূর্তিয়ে কয়। 


ফ্রান্সৰ ছাফৰান, ব্রিটেইনৰ ৰ'লছ ৰইছে আৰু আমেৰিকাৰ জেনেৰেল ইলেক্ট্রিকে এই ক্ষেত্রত আগ্রহ প্রকাশ কৰিছে বুলি মূর্তিয়ে কয়। ২০২৮ চনত শেহতীয়া প্ৰযুক্তিৰ এখন যুঁজাৰু বিমান প্রতিৰক্ষা বাহিনীক উপহাৰ দিয়া হ'ব বুলি মূর্তিয়ে কয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ৰ উদ্বেগজনক তথ্য: দেশত দৈনিক ৫০০টা শিশুৰ বিৰুদ্ধে অপৰাধ
কলকাতাত ভোগালী উৎসৱ আৰু শিল্পী দিৱস উদযাপন;  বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ন
জলজীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰিও নাপালে প্ৰাপ্য ধন, ৰাজ্যত ১৪ হাজাৰ ঠিকাদাৰৰ হাহাকাৰ
জানুৱাৰী মাহৰ শেষৰ ফালে নক্ষত্ৰৰ পৰিবৰ্তন হ’ব, যাৰ ফলত এই ৭ ৰাশিৰ বাবে আহিব সমৃদ্ধি
পুনৰ জাগ্ৰত বিষ্ণোই গেং ! ১০ কোটি টকাৰ দাবী,নহ'লে বিপদত বি প্ৰাক
বিশ্ব কাপ চাবলৈ ৫০ কোটিৰ আৱেদন, ফিফাৰ সৰ্বশ্রেষ্ঠ প্রতিযোগিতাক লৈ ফুটবলপ্ৰেমীৰ অভূতপূর্ব উৎসাহ
মকৰ সংক্ৰান্তিৰ দিনা গঠন হ’ব বুধাদিত্য ৰাজযোগ! এই ৩টা ৰাশিৰ বাবে শুভ দিনৰ সূচনা কৰিব
৬.৬% বিকাশেৰে ২০২৬ত বিশ্বৰ দ্রুত অৰ্থনীতিৰ দেশ হ'ব ভাৰত, ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰতিবেদনৰ তথ্য
উত্তৰ পূৱৰ প্ৰথমটো উপগ্ৰহ লাচিত-১ৰ মহাকাশ যাত্ৰা; উৎক্ষেপণত বিজুতি
গুৱাহাটীৰ নাৰেংগীত ভয়ংকৰ ঘটনা; ড্ৰাগছ আসক্ত ব্লেডমেনৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক
ফেচবুকত হিন্দুবিৰোধী মন্তব্য দি আটক শোণিতপুৰৰ গুদামঘাটৰ দুই যুৱক
কণ্ঠশিল্পী মানস ৰবীনলৈ 'গণ শিল্পী ৰাজীৱ শদিয়া সোঁ‌ৱৰণী বঁ‌টা' ; ৰসবাৰী পৰ্যটন মেলাৰ উদযাপন সমিতিয়ে প্ৰদান কৰে এই বঁটা
জৈৱিক অস্ত্ৰ : মাইক্ৰ'ছফটৰ সহঃ প্ৰতিষ্ঠাপক বিল গেটছৰ বাৰ্ষিক প্রতিবেদনত আশংকা, জৈৱ সন্ত্রাসবাদে বিশ্বত নমাব নতুন সংকট
আজি ভোগালী বিহুৰ উৰুকা, ভোগৰ সামগ্ৰীৰে উভৈনদী বজাৰ