--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই নতুন মিঠাইবিধ হ'ব দেশৰ সবাতোকৈ দামী মিঠাই। জয়পুৰৰ 'স্বর্ণ প্ৰসাদম' নামৰ এই মিঠাই বিধৰ দাম হ'ব প্রতি কিল'গ্রামত ১
  • ১১ লাখ টকা।

ডিজিটেল ডেস্কঃ দীপাৱলী উৎসৱৰ বতৰত ৰাজস্থানৰ জয়পুৰৰ নাম বাতৰিৰ শিৰোনামলৈ আহিছে। চহৰখনত দীপাৱলীৰ বাবে এবিধ নতুন মিঠাই প্ৰস্তুত কৰা হৈছে। 


লক্ষণীয় বিষয়টো হ'ল এই নতুন মিঠাইবিধ হ'ব দেশৰ সবাতোকৈ দামী মিঠাই। জয়পুৰৰ 'স্বর্ণ প্ৰসাদম' নামৰ এই মিঠাই বিধৰ দাম হ'ব প্রতি কিল'গ্রামত ১.১১ লাখ টকা। এই মিঠা সোৱাদৰ আক্ষৰিক অর্থ হৈছে 'এটা ভক্তিমূলক খাদ্য সামগ্রী, যাক ভক্ষণীয় হিচাপে ব্যৱহাৰ কৰা ২৪ কেৰেট বিশুদ্ধ সোণেৰে প্ৰস্তুত কৰা হৈছে। নিউজ এজেঞ্চি পি টি আয়ে প্রকাশ কৰা মতে, স্বাস্থ্যৰ বাবে উপকাৰী হিচাপে এই মিঠাইবিধ প্রস্তুত কৰা হৈছে। 


মিঠাইটোৰ ছবিবোৰত দেখা গৈছে যে এই সর্বোত্তম শ্ৰেণীৰ মিঠাইবিধ প্লাষ্টিকৰ কাপত বিশুদ্ধ সোণেৰে উজ্জ্বল কৰি ৰূপৰ আৱৰণেৰে মেৰিয়াই দিয়া হৈছে আৰু মিঠাইবিধত ড্রাই ফ্রুইচ্ছ আৰু পাইন বাদাম পৰিৱেশন কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত