--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজীৰ তথ্য সম্বলিত এটি কক্ষ আজি মুকলি কৰি শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনায়।

ডিজিটেল ডেস্কঃ উজনিৰ অগ্ৰণী শিক্ষানুষ্ঠান ডিগবৈ আৰ ডি ইংলিছ একাডেমী স্কুলৰ ডিগবৈ ৰদালী পথ স্থিত বিদ্যালয় প্ৰাঙ্গণত বাৰ্ষিক প্ৰদৰ্শনী অনুষ্ঠিত হয়। 


বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজীৰ তথ্য সম্বলিত এটি কক্ষ আজি মুকলি কৰি শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনায়। কক্ষটোত জুবিন গাৰ্গৰ বহুকেইটা জনপ্ৰিয় গীতকেইবাখনো গামোচাত লিপিবদ্ধ কৰি সজোৱাৰ লগতে শিল্পী জনৰ কবিতা, জনপ্ৰিয় সংলাপ, আৰু জীৱনৰ বিভিন্ন তথ্য সুন্দৰকৈ লিপিবদ্ধ কৰি সজাই তুলিছে কক্ষটো। 


শিল্পীজনৰ বিভিন্ন চিত্ৰও আকৰ্ষনীয়ভাৱে সজাই তুলিছে। কক্ষটো মুকলি কৰাৰ সময়তে জুবিন গাৰ্গৰ জনপ্ৰিয় দুটি গীত পৰিৱেশন কৰে ছাত্ৰ ছাত্ৰী সকলে। আজি এই বিশেষ কক্ষটো মুকলি কৰাৰ লগতে বিদ্যালয়খনৰ বাৰ্ষিক প্ৰদৰ্শনীদ্বাৰ আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ দিপক গোস্বামীয়ে। 


বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি দেয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ দিলীপ ভট্টাচাৰ্য ,বিশিষ্ট কবি নিৰূপমা গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আজমা বেগম বৰা, সমাজসেৱক আবু হুছেইন, কিশোৰ কলিতা, সুশান্ত দত্ত, ঝৰ্ণা দত্ত, সুতাপা ভট্টাচাৰ্য সহ বহু গণ্যমাণ্য ব্যক্তি, অভিভাৱক উপস্থিত থাকে। কলা, সংস্কৃতি, বিজ্ঞান শীৰ্ষক বিষয়ৰ লগতে পেলনীয়া সামগ্ৰীৰে ছাত্ৰ ছাত্ৰী সকলে নিজ হাতে প্ৰস্তুত কৰা আৰ্হি প্ৰদৰ্শন কৰি উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। 


প্ৰদৰ্শনস্থলীত আৰ ডি চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সঞ্চালিকা চিমি ধানোৱাৰ উপস্থিত থাকি প্ৰতি বছৰে আয়োজন কৰা বাৰ্ষিক প্ৰদৰ্শনীত ছাত্ৰ ছাত্ৰী সকলে উৎকৃষ্ট মানৰ আৰ্হি প্ৰস্তুত কৰি প্ৰৰ্দশন কৰি আহিছে বুলি সদৰী কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা