--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজীৰ তথ্য সম্বলিত এটি কক্ষ আজি মুকলি কৰি শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনায়।

ডিজিটেল ডেস্কঃ উজনিৰ অগ্ৰণী শিক্ষানুষ্ঠান ডিগবৈ আৰ ডি ইংলিছ একাডেমী স্কুলৰ ডিগবৈ ৰদালী পথ স্থিত বিদ্যালয় প্ৰাঙ্গণত বাৰ্ষিক প্ৰদৰ্শনী অনুষ্ঠিত হয়। 


বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজীৰ তথ্য সম্বলিত এটি কক্ষ আজি মুকলি কৰি শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনায়। কক্ষটোত জুবিন গাৰ্গৰ বহুকেইটা জনপ্ৰিয় গীতকেইবাখনো গামোচাত লিপিবদ্ধ কৰি সজোৱাৰ লগতে শিল্পী জনৰ কবিতা, জনপ্ৰিয় সংলাপ, আৰু জীৱনৰ বিভিন্ন তথ্য সুন্দৰকৈ লিপিবদ্ধ কৰি সজাই তুলিছে কক্ষটো। 


শিল্পীজনৰ বিভিন্ন চিত্ৰও আকৰ্ষনীয়ভাৱে সজাই তুলিছে। কক্ষটো মুকলি কৰাৰ সময়তে জুবিন গাৰ্গৰ জনপ্ৰিয় দুটি গীত পৰিৱেশন কৰে ছাত্ৰ ছাত্ৰী সকলে। আজি এই বিশেষ কক্ষটো মুকলি কৰাৰ লগতে বিদ্যালয়খনৰ বাৰ্ষিক প্ৰদৰ্শনীদ্বাৰ আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ দিপক গোস্বামীয়ে। 


বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি দেয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ দিলীপ ভট্টাচাৰ্য ,বিশিষ্ট কবি নিৰূপমা গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আজমা বেগম বৰা, সমাজসেৱক আবু হুছেইন, কিশোৰ কলিতা, সুশান্ত দত্ত, ঝৰ্ণা দত্ত, সুতাপা ভট্টাচাৰ্য সহ বহু গণ্যমাণ্য ব্যক্তি, অভিভাৱক উপস্থিত থাকে। কলা, সংস্কৃতি, বিজ্ঞান শীৰ্ষক বিষয়ৰ লগতে পেলনীয়া সামগ্ৰীৰে ছাত্ৰ ছাত্ৰী সকলে নিজ হাতে প্ৰস্তুত কৰা আৰ্হি প্ৰদৰ্শন কৰি উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। 


প্ৰদৰ্শনস্থলীত আৰ ডি চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সঞ্চালিকা চিমি ধানোৱাৰ উপস্থিত থাকি প্ৰতি বছৰে আয়োজন কৰা বাৰ্ষিক প্ৰদৰ্শনীত ছাত্ৰ ছাত্ৰী সকলে উৎকৃষ্ট মানৰ আৰ্হি প্ৰস্তুত কৰি প্ৰৰ্দশন কৰি আহিছে বুলি সদৰী কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত