--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিল্পী গৰাকীয়ে মাজুলীত এটা চিনেমা হল নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰাৰ পাছতে মাজুলীৰ বিভিন্নজনে নিজৰ মাটি চিনেমা হল বনাবলৈ দান দিবলৈয়ো আগবাঢ়িছিল।

ডিজিটেল ডেস্ক : 'মন্ত্ৰী, এম এল এবোৰ ভোটৰ সময়ত ঠিকেই আহে, আচল কামবোৰতো নকৰে। আপোনালোকে বিমল বৰাক ধৰক, কালচাৰেল মিনিষ্টাৰ নামটোহে, কালচাৰেল কিবা কৰে জানো? মোক এবিঘা মাটি দিয়ক, মাজুলীত মই চিনেমা হল বনাই দিম। গভর্ণমেন্টে বনাব নোৱাৰিলেও মই বনাই দিম, একো ডাঙৰ কথা নহয়।'


চলিত বৰ্ষৰ ৫ মে'ত মাজুলীৰ নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বহাগী উৎসৱৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশনৰ মাজতে সেই সময়ৰ 'ভাইমনদা' শীর্ষক চলচ্চিত্ৰৰ প্ৰচাৰমূলক এক আছুতীয়া চমু অনুষ্ঠানত এইদৰে মন্তব্য কৰিছিল প্ৰাণৰ শিল্পী জুবিন গার্গে। 


শিল্পী গৰাকীয়ে মাজুলীত এটা চিনেমা হল নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰাৰ পাছতে মাজুলীৰ বিভিন্নজনে নিজৰ মাটি চিনেমা হল বনাবলৈ দান দিবলৈয়ো আগবাঢ়িছিল। কিন্তু সেই সপোন পূৰ হোৱাৰ আগেয়েই অনাকাংক্ষিতভাৱে শিল্পী গৰাকীয়ে আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিলে। 


ইফালে কালি শিল্পী গৰাকীৰ ইচ্ছা অনুসৰি শিল্পী গৰাকীৰ বহু হেঁপাহৰ অন্তিমখন চিনেমা 'ৰৈ ৰৈ বিনালে' মুক্তি লাভ কৰাৰ দিনাই ৰাজ্যবাসীয়ে শিল্পী গৰাকীৰ অন্তিম খন চিনেমা চাবলৈ চিনেমা হলত পুৱতি নিশাৰ পৰা ভিৰ কৰিছে যদিও মাজুলীবাসীয়ে এটা চিনেমা হলৰ অভাৱত কালি প্ৰাণৰ শিল্পী গৰাকীৰ বহু প্রতীক্ষিত চিনেমা খন চোৱাৰ পৰা বঞ্চিত হ'ব লগীয়া হয়। 


ইফালে এই সন্দর্ভত আজি মাজুলীবাসীয়ে এটা চিনেমা হলৰ অভাৱ অনুভৱ কৰি মাজুলীৰ লগতে অসমৰ কোনো উদ্যোগী লোকক মাজুলীত চিনেমা হল খুলিবলৈ আগবাঢ়ি আহিবলৈ মুকলি আহ্বান জনাইছে। ইফালে মাজুলীৰ স্থানীয় বহুকেইগৰাকী যুৱ ব্যৱসায়ীয়েও কালি নিজেও এটা চিনেমা হলৰ অভাৱ অনুভৱ কৰি নিজাববীয়াকৈ সৰু হলেও এটা চিনেমা হল স্থাপন কৰাৰ ইচ্ছাৰ কথা কালি প্রকাশ কৰে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা