--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • 'নৱেম্বৰ মাহতে কনিষ্টবলৰ পদসমূহত নিযুক্তি দিয়া হ'ব। এই নিযুক্তি-পত্ৰ বিতৰণৰ পিছদিনাই নতুনকৈ চাৰি হাজাৰ আৰক্ষীৰ পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব।

ডিজিটেল ডেস্ক : নৱেম্বৰ আৰু ডিচেম্বৰৰ প্ৰথম ভাগত সকলো বিভাগৰে নিযুক্তি প্রক্রিয়া সমাপ্ত কৰা হ'ব। বিশেষকৈ অহা ৯ নৱেম্বৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিযুক্তি-পত্র দিয়া হ'ব।


কালি ফে'চবুক লাইভযোগে এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুক্তিৰ প্ৰসংগ উল্লেখ কৰি কয়, 'নৱেম্বৰ মাহতে কনিষ্টবলৰ পদসমূহত নিযুক্তি দিয়া হ'ব। এই নিযুক্তি-পত্ৰ বিতৰণৰ পিছদিনাই নতুনকৈ চাৰি হাজাৰ আৰক্ষীৰ পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। 


একেদৰে এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলক নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ প্ৰথম ভাগত নিযুক্তি দিয়া হ'ব। আনহাতে, প'ষ্ট গ্রেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তিৰ দিনো সোনকালে ঘোষণা কৰা হ'ব বুলি জনাই তেওঁ লগতে কয় যে স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে হ'ব। অৱশ্যে চাহ বাগিচাৰ যুৱক-যুৱতীসকলক পাছত একেলগে নিযুক্তি-পত্র দিয়া হ'ব। 


উল্লেখযোগ্য যে অহা ১৫ নৱেম্বৰত বৃন্দাবনী বস্ত্ৰখন অসমলৈ অনাৰ বাবে লণ্ডনলৈ যাব মুখ্যমন্ত্রী ড° শর্মা। এই সন্দর্ভত তেওঁ কয়, 'লণ্ডনৰ মিউজিয়ামত সংৰক্ষণ হৈ থকা বস্ত্রখন অসমলৈ অনাৰ বাবে মিউজিয়াম কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন চুক্তি স্বাক্ষৰ হ'ব। ইয়াৰ পাছত বস্ত্রখন ছমাহৰ বাবে অসমলৈ আনিব পাৰিম। বস্ত্ৰখন কেনেকৈ অসমলৈ আনিব পাৰিম, কেনেকৈ ৰাখিব লাগিব, সেই সন্দৰ্ভত মিউজিয়াম কর্তৃপক্ষৰ সৈতে আলোচনা কৰিম। ১৬ আৰু ১৭ নৱেম্বৰত মই লণ্ডনত থাকিম। ১৮ নৱেম্বৰত অসমলৈ ঘূৰি আহিম। অসমৰ ঐতিহ্য উত্থানৰ বাবে প্রচেষ্টা চলাই আছোঁ আৰু চলাই যাম।' ইফালে অহা দহ ডিচেম্বৰত অসম চৰকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক উদ্বোধন কৰা হ'ব বুলি জনাই তেওঁ লগতে ৯ ডিচেম্বৰত সকলোকে একোগছি চাকি জ্বলাই শ্বহীদসকলক সোঁৱৰণ কৰিবলৈ আহ্বান জনায়। লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত নিৰ্মাণ কৰি থকা নতুন টার্মিনেলটোৰ সৈতে লোকপ্রিয় গোপীনাথ বৰদলৈৰ এটা সুবিশাল প্রতিমূর্তিও থাকিব বুলি জনাই মুখ্যমন্ত্রীয়ে কয় যে এই প্রকল্প মুকলি কৰিবলৈ প্রধানমন্ত্রী আহিব। এই ভ্রমণ কালতে প্রধানমন্ত্রীয়ে নামৰূপত নতুন সাৰ কাৰখানাটোৰো শিলান্যাস কৰিব। 


উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা দহ নৱেম্বৰৰ পৰা সাধাৰণ ৰাইজক সুলভ মূল্যত এক কিল'গ্রাম চেনি, এক কিল'গ্রাম দাইল আৰু এক কিল'গ্রাম নিমখ দিয়া হ'ব বুলি জনাই কয়, 'সম্প্রতি এই তিনিবিধ সামগ্রী ১১৭ টকাত দিম, কিন্তু জানুৱাৰীৰ পৰা এশ টকাত দিম। অৰুণোদয়ৰ ধনকে ধৰি এই সকলোবোৰ লগালে মাহেকত দুই হাজাৰ টকাকৈ ৰাইজে সকাহ পাব।' বহুতো মুছলমান মহিলাই অৰুণোদয় নালাগে বুলি কৈছে কিন্তু তেওঁলোকে আঁচনিখন ত্যাগ কৰা নাই বুলিও কয় মুখ্যমন্ত্রীয়ে। 


মন কৰিবলগীয়া যে ফে'চবুক লাইভত জুবিনৰ ন্যায় বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দহ ডিচেম্বৰৰ ভিতৰত এছ আই টিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰিব। সাহসী অভিযোগনামা দাখিল কৰিব। হত্যাৰ যি ধাৰা সন্নিৱিষ্ট কৰা হৈছে সেইমতেই অভিযোগনামা দাখিল হ'ব। ছ'চিয়েল মিডিয়াত চিঞৰি থকাসকলে, দপদপাই থকাসকলে ন্যায়িক আয়োগৰ ওচৰত শপতনামাযোগে ক'বলগীয়াখিনি নকয় কিয়? আনহাতে, উক্ত লোকসকলে অসমতো নেপালৰ দৰে পৰিস্থিতি সৃষ্টি কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছিল বুলি জনাই মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- 'মই মুখ্যমন্ত্রী হৈ থকালৈকে কোনেও অসমক নেপাল কৰিব নোৱাৰে, অসম অসম হৈয়ে থাকিব।' ফে'চবুক লাইভত মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ প্ৰসংগত কয়- অসমত উচ্ছেদ বন্ধ নহয়। অহা ন আৰু দহ নৱেম্বৰত গোৱালপাৰা জিলাৰ দহিকতা বনাঞ্চলত উচ্ছেদ চলাই এক হাজাৰ ভূমি উদ্ধাৰ কৰা হ'ব। ইফালে ৯ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব লগীয়া এয়াৰ শ্ব'লৈ তেওঁ সকলোকে আমন্ত্রণ জনায়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু