--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যুগে যুগে দুয়োটা সমষ্টিৰ প্রায় ২৫-৩০খন সৰু-বৰ গাঁৱৰ অর্ধলক্ষাধিক লোকৰ যাতায়াতৰ বাবে হেঙাৰ হৈ থিয় দিছে জলজলী নদীখনে।

ডিজিটেল ডেস্ক : কামৰূপ জিলাৰ পূৰ্বৰ বকো সমষ্টি তথা বৰ্তমানৰ বকো-ছয়গাঁও আৰু ছমৰীয়া সমষ্টি দুটাক সংযোগ কৰা নগৰবেৰাৰ দোকুছি-পাহাৰপাৰাক সংযোগ কৰি জলজলী নদীৰ ওপৰত নিৰ্মাণ কৰা কোটিটকীয়া কাঠৰ দলংখন মেৰামতিৰ অভাৱতে খহি পৰিল। 


যুগে যুগে দুয়োটা সমষ্টিৰ প্রায় ২৫-৩০খন সৰু-বৰ গাঁৱৰ অর্ধলক্ষাধিক লোকৰ যাতায়াতৰ বাবে হেঙাৰ হৈ থিয় দিছে জলজলী নদীখনে। অতিকৈ ব্যস্ততাপূর্ণ হোৱাৰ উপৰি ঐতিহ্যপূৰ্ণ ঠাই নগৰবেৰাৰ সৈতে সুচল পথ যাতায়াতৰ বাবে প্রায় ত্ৰিছখন গাঁৱৰ সৰ্বস্তৰৰ লোকসকলে স্বৰাজোত্তৰ কালৰপৰাই যন্ত্রণা ভুগি আহিছে যদিও কোনো এখন চৰকাৰেই নগৰবেৰাৰ দোকুছি-পাহাৰপাৰাক সংযোগ কৰি এখন দলং নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল। যাৰ বাবে যুগ যুগ ধৰি বৃহত্তৰ অঞ্চলটোৰ লোকসকলে টুলুঙা নাৱেৰে অসুৰক্ষিত আৰু বিপজ্জনকভাৱে পাৰাপাৰ হৈ আহিছে। 


বিশেষকৈ সমগ্র অঞ্চলটোৰ ব্যৱসায়-বাণিজ্য, শিক্ষানুষ্ঠানৰ লগতে অন্যান্য চৰকাৰী কাৰ্যালয়সমূহলৈ দৈনিক কাম-কাজৰ বাবে নগৰবেৰালৈ অহা শশ লোকে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে। অর্ধলক্ষাধিক লোকৰ এনে যন্ত্রণাকাতৰ পথ যাতায়াতৰ অন্ত পেলাই চৰকাৰৰ ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতিত অতিষ্ঠ হৈ বৃহত্তৰ নগৰবেৰা অঞ্চলৰ শতাধিক সমাজ সচেতন ব্যক্তিয়ে ৰাইজৰ সুবিধার্থে দোকুছি-পাহাৰপাৰাক সংযোগ কৰি চাৰি-পাঁচ বছৰ পূৰ্বে এখন বৃহৎ কাঠৰ দলং নিৰ্মাণ কৰে। 


অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পাৰঘাটৰ স্থানত নিৰ্মাণ কৰা দলংখনেৰে ৰাইজে প্রায় দুবছৰ কাল সুকলে নিৰাপদে পাৰাপাৰ হৈ যাতায়াত কৰি থকাৰ সময়তে একাংশ স্বার্থান্বেষী বিষয়া-কৰ্মচাৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি দলংখন বন্ধ কৰি দি পুনৰ নাও চলাচলৰ নিৰ্দেশ দিয়ে। হাজাৰ হাজাৰ লোকৰ দুৰ্ঘোৰ বিৰোধিতা, প্ৰতিবাদৰ পাছতো এটা দালাল মধ্যভোগীৰ প্ৰৰোচনাত দলংখন ব্যৱহাৰৰ অনুপযোগী বুলি কৈ যাতায়াতৰ বাবে বন্ধ কৰি দিয়ে। 


দলং পৰিচালনা সমিতিয়ে অভ্যন্তৰীণ জল পৰিবহণ বিভাগক নিয়ম মাফিক ধন আদায় দিয়াৰ পাছতো একাংশ লোকক বিচৰাৰ মতে সন্তুষ্ট কৰিব নোৱৰাৰ বাবেই অর্ধলক্ষাধিক লোকৰ সুচল পথ যাতায়াতৰ কথা তিলমানো নাভাবি দলংখন বন্ধ কৰি দিয়া হয়। ৰাইজে নিৰ্মাণ কৰা কাঠৰ দলংখন মেৰামতি কৰি পুনৰ যাতায়াত বাহাল কৰাৰ বাবে মন্ত্রী-বিধায়ক, কামৰূপ জিলাৰ আয়ুক্ত, অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক, কার্যবাহী অভিযন্তাক ৰাইজে অনুনয় বিনয় কৰাৰ পাছতো দলংখন ন্যূনতম মেৰামতি কৰাৰ ব্যৱস্থা নকৰিলে। 


দীর্ঘদিন এনেদৰে দলংখন মেৰামতি নকৰি পৰিত্যক্ত অৱস্থাত ৰখাত অৱশেষত ভাঙি পৰিছে। অর্ধলক্ষাধিক লোকৰ সুচল পথ যাতায়াতৰ আশাৰ কিৰণখিনিও স্তিমিত হৈ পৰে। যিসময়ত চৰকাৰে পথ যাতায়াতৰ উন্নয়নৰ বাবে বহু কাম কৰা বুলি ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে সেই সময়তে একমাত্ৰ মেৰামতিৰ অভাৱতে এখন কোটিটকীয়া কাঠৰ দলং ভাঙি খহি পৰা ঘটনাত তীব্র ক্ষোভ ব্যক্ত কৰিছে নগৰবেৰাবাসীয়ে। 


বকো-ছয়গাঁও আৰু ছমৰীয়া সমষ্টিৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ অর্ধলক্ষাধিক লোকৰ সুচল পথ যাতায়াতৰ কথা চিন্তা কৰি শীঘ্ৰে নগৰবেৰাৰ দোকুছি-পাহাৰপাৰাক সংযোগ কৰি জলজলী নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক দাবী জনাইছে ৰাইজে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ