--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জানিব পৰা মতে শিমলাবাৰী গাঁৱৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ দাঁতিত থকা হোটেলৰ সন্মূখৰ পৰা যুৱকক আটক কৰে।

ডিজিটেল ডেস্কঃ ২৫ অক্টোবৰত বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰীৰ পৰা ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ।


জানিব পৰা মতে শিমলাবাৰী গাঁৱৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ দাঁতিত থকা হোটেলৰ সন্মূখৰ পৰা যুৱকক আটক কৰে। যুৱকজনৰ পৰা দুটা কন্টেনাৰসহ ৪০ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ।আটক হোৱা যুৱকজন বৰপেটা জিলাৰ গৰৈমাৰী গাঁৱৰ গিয়াছ উদ্দিনৰ পুত্ৰ আব্দুল আউয়াল বুলি জানিব পৰা গৈছে।


এক গোপন সূত্ৰৰ ভিত্তিত RFT বঙাইগাঁও, অতিৰিক্ত আৰক্ষী অধীক্ষক নিখতি চিংচন (ক্ৰাইম) আৰু মেৰেৰচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনিময় তামুলীৰ নেতৃত্বত যৌথভাৱে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন যুৱকজনক মেৰেৰচৰ থানাত লৈ সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত