--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সৰুছলাৰ ৰমজান আলীৰ পুত্ৰ আতাবুৰ ৰহমানৰ লগত ৰূপহী হাটৰ লাওখোৱাৰ মাইনুল ইছলামৰ কণ্যা মানিক জানৰ সৈতে ৩ বছৰ ৬ মাহ পুৰ্বে হৈছিল বিবাহ।

ডিজিটেল ডেস্কঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত সৰুছলাত ঘটিলে এক আজৱ কাণ্ড। স্বামী ঘৰত নথকা সুযোগত পত্নীয়ে লুটি নিলে ১ লাখ ৬০ হেজাৰ টকা। 


জানিব পৰা মতে,সৰুছলাৰ ৰমজান আলীৰ পুত্ৰ আতাবুৰ ৰহমানৰ লগত ৰূপহী হাটৰ লাওখোৱাৰ মাইনুল ইছলামৰ কণ্যা মানিক জানৰ সৈতে ৩ বছৰ ৬ মাহ পুৰ্বে হৈছিল বিবাহ।


ভালে ভালে দিনবোৰ পাৰ হৈছিল যদিও আজি এসপ্তাহ ধৰি আতাবুৰ ৰহমানৰ শশুৰ মাইনুল ইছলাম আৰু শাশুৰি ৰহিমা খাতুনে নানা ধৰণে মানসিক অত্যাচাৰ কৰি আহিছিল আতাবুৰ ৰহমানক।আতাবুৰ ৰহমানৰ শাহু ৰহিমা খাতুনৰ কু-পৰামৰ্শ দিয়াৰ পিছতেই আজি দিনৰ ১০ মান বজাত পত্নী মানিক জানে স্বামী গৃহত নথকা সুযোগত স্বামী ৰ টেবুলৰ পৰা ৬০ হাজাৰ আৰু ভাতৃ মতিবুৰ ৰহমানৰ আলমীৰাৰ পৰা ১ লাখ টকা লৈ যায়। 


ইপিনে স্বামী আতাবুৰ ৰহমান উপায় বিহীন হৈ পত্নী মানিক জান,শহুৰ মাইনুল ইছলাম আৰু শাহু ৰহিমা খাতুনৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত