--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কয়চৰৰ ডিঙিত দাগ দেখা পাই পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰন কৰে।

ডিজিটেল ডেস্কঃ বদৰপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ঘটনাৰ অভিযোগ মতে শ্ৰীভূমিৰ জিলাৰ বদৰপুৰৰ হৰিনাদিক গাঁৱৰ বৰতল এল পি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ কয়চৰ হোছেইনৰ মৃতদেহ নিশাৰ ভাগত এটা পৰিত্যক্ত ঘৰৰ কাষৰ পৰা উদ্ধাৰ হয়।  


কয়চৰৰ ডিঙিত দাগ দেখা পাই পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰন কৰে। পৰিয়ালৰ অভিযোগ কয়চৰ হুছেইনক পৰিকল্পিত ভাৱে হত্যা কৰা হৈছে। 


এতিয়া আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ অহাৰ পিছত আচলতে স্পষ্ট হ'ব ঘটনাৰ আঁৰৰ কাহিনী। কিন্ত এতিয়া প্ৰশ্ন হয় হত্যা হ'লে কিহৰ বাবে এই শিশুক হত্যা কৰা হ'ল। আৰু আত্মহত্যা হ'লেও কিহৰ বাবে শিশুটোৱে কৰিলে ! এয়া আৰক্ষীৰ তদন্তত প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ঘাটন হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত