--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাস মহোৎসৱ উপলক্ষে সমগ্র হৰি মন্দিৰ চৌহদ জুবিনময় কৰি তোলা হৈছে। বিভিন্ন আলোকসজ্জাৰে জুবিন, জুবিনে বজাই ভাল পোৱা গীটাৰ, টুপী আদিৰে আলোকসজ্জাৰ মায়াজাল সৃষ্টি কৰা হৈছে।

ডিজিটেল ডেস্ক : নলবাৰীৰ পৱিত্ৰ হৰি মন্দিৰৰ উদ্যোগত বুধবাৰৰ পৰা তেৰ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপিত হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাস ক্রীড়া আৰু ৰাস লীলাৰে বৃন্দাবনত শ্রীকৃষ্ণই যি মানৱ প্ৰেম আৰু আধ্যাত্মিক ৰসৰ সৃষ্টি কৰিছিল, তাৰেই আলম লৈ ৰামায়ণ, মহাভাৰতৰো বিভিন্ন আখ্যান আৰু কাহিনীক লৈ মহোৎসৱথলীত শতাধিক মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে খনিকৰসকলে। মূলতঃ ভক্তি ৰসত বিলীন হ'ব সমগ্ৰ ৰাস মহোৎসৱস্থলী।


কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা ১০ বজাত হৰি মন্দিৰৰ পতাকা উত্তোলন কৰে হৰি মন্দিৰ সমিতিৰ সভাপতি তথা মন্ত্রী জয়ন্ত মল্লবৰুৱাই। ইয়াৰ পাছতে ৰাস মহোৎসৱৰ ৯২খন পতাকা উত্তোলন কৰে নলবাৰীৰ সমাজ জীৱনৰ সৈতে জড়িত ব্যক্তিসকলে। সন্ধিয়া ৬ বজাত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে।


এই অনুষ্ঠানৰ পাছতে ৰাস মহোৎসৱ উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্র দাসে। মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সন্মানীয় অতিথি হিচাপে থাকে বন আৰু পৰিৱেশ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, প্রাক্তন বিধায়ক নাৰায়ণ ডেকা আৰু বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বর্মন। স্মৃতিগ্রন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। নিশা গুৰুজী আদ্য শর্মা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান হয়।


উল্লেখযোগ্য যে ৰাস মহোৎসৱ উপলক্ষে সমগ্র হৰি মন্দিৰ চৌহদ জুবিনময় কৰি তোলা হৈছে। বিভিন্ন আলোকসজ্জাৰে জুবিন, জুবিনে বজাই ভাল পোৱা গীটাৰ, টুপী আদিৰে আলোকসজ্জাৰ মায়াজাল সৃষ্টি কৰা হৈছে। আনহাতে ৬ নৱেম্বৰৰ সন্ধিয়া গর্ডন খেলপথাৰত আঠ হাজাৰ লোকে একেলগে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ সংগীত। দিগন্ত ভাৰতীৰ উদ্যোগত গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে শেষ আখৰা। ইতিমধ্যে গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সহস্রাধিকে কণ্ঠ নিগৰাইছে জুবিনৰ বিভিন্ন গীতত। প্রায় আধা ঘণ্টা ধৰি চলিব কেৱল জুবিনৰ গীত।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা