--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাস মহোৎসৱ উপলক্ষে সমগ্র হৰি মন্দিৰ চৌহদ জুবিনময় কৰি তোলা হৈছে। বিভিন্ন আলোকসজ্জাৰে জুবিন, জুবিনে বজাই ভাল পোৱা গীটাৰ, টুপী আদিৰে আলোকসজ্জাৰ মায়াজাল সৃষ্টি কৰা হৈছে।

ডিজিটেল ডেস্ক : নলবাৰীৰ পৱিত্ৰ হৰি মন্দিৰৰ উদ্যোগত বুধবাৰৰ পৰা তেৰ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপিত হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাস ক্রীড়া আৰু ৰাস লীলাৰে বৃন্দাবনত শ্রীকৃষ্ণই যি মানৱ প্ৰেম আৰু আধ্যাত্মিক ৰসৰ সৃষ্টি কৰিছিল, তাৰেই আলম লৈ ৰামায়ণ, মহাভাৰতৰো বিভিন্ন আখ্যান আৰু কাহিনীক লৈ মহোৎসৱথলীত শতাধিক মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে খনিকৰসকলে। মূলতঃ ভক্তি ৰসত বিলীন হ'ব সমগ্ৰ ৰাস মহোৎসৱস্থলী।


কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা ১০ বজাত হৰি মন্দিৰৰ পতাকা উত্তোলন কৰে হৰি মন্দিৰ সমিতিৰ সভাপতি তথা মন্ত্রী জয়ন্ত মল্লবৰুৱাই। ইয়াৰ পাছতে ৰাস মহোৎসৱৰ ৯২খন পতাকা উত্তোলন কৰে নলবাৰীৰ সমাজ জীৱনৰ সৈতে জড়িত ব্যক্তিসকলে। সন্ধিয়া ৬ বজাত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে।


এই অনুষ্ঠানৰ পাছতে ৰাস মহোৎসৱ উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্র দাসে। মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সন্মানীয় অতিথি হিচাপে থাকে বন আৰু পৰিৱেশ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, প্রাক্তন বিধায়ক নাৰায়ণ ডেকা আৰু বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বর্মন। স্মৃতিগ্রন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। নিশা গুৰুজী আদ্য শর্মা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান হয়।


উল্লেখযোগ্য যে ৰাস মহোৎসৱ উপলক্ষে সমগ্র হৰি মন্দিৰ চৌহদ জুবিনময় কৰি তোলা হৈছে। বিভিন্ন আলোকসজ্জাৰে জুবিন, জুবিনে বজাই ভাল পোৱা গীটাৰ, টুপী আদিৰে আলোকসজ্জাৰ মায়াজাল সৃষ্টি কৰা হৈছে। আনহাতে ৬ নৱেম্বৰৰ সন্ধিয়া গর্ডন খেলপথাৰত আঠ হাজাৰ লোকে একেলগে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ সংগীত। দিগন্ত ভাৰতীৰ উদ্যোগত গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে শেষ আখৰা। ইতিমধ্যে গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সহস্রাধিকে কণ্ঠ নিগৰাইছে জুবিনৰ বিভিন্ন গীতত। প্রায় আধা ঘণ্টা ধৰি চলিব কেৱল জুবিনৰ গীত।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত