--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কোনো দিনে চকুপানীক প্ৰশয় নিদিয়া সাহিত্যিকজনক আজি হঠাৎ এনেকৈ দেখি সভাগৃহত সকলো আৱেগিক হৈ পৰে। ডিব্ৰুগড়ত নগেন শইকীয়াক অসম সাহিত্য সভাৰ প্ৰধুদ্ধ সন্মানট 'সদসি ৱৰেণ্য' সন্মান জ্ঞাপন কৰা অনুষ্ঠানত সাহিত্যিকগৰাকীক দেখা গ'ল এনে পৰিৱেশত।

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো।


সম্বোধিত অনুষ্ঠানত মন্তব্য আগবঢ়াই সামগ্ৰিক অসমীয়া সমাজৰ ভাঙোনমুখী পৰিবেশ পৰিস্থিতিৰ কথা কৈ চকুলো ওলাই আহিল বৰেণ্য সাহিক্যকগৰাকীৰ। অসমৰ সমাজ জীৱনৰ বাবে কাম কৰা প্ৰৱল ইচ্ছা থকাৰ পাছতো শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ থমকি ৰব লগীয় হোৱা কথা কৈ দাঙি ধৰা মন্তব্যৰ মাজতে কান্দি উঠে সাহিত্যিক নগেন শইকীয়াই।


কোনো দিনে চকুপানীক প্ৰশয় নিদিয়া সাহিত্যিকজনক আজি হঠাৎ এনেকৈ দেখি সভাগৃহত সকলো আৱেগিক হৈ পৰে। ডিব্ৰুগড়ত নগেন শইকীয়াক অসম সাহিত্য সভাৰ প্ৰধুদ্ধ সন্মানট 'সদসি ৱৰেণ্য' সন্মান জ্ঞাপন কৰা অনুষ্ঠানত সাহিত্যিকগৰাকীক দেখা গ'ল এনে পৰিৱেশত।


ডিব্ৰুগড় চহৰৰ চৌকীদিঙীত অৱস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্য্যালয় ৰামেশ্বৰ লাল চহৰীয়া ভৱনত অসম সাহিত্য সভাৰ জৰিয়তে এই সন্মান জ্ঞাপন কৰে।


খোলে তালে উৰুলি আৰতিয়ে মুখৰিত মাংগলিক অনুষ্ঠানত মাজতে এই সন্মান জ্ঞাপন কৰে কৰা হয় সন্মানীয় নগেন শইকীয়াক।


অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী সম্পাদক দেৱজিৎ বৰাসহ কেন্দ্ৰীয় সমিতিৰ সদস্য সকলৰ উপস্থিত অনুষ্ঠিত সম্বোধিত মাংগলিক অনুষ্ঠানত মাজেৰে এই সন্মান আগবঢ়ায় সাহিত্যিক নগেন শইকীয়ালৈ।


অনুষ্ঠানৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য , মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ লগতে ভিন্ন সমাজ সংগঠক, সাহিত্যিক, দল সংগঠনৰ প্ৰতিনিধি সকলো উপস্থিত থাকে।


ডিব্ৰুগড় আঞ্চলিক কাৰ্য্যালয়ৰ লগতে ডিব্ৰুগড় শাখা সাহিত্য সভাই গুৰি ধৰোঁতা এই অনুষ্ঠানত বহু শতাধিক ব্যক্তি উপস্থিত থাকি সাহিত্যিক নগেন শইকীয়াক সন্মান জনায়।


শাৰীৰিক অসুস্থতাৰ মাজতো এই অনুষ্ঠানত উপস্থিত থাকি আৱেগিক হৈ পৰে সাহিত্যিক নগেন শইকীয়া।


আৱেগভৰা কণ্ঠৰ মাজতে চকুলো নিগৰাই সভাত ভাষণ প্ৰদান কৰি সাহিত্যিক গৰাকীয়ে অসমীয়া ভাষা সাহিত্য সদায় জিলিকি থাকিম বুলি মন্তব্য দাঙি ধৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত