--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীৰ জাকে ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷

ডিজিটেল ডেস্কঃ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে গ্ৰামাঞ্চলত প্ৰবেশ কৰি তাণ্ডৱ চলাই আহিছে৷ 


গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীৰ জাকে ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷ জিলাখনৰ ভূটান সীমান্তবৰ্তী অঞ্চলৰ ৰাইজে এতিয়া সহবাস কৰিবলগীয়া হৈছে বন্যহস্তীৰ সৈতে ৷ 


হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হৈছে সীমান্তৱৰ্তী গঞাই৷ হাতী মানুহৰ সংঘাতত প্ৰতিবছৰে জিলাখনত ১৫/২০ গৰাকীকৈ নিৰীহ লোকে প্ৰাণ দিবলগীয়া হোৱাৰ বিপৰীতে জীৱশ্ৰেষ্ঠৰ জীঘাংসাৰো বলি হ’ৱলগীয়া হৈছে বন্যহস্তী৷ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কোনো এখন চৰকাৰে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই ওদালগুৰিত ভয়ংকৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে ৷ 


সম্প্ৰতি জিলাখনত বন্যহস্তীৰ মৃত্যুৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক৷ বিগত এক সপ্তাহৰ ভিতৰতে জিলাখনত তিনিটাকৈ বন্যহস্তীৰ অজ্ঞাত কাৰণ মৃত্যু ঘটিছে৷ 


আজি ওদালগুৰিৰ ভূটীয়াচাঙত উদ্ধাৰ হ’য় এটা দঁতাল হাতীৰ মৃতদেহ ৷ স্থানীয় ৰাইজে হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে ৷ ৰাইজৰ খবৰৰ ভিত্তিত চিকিৎসক সহ বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। প্ৰাপ্তবয়স্ক হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই৷ 


জিলাখনৰ ভূটান সীমান্তৱৰ্তী অঞ্চলটোত ব্যাপক হাৰত বনাঞ্চল ধ্বংস আৰু বেদখলৰ বাবেই তীব্ৰ খাদ্য সংকট আৰু বাসস্থানৰ অভাৱত বনাঞ্চলৰ হাতী জনাঞ্চললৈ ওলাই আহিছে৷ অঞ্চলটোৰ এলিফেণ্ট কৰিডৰ সমূহ দখল কৰি এচাম মানুহে বাসস্থান গঢ়ি তোলাৰ বাবেই এতিয়া অঞ্চলটোত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ ধাৰণ। জিলাখনৰ হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বনবিভাগক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে ভূক্তভোগী ৰাইজে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাক্সাত ৰাস চাই ঘৰলৈ ওভতাৰ পথত অচিনাক্ত বাহনৰ খুন্দাত যুৱকৰ মৃত্যু
কাছাৰত প্ৰেমত প্ৰতাৰণাৰ বলি হৈ যুৱতীৰ আ*ত্ম*হ*ত্যাৰ চেষ্টা
থাইৰয়ড ৰোগীয়ে কি কি খোৱাৰ পৰা বিৰত থাকিব লাগে? জানি লওক
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি
জুবিনে কন্দুৱালে ! 'ৰৈ ৰৈ বিনালে' চাবলৈ ওলাই আহিল আবাল-বৃদ্ধ-বনিতা