--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীৰ জাকে ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷

ডিজিটেল ডেস্কঃ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে গ্ৰামাঞ্চলত প্ৰবেশ কৰি তাণ্ডৱ চলাই আহিছে৷ 


গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীৰ জাকে ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷ জিলাখনৰ ভূটান সীমান্তবৰ্তী অঞ্চলৰ ৰাইজে এতিয়া সহবাস কৰিবলগীয়া হৈছে বন্যহস্তীৰ সৈতে ৷ 


হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হৈছে সীমান্তৱৰ্তী গঞাই৷ হাতী মানুহৰ সংঘাতত প্ৰতিবছৰে জিলাখনত ১৫/২০ গৰাকীকৈ নিৰীহ লোকে প্ৰাণ দিবলগীয়া হোৱাৰ বিপৰীতে জীৱশ্ৰেষ্ঠৰ জীঘাংসাৰো বলি হ’ৱলগীয়া হৈছে বন্যহস্তী৷ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কোনো এখন চৰকাৰে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই ওদালগুৰিত ভয়ংকৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে ৷ 


সম্প্ৰতি জিলাখনত বন্যহস্তীৰ মৃত্যুৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক৷ বিগত এক সপ্তাহৰ ভিতৰতে জিলাখনত তিনিটাকৈ বন্যহস্তীৰ অজ্ঞাত কাৰণ মৃত্যু ঘটিছে৷ 


আজি ওদালগুৰিৰ ভূটীয়াচাঙত উদ্ধাৰ হ’য় এটা দঁতাল হাতীৰ মৃতদেহ ৷ স্থানীয় ৰাইজে হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে ৷ ৰাইজৰ খবৰৰ ভিত্তিত চিকিৎসক সহ বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। প্ৰাপ্তবয়স্ক হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই৷ 


জিলাখনৰ ভূটান সীমান্তৱৰ্তী অঞ্চলটোত ব্যাপক হাৰত বনাঞ্চল ধ্বংস আৰু বেদখলৰ বাবেই তীব্ৰ খাদ্য সংকট আৰু বাসস্থানৰ অভাৱত বনাঞ্চলৰ হাতী জনাঞ্চললৈ ওলাই আহিছে৷ অঞ্চলটোৰ এলিফেণ্ট কৰিডৰ সমূহ দখল কৰি এচাম মানুহে বাসস্থান গঢ়ি তোলাৰ বাবেই এতিয়া অঞ্চলটোত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ ধাৰণ। জিলাখনৰ হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বনবিভাগক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে ভূক্তভোগী ৰাইজে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা