--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চেন্নাইত দেহাৱসান ঘটে দীপক শৰ্মাৰ। চেন্নাইৰ ৰেলা হাস্পতালত চিকিৎসাধীন হৈ আছিল দীপক শৰ্মা।

ডিজিটেল ডেস্কঃ অসমৰ বাবে আকৌ এক দুঃসংবাদ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আৰু নাই। সকলোকে শোকসাগৰত পেলাই আজি পুৱা ৬-১৫ত ইহ সংসাৰৰ পৰা মেলানি মাগে শিল্পীগৰাকীয়ে। চেন্নাইত দেহাৱসান ঘটে দীপক শৰ্মাৰ। চেন্নাইৰ ৰেলা হাস্পতালত চিকিৎসাধীন হৈ আছিল দীপক শৰ্মা।  


দীপক শৰ্মাই ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বাঁহী বাদক হিচাপে স্বীকৃতি লভিবলৈ সক্ষম হৈছিল। তেওঁ ২০১৩ চনলৈ ৩ খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জি টিভি ত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল।


অসমৰ অবিভক্ত কামৰূপ জিলাৰ পানীগাঁৱত (বৰ্তমান নলবাৰী জিলাৰ অন্তৰ্গত) দীপক শৰ্মাৰ জন্ম হয়। পিতৃ প্ৰয়াত প্ৰমোদ শৰ্মা। অসমৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা তেখেতে বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।


সংগীত শিক্ষা


ইনষ্ট্ৰুমেন্টেল মিউজিক (বাঁহী) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ, (ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলিকতা)

সংগীত বিশাৰদ, ভাটখাণ্ডে সংগীত বিদ্যাপীঠ, লক্ষ্ণৌ

পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ তত্বাৱধানত সংগীত শিক্ষা (১৯৯২ চনৰ পৰা)

অল ইণ্ডিয়া ৰেডিঅ', গুৱাহাটীৰ বি. হাই গ্ৰেডেড আৰ্টিষ্ট (বাঁহী বাদন)

কৰ্মৰাজি


সংগীত পৰিচালনা


জংকি পানৈ

জাতিঙ্গা ইত্যাদি (২০০৭)

লুইতক ভেটিব কোনে (২০১৩)


সংগীতপঞ্জী


ষ্টৰী অৱ ল'ভ (ৰাগ এণ্ড ৰক্স ইন্টাৰনেশ্যনেল কো. লি.)

বিয়ন্ড দা হ'ৰাইজন


দূৰদৰ্শন


জি টিভি ত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা

ষ্টাৰ প্লাচ যোগে সম্প্ৰচাৰিত হোৱা কেলেইদোস্কোপৰ আৱহ সংগীতৰ মুখ্য বাঁহী বাদক


সন্মান আৰু স্বীকৃতি


বছৰটোৰ শ্ৰেষ্ঠ সংগীতকাৰ, ২০০৬ চন (এন ই টিভি প্ৰাইভেট চেনেল)

সংগীত প্ৰভা বঁটা, ২০০৭ চন

আসাম স্পোৰ্টচ কালচাৰেল জুৰী এৱাৰ্ড, ২০০৭ চন

জেমচ অৱ আসাম, ২০০৮ চন

আজিম হাজৰিকা বঁটা (শিৱসাগৰ প্ৰেচ ক্লাব)


উল্লেখ্য যে বিগত কিছু বছৰ ধৰি অসুস্থ হৈ আছিল দীপক শৰ্মা। তেওঁৰ অকাল মৃত্যুত সমগ্ৰ অসমজুৰি পৰিছে গভীৰ শোকৰ ছাঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা