--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এতিয়া ৪৫-৫০ বছৰ বয়সৰ তলৰ লোক হৃদৰোগত আক্ৰান্ত হৈছে। হৃদৰোগত আক্ৰান্ত হোৱাৰ মুখ্য কাৰণ হৈছে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ ।

ডিজিটেল ডেস্ক : হৃদৰোগত আক্ৰান্ত হৈ বিশ্বজুৰি প্ৰায় ১৭.৭ মিলিয়ন লোকৰ মৃত্যু হৈছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই মৃত্যুৰ এক-পঞ্চমাংশ লোক কেৱল ভাৰতৰ, বিশেষকৈ যুৱক-যুৱতী ।


গ্ল'বেল বার্ডেন অব ডিজিজৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ সকলো ৰোগৰ প্ৰায় এক-চতুর্থাংশ হৃদযন্ত্ৰৰ পৰিস্থিতিৰ পৰা উদ্ভৱ হয় । প্রাথমিকভাৱে "৪ এইচ"-হার্ট এটেক, হাইপাৰটেচন, হার্ট ফেইলাৰ আৰু হাৰ্টৰ পেশী ৰোগ । উচ্চ ৰক্তচাপৰ ফলত নীৰৱে ৰক্তবাহী নলীৰ ক্ষতি হয়, যাৰ ফলত হৃদৰোগ আৰু হৃদপিণ্ড বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । ৰক্ত প্ৰৱাহ বন্ধ হোৱাৰ ফলত হোৱা হৃদৰোগত হৃদপিণ্ডৰ পেশী দুৰ্বল হ'ব পাৰে, যাৰ ফলত হৃদযন্ত্র বিকল হ'ব পাৰে । সময়ৰ লগে লগে, এই সমস্যাবোৰৰ ফলত কার্ডিঅ'মাইঅ'পেথী হ'ব পাৰে, য'ত হৃদযন্ত্র বন্ধ বা জঠৰ হৈ পৰে, যাৰ ফলত ইয়াৰ কাৰ্য-কলাপত অধিক প্রভাৱিত হয় ।"


যুৱ প্ৰাপ্তবয়স্ক সকলৰ মাজত কিয় বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা ?


মেদাণ্টা কার্ডিয়াক কেয়াৰৰ ক্লিনিকেল এণ্ড প্রিভেন্টিভ কার্ডিঅ'লজি বিভাগৰ অধ্যক্ষ ডাঃ আৰ আৰ কাছলিৱালে কয় যে, 'ভাৰতত যুৱ প্রাপ্তবয়স্কসকলৰ মাজত হার্ট এটেক বৃদ্ধি হোৱা দেখা গৈছে। এতিয়া ৪৫-৫০ বছৰ বয়সৰ তলৰ লোক হৃদৰোগত আক্ৰান্ত হৈছে। হৃদৰোগত আক্ৰান্ত হোৱাৰ মুখ্য কাৰণ হৈছে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ । তদুপৰি মানসিক চাপ , প্ৰচেচ ফুড গ্ৰহণ , অত্যাধিক নিমখ , অত্যাধিক চেনি গ্ৰহণ , ধূমপান, শৰীৰ চৰ্চা নকৰাৰ ফলত হৃদৰোগ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । "


কেনেধৰণৰ ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত ?


তেওঁ কয় , জনসাধাৰণে হৃদৰোগৰ পৰা হাত সাৰিবলৈ ল ফেট ডাইড কৰিব লাগে । সেউজীয়া শাক পাচলি খোৱাৰ উপৰিও চালাড খাব লাগে । প্ৰচেচ ফুড , অত্যাধিক মিঠা আৰু নিমখ বৰ্জন কৰিব লাগে । শৰীৰ চৰ্চা কৰিব লাগে ।যোগে হওক বা খোজ কঢ়া যিকোনো ধৰণৰ শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দিব লাগে।


হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে ?


১/ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা


বিশেষকৈ ৩০ বছৰৰ ওপৰৰ হ’লে ৬ মাহত এবাৰ ৰক্তচাপ, কলেষ্টেৰল আৰু শৰ্কৰা পৰীক্ষা কৰক ৷


২/ ধূমপান আৰু সুৰাপান কৰাৰ পৰা আঁতৰি থাকক


এই দুয়োটা হৃদৰোগৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছে ৷ যিমান সোনকালে ইয়াক এৰি দিব সিমানেই ভাল ৷


৩/ স্বাস্থ্যসন্মত খাদ্যাভ্যাস অনুকৰণ


সেউজীয়া শাক-পাচলি, ফল-মূল, বাদাম, কম নিমখ আৰু কম তেলযুক্ত খাদ্য হৃদযন্ত্ৰৰ বাবে উপকাৰী ৷ জাংক আৰু প্ৰচেছড খাদ্যৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ ৷


৪/ পৰ্যাপ্ত পৰিমাণে নিদ্ৰা গ্ৰহণ


প্ৰতি নিশা কমেও ৭-৮ ঘণ্টা নিদ্ৰা গ্ৰহণ কৰক ৷ ই হৰম’নৰ ভাৰসাম্য ৰক্ষা আৰু মানসিক চাপ নিয়ন্ত্ৰণত সহায় কৰে


৫/ দৈনিক ব্যায়াম কৰক


দ্ৰুতগতিত খোজ কঢ়া, যোগাসন, বা জিম – যিকোনো শাৰীৰিক কাৰ্যকলাপে শৰীৰৰ লগতে হৃদযন্ত্ৰকো শক্তিশালী কৰে ৷


৬/ মানসিক চাপ ব্যৱস্থাপনা শিকিব


ধ্যান, গভীৰ উশাহ-নিশাহ, সংগীত চিকিৎসা বা যিকোনো আপোনাৰ ভাললগা কামে আপোনাক মানসিকভাৱে শান্ত কৰি ৰখাত সহায় কৰিব পাৰে ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ