--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বৰষুণ আৰম্ভ হ’লেই ঘৰৰ আৰ্দ্ৰতা আৰু আৱৰ্জনা বাঢ়ি যায়, যাৰ বাবে মাখিয়ে দ্ৰুতগতিত বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে।

ডিজিটেল ডেস্ক : গাঁও–চহৰ নিৰ্বিশেষে মানুহ মাখিৰ উপদ্ৰৱত অতিষ্ঠ হোৱা দেখা যায়। বিশেষকৈ বৰ্ষাকালত মাখিৰ সমস্যাত সকলোৱে ভোগে। বৰষুণ আৰম্ভ হ’লেই ঘৰৰ আৰ্দ্ৰতা আৰু আৱৰ্জনা বাঢ়ি যায়, যাৰ বাবে মাখিয়ে দ্ৰুতগতিত বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। এইবোৰে কেৱল সমস্যাৰে সৃষ্টি নকৰে, বৰং ৰোগৰ কাৰণো হৈ পৰে।


এই মাখিৰ সমস্যা দূৰ কৰাৰ বাবে যিমানে ধূপ, কয়েল কিম্বা স্প্ৰে ব্যৱহাৰ কৰক, তাৰ প্ৰভাৱ থাকে মাত্ৰ কেইটামান ঘণ্টা। ‌এনে পৰিস্থিতিত সময়মতে মাখি আঁতৰ কৰাৰ বাবে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি। জানো আহক ঘৰুৱা উপায় সমূহৰ বিষয়ে


ঘৰ সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰখা - ঘৰৰ পাকঘৰ, ডাইনিং টেবুল আৰু ডাষ্টবিন সকলো সময়তে পৰিষ্কাৰ কৰি ৰখা উচিত। বিশেষকৈ পাকঘৰৰ কিছু সামগ্ৰীৰ পৰা মাখিৰ উপদ্ৰৱ বৃদ্ধি পাই। সেয়ে পাকঘৰটো পৰিষ্কাৰ কৰি ৰখা উচিত। ইয়াৰ বাবে পানীত সামান্য ফেনাইল মিহলাই সম্পূৰ্ণ ঘৰ পৰিষ্কাৰ কৰক। ফেনাইলৰ গোন্ধ আৰু ইয়াৰ এণ্টি-বেক্টেৰিয়েল বৈশিষ্ট্যই মাখি খেদাত সহায় কৰে।


ফিটকিৰি, নিমখ আৰু নেমু - মাখি দূৰ কৰাৰ আন এক উপায় হৈছে ফিটকিৰি, নিমখ আৰু নেমু। ইয়াৰ বাবে নিমখ আৰু নেমু ভালকৈ উতলাই তাত গুৰি কৰা ফিটকিৰি যোগ কৰক। এই দ্ৰৱণটো ঠাণ্ডা কৰি এটা স্প্ৰে বটলত ভৰাই স্প্ৰে কৰক। ইয়াৰ ফলত মাখিৰ উপদ্ৰৱ হ্ৰাস পাব পাৰে।


নিমখ আৰু ভিনেগাৰ - নিমখ আৰু ভিনেগাৰ মাখি খেদাৰ এক উত্তম উপায়। ভিনেগাৰৰ তীব্ৰ গোন্ধ আৰু নিমখে ঘৰৰ পৰা মাখি দূৰত ৰাখে। এই প্ৰতিকাৰটোৱে মাখি দূৰ কৰাই নহয়, ঘৰ পৰিষ্কাৰ আৰু সতেজ কৰি ৰাখে।


কৰ্পূৰ আৰু তেজপাত - মাখিয়ে কৰ্পূৰ আৰু তেজপাতৰ তীব্ৰ গোন্ধ মুঠেও পছন্দ নকৰে। এনে পৰিস্থিতিত কৰ্পূৰ আৰু তেজপাত পুৰি সমগ্ৰ ঘৰটোত ধোঁৱা বিয়পাই দিব পাৰে। এনে কৰিলে মাখিৰ উপদ্ৰৱ হ্ৰাস পাব পাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ