--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বৰষুণ আৰম্ভ হ’লেই ঘৰৰ আৰ্দ্ৰতা আৰু আৱৰ্জনা বাঢ়ি যায়, যাৰ বাবে মাখিয়ে দ্ৰুতগতিত বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে।

ডিজিটেল ডেস্ক : গাঁও–চহৰ নিৰ্বিশেষে মানুহ মাখিৰ উপদ্ৰৱত অতিষ্ঠ হোৱা দেখা যায়। বিশেষকৈ বৰ্ষাকালত মাখিৰ সমস্যাত সকলোৱে ভোগে। বৰষুণ আৰম্ভ হ’লেই ঘৰৰ আৰ্দ্ৰতা আৰু আৱৰ্জনা বাঢ়ি যায়, যাৰ বাবে মাখিয়ে দ্ৰুতগতিত বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। এইবোৰে কেৱল সমস্যাৰে সৃষ্টি নকৰে, বৰং ৰোগৰ কাৰণো হৈ পৰে।

এই মাখিৰ সমস্যা দূৰ কৰাৰ বাবে যিমানে ধূপ, কয়েল কিম্বা স্প্ৰে ব্যৱহাৰ কৰক, তাৰ প্ৰভাৱ থাকে মাত্ৰ কেইটামান ঘণ্টা। ‌এনে পৰিস্থিতিত সময়মতে মাখি আঁতৰ কৰাৰ বাবে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি। জানো আহক ঘৰুৱা উপায় সমূহৰ বিষয়ে

ঘৰ সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰখা - ঘৰৰ পাকঘৰ, ডাইনিং টেবুল আৰু ডাষ্টবিন সকলো সময়তে পৰিষ্কাৰ কৰি ৰখা উচিত। বিশেষকৈ পাকঘৰৰ কিছু সামগ্ৰীৰ পৰা মাখিৰ উপদ্ৰৱ বৃদ্ধি পাই। সেয়ে পাকঘৰটো পৰিষ্কাৰ কৰি ৰখা উচিত। ইয়াৰ বাবে পানীত সামান্য ফেনাইল মিহলাই সম্পূৰ্ণ ঘৰ পৰিষ্কাৰ কৰক। ফেনাইলৰ গোন্ধ আৰু ইয়াৰ এণ্টি-বেক্টেৰিয়েল বৈশিষ্ট্যই মাখি খেদাত সহায় কৰে।

ফিটকিৰি, নিমখ আৰু নেমু - মাখি দূৰ কৰাৰ আন এক উপায় হৈছে ফিটকিৰি, নিমখ আৰু নেমু। ইয়াৰ বাবে নিমখ আৰু নেমু ভালকৈ উতলাই তাত গুৰি কৰা ফিটকিৰি যোগ কৰক। এই দ্ৰৱণটো ঠাণ্ডা কৰি এটা স্প্ৰে বটলত ভৰাই স্প্ৰে কৰক। ইয়াৰ ফলত মাখিৰ উপদ্ৰৱ হ্ৰাস পাব পাৰে।

নিমখ আৰু ভিনেগাৰ - নিমখ আৰু ভিনেগাৰ মাখি খেদাৰ এক উত্তম উপায়। ভিনেগাৰৰ তীব্ৰ গোন্ধ আৰু নিমখে ঘৰৰ পৰা মাখি দূৰত ৰাখে। এই প্ৰতিকাৰটোৱে মাখি দূৰ কৰাই নহয়, ঘৰ পৰিষ্কাৰ আৰু সতেজ কৰি ৰাখে।

কৰ্পূৰ আৰু তেজপাত - মাখিয়ে কৰ্পূৰ আৰু তেজপাতৰ তীব্ৰ গোন্ধ মুঠেও পছন্দ নকৰে। এনে পৰিস্থিতিত কৰ্পূৰ আৰু তেজপাত পুৰি সমগ্ৰ ঘৰটোত ধোঁৱা বিয়পাই দিব পাৰে। এনে কৰিলে মাখিৰ উপদ্ৰৱ হ্ৰাস পাব পাৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ