--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উল্লেখযোগ্য যে ডি এন এ-ভিত্তিক পিয়ল পৰম্পৰাগত পিয়লতকৈ যথেষ্ট পৃথক। এই পিয়লৰ নেতৃত্ব দিছিল ৱাইল্ডলাইফ ইনষ্টিটিউট অব ইণ্ডিয়াই (ডব্লিউ আই আই)।

ডিজিটেল ডেস্ক : ভাৰতত বনৰীয়া হাতী গভীৰ সংকটৰ সন্মুখীন হৈছে। এসময়ত ভাৰতত বনৰীয়া হাতী বিলুপ্ত হৈ পৰাৰো আশংকাৰ সৃষ্টি হৈছে। এখন প্রতিবেদনত এই কথা উল্লেখ কৰা হৈছে। 


দেশত হাতীৰ প্ৰথমটো ডি এন এ ভিত্তিক পিয়লৰ প্ৰতিবেদনত উল্লেখ কৰা তথ্যৰ পৰা এই কথা জনা গৈছে। ডি এন এ ভিত্তিক পিয়লৰ পৰা লাভ কৰা তথ্য মতে, ২০১৭ চনত ভাৰতত থকা মুঠ হাতীৰ সংখ্যা আছিল ২৯,৯৬৪টা। ২০২৫ চনত অর্থাৎ চলিত বৰ্ষত ইয়াৰ সংখ্যা হ্রাস পাই ২২,৪৪৬টা হয়গৈ। আন কথাত আঠ বছৰত ৭,৫১৮টা হাতীৰ মৃত্যু হয়। এই গতি অব্যাহত থাকিলে এটা সময়ত ভাৰতৰ বনাঞ্চলৰ পৰা হাতী নোহোৱা হৈ পৰিব। ডি এন এ-ভিত্তিক হাতী পিয়লৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে বনাঞ্চল কাটি উদং কৰা, হাতীৰ বাসস্থান খণ্ড-বিখণ্ড কৰা আৰু মানুহৰ সৈতে সংঘাত বৃদ্ধি পোৱাৰ ফলত হাতীৰ অস্তিত্বৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈ পৰিছে। 


উল্লেখযোগ্য যে ডি এন এ-ভিত্তিক পিয়ল পৰম্পৰাগত পিয়লতকৈ যথেষ্ট পৃথক। এই পিয়লৰ নেতৃত্ব দিছিল ৱাইল্ডলাইফ ইনষ্টিটিউট অব ইণ্ডিয়াই (ডব্লিউ আই আই)। ইয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি ভাৰতত সৰ্বাধিক ৬,০১৩টা হাতী আছে কর্ণাটকত। আনহাতে, অসমত ৪,১৫৯টা হাতী আছে আৰু এই তালিকাত অসমে দ্বিতীয় স্থান লাভ কৰিছে। ইয়াৰ পাছতে আছে ক্রমে তামিলনাডু (৩,১৩৬টা), কেৰালা (২,৭৮৫টা), উত্তৰাখণ্ড (১,৭৯২) আৰু ওড়িশা (৯১২টা)। অঞ্চল-ভিত্তিত দেখা পোৱা যায় যে পশ্চিম ঘাটত ২০১৭ চনত ১৪,৫৮৭টা হাতী আছিল। এতিয়া ইয়াত থকা হাতীৰ সংখ্যা ১১,৯৩৪টালৈ হ্রাস পাইছে। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ আৰু ব্রহ্মপুত্র উপত্যকাত হাতীৰ সংখ্যা হ্রাস পাই ৬,৫৫৯টা হৈছেগৈ। মধ্য ভাৰত আৰু পূব ঘাটতো হাতীৰ সংখ্যা হ্রাস পাই ১,৮৯১টা হৈছেগৈ। পশ্চিম ঘাটত হাতীৰ প্ৰাকৃতিক বাসস্থান কফি, চাহৰ খেতি, বিদেশী প্রজাতি, খেতি পথাৰৰ বেৰা আৰু দ্রুতগতিত নিৰ্মাণ কৰি থকা আন্তঃগাঁথনিৰ ফলত খণ্ড-বিখণ্ড হৈ পৰে। অসমৰ শোণিতপুৰ আৰু গোলাঘাট জিলাত বনাঞ্চল ধ্বংস কৰাৰ ফলত হাতী-মানুহৰ সংঘাত অধিক বৃদ্ধি পাইছে। 


মধ্য ভাৰতৰ ঝাৰখণ্ড, ওড়িশা, মধ্য প্রদেশ, ছট্টিশগড়, মহাৰাষ্ট্ৰ, উত্তৰ বংগ আৰু অন্ধ্ৰ প্রদেশত সংৰক্ষিত বনাঞ্চলৰ বাহিৰত কৰা খনন, কৃষি, পথ-ৰে'ল পথ নিৰ্মাণৰ দৰে কাৰ্যই হাতীৰ বাসস্থানৰ ক্ষতি কৰিছে। ইয়াত মাত্র ১০% হাতী আছে, কিন্তু মানুহ-হাতীৰ সংঘৰ্ষৰ ফলত এই অঞ্চলটোত ৪৫% নিহত হৈছে। এই হাতী পিয়ল কৰা হৈছিল ডি এন এ-মার্ক-ৰি-কেপচাৰ প্ৰযুক্তিৰ সহায়ত। এই প্রযুক্তি কৌশলত হাতীৰ মলৰ নমুনা সংগ্ৰহ কৰি ১১ মাইক্ৰ'ছেটেলাইট লচিত জিন টাইপিং কৰা হয়। প্ৰতিটো নমুনাৰ এককভাৱে চিহ্নিত কৰা হয় আৰু তাৰ পাছত এছ ই চি আৰ মডেল ব্যৱহাৰ কৰি মুঠ সংখ্যাৰ অনুমান কৰা হৈছিল। জৰীপত ১,৮৮,০৩০ ট্রেইল আৰু ট্রেনজেক্টৰ খোজকাঢ়ি জৰীপ কৰা হৈছিল। মুঠ ৬,৬৬,৯৭৭ কিল'মিটাৰ অঞ্চলত জৰীপ কৰা হৈছিল। এই জৰীপত মলৰ ৬,৬৬,৯৭৭ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু ২১,০৫৬ ডি এন এৰ নমুনা সংগ্ৰহ কৰা হয়। ইয়াৰ লগতে ৪,০৬৫ হাতীৰ ডি এন এ প্রফাইল তৈয়াৰ কৰা হয়। ৱাইল্ডলাইফ ইনষ্টিটিউট অব ইণ্ডিয়াৰ বিজ্ঞানী কমৰ কুৰেশ্বীয়ে জনোৱা মতে, ই আছিল বিশ্বৰ প্ৰথমটো ডি এন এ-ভিত্তিক হাতীৰ পিয়ল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ