--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তেজপুৰ আদালতৰ চৌহদত শাৰী শাৰীকৈ থকা এজাৰ গছৰ ফুলবোৰৰ নয়নাভিৰাম দৃশ্যই আকৌ হাতবাউল দি মাতিছে প্রকৃতিপ্রেমীৰ লগতে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বগা চাহাবক।

ডিজিটেল ডেস্ক: প্ৰকৃতিৰ চিৰাচৰিত নিয়ম অনুসৰি আকৌ আহিছে বর্ষা ঋতু। বসন্ত ঋতুক বিদায় দি অহা বর্ষা ঋতুৱে আকাশ মেঘাচ্ছন্ন কৰি সমগ্ৰ পৰিৱেশ বৰ্ষাসিক্ত কৰি তোলাৰ বাবে বহুতে মনে মনে এনে পৰিৱেশ কামনা নকৰিলেও কিন্তু এই বৰষা ঋতুৰ আছে আকৌ সুকীয়া মাদকতা। প্রত্যেকটো ঋতুতে পৃথকে পৃথকে শতপুষ্প বিকশিত হৈ পৰা নৈসর্গিক শোভাই প্রকৃতিপ্রেমীসকলৰ মন উন্মনা কৰি তোলে।


বিশেষকৈ বৰষা ঋতুত আপুনি যদি নিজৰ ঠাইৰ পৰা দূৰ-দূৰণিলৈ বুলি নিজৰ গাড়ীৰে বা আন গাড়ীৰে যাত্ৰা কৰিছে পথৰ কাষৰ অযত্নপালিত সোণাৰু, কৃষ্ণচূড়া বা এজাৰ গছৰ ফুলবোৰে আপোনাৰ দেহ-মন ভৰাই নেপালাইনে! জয়ন্ত হাজৰিকাৰ সেই বিখ্যাত গীতটি- 'বৰষা ঋতু ভাল পাওঁ মই/প্রতিশ্রুতি আছে তাত' বা খগেন মহন্তৰ 'এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ' আদি কত যে গীত আছে এই ঋতুক লৈ। 


প্ৰকৃতিৰ ৰম্যভূমি, চৌদিশে নৈসর্গিক শোভাৰে মনোমোহা হৈ এই সময়ছোৱাৰ কৃষ্ণচূড়া, সোণাৰু, ৰাধাচূড়া আৰু এজাৰ ফুলাৰ পৰিৱেশে অনুপম সুখানুভূতি কঢ়িয়াই অনাৰ মাজতে তেজপুৰ আদালত চৌহদৰ ১২৫ বছৰীয়া ৩০ জোপা এজাৰ গছৰ দৃষ্টিনন্দন পৰিৱেশ আৰু ইয়াৰ সৈতে সংপৃক্ত হৈ থকা বিশেষ ইতিহাস আৰু মহত্ত্ব পুনৰ চৰ্চালৈ আহিছে। তেজপুৰ আদালতৰ চৌহদত শাৰী শাৰীকৈ থকা এজাৰ গছৰ ফুলবোৰৰ নয়নাভিৰাম দৃশ্যই আকৌ হাতবাউল দি মাতিছে প্রকৃতিপ্রেমীৰ লগতে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বগা চাহাবক। তেজপুৰৰ সদাব্যস্ত আদালত চৌহদত ১৯০১ চনতেই দূৰদৰ্শী ব্ৰিটিছ চাহাবে ৰোপণ কৰা এই ৩০ জোপা এজাৰ গছৰ মন জুৰ পেলোৱা ঈষৎ ৰঙা-বেঙুনীয়া শোভাৰে জাতিষ্কাৰ হৈ পৰা দলিচাখনে সৃষ্টি কৰা অনুপম সৌন্দর্যক লৈ এতিয়া উৎসুকতাৰ অন্ত নাই প্রকৃতিপ্রেমীৰ। 


তেজপুৰ জিলা আদালত চৌহদৰ প্ৰৱেশদ্বাৰৰ পৰা সমগ্ৰ চৌহদত শাৰী শাৰীকৈ থকা প্রায় ৩০ জোপা এজাৰৰ এই বেঙুনীয়া ফুলে প্রত্যেকবছৰেই এই সময়খিনি চৌদিশ ৰঙীন কৰি তোলে। উল্লেখযোগ্য যে ১৯০১ চনত ব্রিটিছ চাহাব মার্টিন বাৰ্নাৰৰ প্ৰচেষ্টাত ৰোপণ কৰা হৈছিল এই এজাৰ গছৰ পুলিসমূহ। সুদীর্ঘকাল আদালতৰ কাম-কাজৰ বাবে অহা লোকক এজাৰ গছৰ ছাঁত জিৰণি ল'বলৈ সুবিধা প্ৰদান কৰাৰ লগতে এজাৰ ফুলাৰ এই সময়ছোৱাত এক অপূর্ব নৈসর্গিক শোভাৰে অনন্য পৰিৱেশৰ সূচনা কৰি আহিছে। ইয়াৰ সৌন্দর্যই দেশ-বিদেশৰ পৰ্যটককো প্রতিবছৰেই আকৰ্ষিত কৰি আহিছে। এই এজাৰ গছকেইজোপাৰ মহত্ত্ব হ'ল ব্রিটিছসকলে এতিয়াও খবৰ ৰাখি আহিছে এজাৰকেইজোপাৰ। সেয়েহে মাজে মাজে এতিয়াও জানিব বিচাৰে 'কুশলে আছেনে, ভালে আছেনে এজাৰকেইজোপা? বিগত কিছুবছৰৰ পূৰ্বে লণ্ডনৰ পৰা চৰকাৰীভাৱে প্ৰেৰণ কৰা এখন পত্ৰৰ যোগেদি ইয়াৰ প্রতিপালৰ বিষয়ে খবৰ লৈছিল ব্রিটিছ বিষয়াই। ব্ৰিটিছে ৰোপণ কৰা এনে এজাৰ গছৰ গুৰুত্বক উপলব্ধি কৰিয়েই তেজপুৰত 'উদ্ৰোপন' নামৰ এক প্রকৃতিপ্রেমী অনুষ্ঠানৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা কৰা দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক হৰেন্দ্ৰ নাথ মৰাঙেও তেজপুৰৰ বিভিন্ন প্ৰান্তৰত ৰোপণ কৰা কেইবা শতাধিক এজাৰ গছপুলি এতিয়া বৃক্ষলৈ পৰিগণিত হৈ ফুলিবলৈ আৰম্ভ কৰাত প্রকৃতিপ্রেমীয়ে নয়নাভিৰাম দৃশ্য উপভোগ কৰিব পৰা হৈছে। বিশেষকৈ তেজপুৰ চহৰৰ পৰোৱা চাৰিআলিৰ পৰা চহৰখনত প্ৰৱেশ কৰা পথৰ দুয়োকাষে আৰু চহৰৰ মাজমজিয়াৰ পার্কিং এলেকালৈকে ৰোপণ কৰা এজাৰ গছসমূহ ফুলিবলৈ আৰম্ভ কৰাত চহৰখনত এক অনন্য পৰিৱেশৰ সৃষ্টি হৈছে। 


কিন্তু পৰিতাপৰ কথা যে ব্ৰিটিছৰ সেই দূৰদৰ্শিতাৰ বিপৰীতে যন্ত্রসর্বস্ব জীৱন যাপন কৰা একাংশ লোকে আকৌ নিজৰ ব্যাৱসায়ীক প্রতিষ্ঠানত সেই সুন্দৰ এজাৰ গছৰ ঠাল-ঠেঙুলি এটাইও যদি সামান্যতম কেতিয়াবা স্পৰ্শ কৰিছে সেই সুশোভিত হৈ থকা এজাৰৰ ডাল-পাত কাটি পেলাবলৈ কুণ্ঠাবোধ নকৰা দৃশ্যইও প্রকৃতিপ্রেমীসকলক মর্মাহত কৰি তোলে। আচলতে এতিয়াও আমি বগা চাহাবৰ পৰা বহুত কিবাকিবি শিকিবলৈ বাকী আছে যেন অনুভৱ হয়। নহ'লেনো ১২৫ বছৰ হোৱা সেই ৩০ জোপা এজাৰৰ খবৰ ল'বলৈ এতিয়াও ব্রিটিছ চাহাবে চিঠি লিখেনে? সেয়েহে আমাক হৰেন্দ্ৰ নাথ মৰাঙৰ দৰে প্ৰকৃতিপ্রেমী আৰু লাগে, যি এদিন প্রত্যাহ্বান জনাব পাৰিব সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বগা চাহাবক!

উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান