--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গৌৰীসাগৰৰ নৱনিৰ্মিত ফ'ৰলেন পথৰ তিনিখনকৈ ভি ইউ পিত বাৰিষা-খৰালি একাঁঠু বোকা-পানীৰে উপচি থকাত যাতায়াতকলৈ চূড়ান্ত মইমতালিৰ পৰিচয় দি আহিছে নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে।

ডিজিটেল ডেস্ক: লিখি থাকিলেও ওৰ নপৰা অৱস্থা শিৱসাগৰত নিৰ্মীয়মাণ অৱস্থাত থকা চাৰিলেনযুক্ত পথ নির্মাণত নিয়োজিত নিৰ্মাণকাৰী সংস্থাসমূহৰ কাম-কাজৰ কথা। নিৰ্মাণৰত পথটোৰ তিনিটাকৈ ভি ইউ পিৰ তলত জমা হৈ থকা বৰষুণৰ পানীৰ ওপৰেদি অব্যাহত আছে যাতায়াত। কিয়নো ভি ইউ পি নে পুখুৰী একো চিনিব নোৱাৰি।


গৌৰীসাগৰৰ নৱনিৰ্মিত ফ'ৰলেন পথৰ তিনিখনকৈ ভি ইউ পিত বাৰিষা-খৰালি একাঁঠু বোকা-পানীৰে উপচি থকাত যাতায়াতকলৈ চূড়ান্ত মইমতালিৰ পৰিচয় দি আহিছে নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে। সমীপৱৰ্তী ভটিয়াপাৰৰ নির্মীয়মাণ ভি ইউ পিৰ কাষৰীয়া পথটো আধৰুৱাকৈ পেলাই ৰখাৰ ফলত বোকা-পানীৰ উৎস হৈ পৰি থাকিব লগা হৈছে। 


বিগত ১৪ টা বছৰ ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে জনসাধাৰণ। ভি ইউ পি হৈছে (ভেহিকল আণ্ডাৰ পাছ)। সাধাৰণতে ৰাষ্ট্ৰীয় ঘাইপথেদি চলাচল কৰা তীববেগী যান-বাহনত যাতে কোনো বাধাপ্রাপ্ত নহয় তাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উপ-পথৰ লগত সংযুক্ত কৰি এই ভি ইউ পিসমূহ নিৰ্মাণ কৰা হয়। আনহাতে, ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথটো শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌলৈকে ফ'ৰলেন পথলৈ উন্নীত কৰণৰ পাছতে গৌৰীসাগৰ অঞ্চলত তিনিখনকৈ এনধৰণ ভি ইউ পি নিৰ্মাণ কৰা হৈছিল। তাৰ এখন দিখৌমুখ বৰ আলি সংযোগী গৌৰীসাগৰ নগৰৰ মাজমজিয়াত, দ্বিতীয়খন নিৰ্মাণ কৰা হৈছিল অ' এন জি চিৰ বলিয়াঘাট এক নং জি জি এছ সংযোগী পথত আৰু তৃতীয়খন নিৰ্মাণ কৰা হৈছিল ভটিয়াপাৰৰ এটি ৰ'ড সংযোগী স্থানত। 


ইতিমধ্যে আটাইকেইখন ভি ইউ পিৰ তলেদি যান-বাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হৈছে। কিন্তু তিনিওখন ভি ইউ পি নির্মীয়মাণ উপ- পথসমূহতকৈ চাপৰ হোৱাৰ উপৰি তাৰ গাঁতবোৰত বৰষুণৰ পানীসমূহ জমা হৈ পৰে। বাৰিষা-খৰালি জমা হৈ থকা এনেধৰণৰ ডোঙা ডোঙা পানীত এনেদৰে যান-বাহনসমূহ চলাচল কৰিবলৈ দিয়াত ভীষণ সমস্যাই দেখা দিছে।ইফালে, খোজকাঢ়ি যাতায়াত কৰা যাত্ৰীসকলেও একেধৰণৰ সমস্যাত ভুগিব লগা হৈছে। ইফালে, বাৰ-তেৰটা বছৰেও নিৰ্মাণ সম্পূর্ণ নোহোৱা ফ'ৰলেন পথটোৰ গৌৰীসাগৰত নিৰ্মাণ কৰা উক্ত ভি ইউ পি তিনিখন জি ডি চি এল নামৰ প্রতিষ্ঠানটোৱে নিৰ্মাণ কৰিছিল। 


ইতিমধ্যে প্রতিষ্ঠানটোৱে নিৰ্মাণ কৰা নামদাং নদীৰ ভি অ' পিখনৰ এটা অংশ চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাগি পৰাত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ সমান্তৰালকৈ একেটা প্রতিষ্ঠানে নির্মাণ কৰা উক্ত ভি ইউ পি তিনিখনৰ আন্তঃগাঁথনিক লৈও ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছিল। লগতে এন এইচ আই ডি চি এলকো ৰাইজে ক্ষুৰধাৰ সমালোচনা কৰিছিল।


আনহাতে, ভাগি পৰা নামদাং নদীৰ ভি ইউ পিখনৰ সন্দৰ্ভত এক উচ্চ স্তৰীয় তদন্তৰ লগতে তাৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও দাবী জনাইছিল। কিন্তু চাৰিটাকৈ মাহ অতিক্ৰম কৰাৰ পাছতো এন এইচ আই ডি চি এলে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে। আনহাতে ভি ইউ পি তিনিখনৰ এনে দুৰৱস্থাৰ পাছতো এন এইচ আই ডি চি এলে চকুমুদা কুলিৰ ভাও ধৰি থকা বিষয়টোৱেও ৰাইজক ক্ষুব্ধ কৰি তুলিছে। একাংশ সচেতন ৰাইজে জিলা আয়ুক্তগৰাকীক এই ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।

উৎস: দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
Advertisement