--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ বাগেশ্বৰ ধামৰ মুৰব্বী পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ কনিষ্ঠ ভাতৃ শালিগ্ৰাম গাৰ্গে বাগেশ্বৰ ধাম মহাৰাজৰ সৈতে সম্পৰ্ক ছেদ কৰা বুলি সামাজিক মাধ্যমত এটা ভিডিঅ’ৰ জৰিয়তে সদৰি কৰিছে৷ যি সময়ত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে সমগ্ৰ দেশৰ হিন্দুসকলক সংযোগ কৰাৰ কথা কৈ থকাৰ সময়তে শালিগ্ৰাম গাৰ্গৰ এনে ঘোষনাই সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে৷ 

শালিগ্ৰাম গাৰ্গে ভিডিঅ' বাৰ্তাত বাগেশ্বৰ ধাম আৰু মহাৰাজ জী আৰু সনাতন হিন্দুৰ ভাবমূৰ্তি এতিয়া কলংকিত হৈছে। সেয়ে এই সন্দৰ্ভত বালাজী চৰকাৰ আৰু পূজ্য মহাৰাজ জীৰ ওচৰত ক্ষমা বিচাৰিছো আৰু কোনো প্ৰজা বাগেশ্বৰ ধাম আৰু বাগেশ্বৰ ধামৰ মহাৰাজ জীৰ লগত জড়িত হোৱা উচিত নহয় বুলি উল্লেখ কৰিছে৷

শালিগ্ৰাম গাৰ্গে লগতে কয় যে বাগেশ্বৰ ধাম মহাৰাজৰ পৰা আজীৱন পাৰিবাৰিক সম্পৰ্ক থেদ কৰিছে। এতিয়াৰ পৰা তেওঁলোকৰ লগত কোনো সম্পৰ্ক আৰু সংযোগ নাই বুলি জিলা পাৰিবাৰিক আদালতত লিখিতভাৱে দিয়া হৈছে বুলি সদৰি কৰে৷

উল্লেখযোগ্য যে বাগেশ্বৰ ধাম মহাৰাজৰ কনিষ্ঠ ভাতৃ শলিগ্ৰাম গাৰ্গ প্ৰায়ে বিবাদৰ মাজত সোমাই থকা পৰিলক্ষিত হয়। বহু লোকে বাগেশ্বৰ মহাৰাজ ধীৰেন্দ্ৰ শাস্ত্ৰীক শালিগ্ৰাম বিবাদত থকাৰ বাবে লক্ষ্য কৰি কটাক্ষ কৰে যে জীয়ে মানুহৰ লগত সঠিক পথ অনুসৰণ কথা কয় তেওঁৰ ভাতৃয়ে তাৰ বিপৰিতে কাম কৰে৷

২০২৪ চনৰ ১ জুনত ছটাৰপুৰৰ বামিঠা থানাৰ গাধা গাঁৱত শালিগ্ৰামৰ গুণ্ডাগিৰিৰ আন এক গোচৰ পোহৰলৈ আহিছিল, য’ত মহিলাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post