--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল : ১৩ জানুৱাৰীৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ হোৱা মহাকুম্ভ মেলা প্ৰথমদিনাৰ পৰাই দেশৰ লগতে বিশ্ববাসীৰ চৰ্চাৰ বিষয় হৈ পৰিছিল। এই কুম্ভমেলা ২৬ ফেব্ৰুৱাৰীলৈকে চলিব। সেয়েহে এই সময়ছোৱাত সংগমনগৰৰ প্ৰয়াগৰাজত লাখ লাখ সাধু, সন্ন্যাসী, ভক্ত আৰু উপাসকসকলৰ ভিৰ দেখা যায়। দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে লোকাৰণ্য হৈ পৰে পৱিত্ৰ ত্ৰিবেণী সংগমস্থলী।

মহাকুম্ভৰ সময়ত সাধু, ভক্ত আৰু ধৰ্মীয় উপাসকসকল তেওঁলোকৰ বিশেষত্বৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। শেহতীয়াকৈ ভাইৰেল হোৱা সৌন্দৰ্য্য হৰ্ষ ঋচাৰিয়া, আই আই টি বাবা, কী বাবা, কান্তেৱালে বাবা বিশেষভাৱে চৰ্চাৰ বিষয় হৈ থকাৰ মাজতে মহাকুম্ভত সামগ্ৰী বিক্ৰী কৰিবলৈ অহা এগৰাকী অতি সাধাৰণ যুৱতীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। মহাকুম্ভত ভাইৰেল হোৱা এইগৰাকীয়েই হৈছে-মনালিছা, যাৰ সুন্দৰ চকুৱে মানুহক আপ্লুত কৰাই নহয়, ছ’চিয়েল মিডিয়াত শিৰোনাম হৈ পৰিছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত মনালিছাৰ বহু ফটো আৰু ভিডিঅ’ও ইটোৰ পাছত সিটোকৈ ভাইৰেল হৈ পৰিছিল।

মহাকুম্ভৰ ভাইৰেল মনালিছা কোন?
মনালিছা ভাইৰেল হোৱাৰ পাছত তেওঁৰ নাম, পৰিয়াল, পৰিয়ালৰ পটভূমি, জীৱন ইত্যাদিৰ বিষয়ে জানিবলৈ মানুহৰ কৌতুহল বৃদ্ধি পাবলৈ ধৰিলে। সংবাদ মাধ্যমত অহৰহ চৰ্চা হৈ থকা যুৱতীগৰাকীৰ নাম মনালিছা ভোছলে বুলি জনাৰ উপৰি, যিগৰাকী ইন্দোৰৰ মহেশ্বৰ অঞ্চলত বাস কৰা এটা সাধাৰণ পৰিয়ালৰ বুলি জনা যায়। মহাকুম্ভত মনালিছাই মালা বিক্ৰী কৰিবলৈ অহা এটা ৫০জনীয়া দলৰ সৈতে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ আহিছিল। মনালিছাও পৰিয়ালৰ অন্য সদস্যৰ সৈতে কুম্ভমেলাত ৰুদ্ৰাক্ষ আৰু কান্তিমালা বিক্ৰী কৰিছিল।

স্মৰ্তব্য যে প্ৰতিদিনে লাখ লাখ লোক মহাকুম্ভ মেলাত সমৱেত হৈছিল। কিন্তু সাধাৰণভাৱে মালা বিক্ৰী কৰা মনালিছা কেনেকৈ ইমান ভাইৰেল হৈ পৰিল?  জ্যোতিষী কৃষ্ণকান্ত মিশ্ৰই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট এক্সত মহাকুম্ভ মেলাৰ সুন্দৰ চকুৰ গৰাকী মনালিছাৰ বিষয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে কেনেকৈ মালা বিক্ৰী কৰা এগৰাকী সাধাৰণ ছোৱালী ইমান ভাইৰেল হৈ পৰিল। 

মনালিছাৰ ওপৰত গ্ৰহৰ পৰিছিল বিশেষ কৃপাদৃষ্টি। মনালিছা ভাইৰেল হোৱাৰ কাৰণ হৈছে-মনালিছা ধুনীয়া চকুৰ বাবেই তেওঁ কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আকৰ্ষণৰ কেন্দ্ৰবিদু হৈছিল। জ্যোতিষী কৃষ্ণকান্ত মিশ্ৰই লগতে কয় যে শনি গ্ৰহ কুম্ভ ৰাশিত প্ৰৱেশ, শুক্ৰৰ আছিল বৃষ ৰাশিত আৰু সূৰ্য্য মকৰ ৰাশি ট্ৰেনজিত কৰিছিল। এনে স্থলত ১০ জানুৱাৰীৰ পাছত সূৰ্য্য উত্তৰ দিশলৈ গতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে এই দিশলৈ বৈদিক শক্তি জাগ্ৰত হ’বলৈ কৰে, যাৰ ফলত সূৰ্য্য হ'ল চকুৰ কাৰক আৰু শুক্ৰ গ্ৰহ হৈছে সৌন্দৰ্য্যৰ কাৰক হোৱাৰ হেতুকে মনালিছা হঠাতে ভাইৰেল হৈ পৰে। গ্ৰহৰ শুভ প্ৰভাৱ মনালিছাৰ ওপৰত ইমানেই আছিল যে তাইক ছবিৰ অফাৰপৰ্যন্ত পাবলৈ ধৰিলে। জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহৰ শুভ আৰু অশুভ প্ৰভাৱে মানুহক এনেদৰে প্ৰভাৱিত কৰে যে এটা নিশাৰ ভিতৰতে মানুহৰ জীৱন পৰিক্ৰমাও সলনি কৰিব তুলিব পাৰে। ইয়াৰ জ্বলন্ত উদাহৰণেই হৈছে মহাকুম্ভ মেলাত মনালিছা ভাইৰেল হোৱাৰ ঘটনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ