--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৱাহাটীত অধ্যয়নৰত কন্যাক থৈ কালি সন্ধিয়া 'ব্ৰহ্মপুত্ৰ মেইল'যোগে গোসাইগাঁৱৰ নিজ গৃহলৈ বুলি ৰাওনা হোৱা সুভাষ পাল ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে।

ডিজিটেল ডেস্ক: গুৱাহাটীৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথত সন্ধানহীন হৈছে গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল (৫৩) নামৰ এজন ব্যক্তি। গুৱাহাটীত অধ্যয়নৰত কন্যাক থৈ কালি সন্ধিয়া 'ব্ৰহ্মপুত্ৰ মেইল'যোগে গোসাইগাঁৱৰ নিজ গৃহলৈ বুলি ৰাওনা হোৱা সুভাষ পাল ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে। শেষবাৰৰ বাবে তেওঁ ফোনত পৰিয়ালক কোকৰাঝাৰ ৰে’ল ষ্টেচন পোৱাৰ কথা জনাইছিল, কিন্তু তাৰপিছৰে পৰা তেওঁৰ কোনো যোগাযোগ হোৱা নাই। তেওঁৰ ম’বাইল ফোনটো বন্ধ হৈ আছে।


দুষ্কৃতিকাৰীয়ে তেওঁক সংজ্ঞাহীন কৰি তেওঁৰ সকলো লুটি নিয়াৰ সন্দেহ কৰিছে পৰিয়ালে। নিশা কোকৰাঝাৰ ষ্টেচনত বিচাৰ-খোচাৰ কৰিও তেওঁৰ কোনো সন্ধান নোলোৱাত বৰ্তমান পৰিয়ালটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।


যদি কোনোবাই তেওঁৰ সন্ধান পায়, অনুগ্ৰহ কৰি স্থানীয় আৰক্ষী বা পৰিয়ালৰ সৈতে যোগাযোগ কৰক। কোনো সদাশয় ব্যক্তিয়ে তেওঁৰ কিবা খবৰ পালে বা দেখা পালে অনুগ্ৰহ কৰি অতি সোনকালে নিকটৱৰ্তী থানাত জনাবলৈ আহ্বান পৰিয়ালৰ। 


এই অন্তৰ্ধানৰ ঘটনাই এতিয়া পৰিয়ালটোৰ লগতে অঞ্চলবাসীৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান