--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি মাটিয়া আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰি প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত জে’ল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষীৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে।

ডিজিটেল ডেস্ক: গোৱালপাৰা জিলাৰ মাটিয়াত আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে। দীৰ্ঘদিন ধৰি অঞ্চলটোত সক্ৰিয় হৈ থকা এটা মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলাই মাটিয়া আৰক্ষীয়ে বুদুচৰৰ পৰা ৩ টা কুখ্যাত মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।


ধৃত দালাল তিনিটা ক্ৰমে: আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলাম।


ধৃত লোককেইজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত মাটিৰ অবৈধ বেহা আৰু দালাল চক্ৰৰ সৈতে জড়িত থাকি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি আহিছিল।


আজি মাটিয়া আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰি প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত জে’ল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষীৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে।


উল্লেখ্য যে পূৰ্বৰ চৰকাৰখনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত মাটিৰ দালাল বা মধ্যভোগীৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। চৰকাৰৰ নীতি অনুসৰি, মাটি সংক্ৰান্তীয় কাম-কাজ যেনে- পট্টন, নামজাৰি, আৰু মাটি বিক্ৰী আদি প্ৰক্ৰিয়াত কোনো দালাল বা অবৈধ মধ্যভোগীৰ হস্তক্ষেপ সহ্য কৰা নহ'ব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে, অসম আৰক্ষীয়ে সময়ে সময়ে ৰাজ্যজুৰি বৃহৎ অভিযান চলাই বহু দালালক গ্ৰেপ্তাৰ কৰিছে।


মাটিৰ কাম-কাজ স্বচ্ছ আৰু সহজ কৰিবলৈ ইতিমধ্যে ধৰিত্ৰী অসম (Dharitri Assam) নামৰ অনলাইন প’ৰ্টেল মুকলি কৰা হৈছে। সাধাৰণ ৰাইজক কোনো দালালৰ প্ৰলোভনত নপৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে। জনসাধাৰণে নিজ অঞ্চলৰ বা জিলাৰ ৰাজহ চক্ৰৰ বিষয়া (Circle Officer) বা উপায়ুক্তৰ কাৰ্যালয়ত পোনপোটীয়াকৈ যোগাযোগ কৰিলে মাটিৰ কামবোৰ দালাল অবিহনে সম্পূৰ্ণ কৰিব পৰা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন