--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ তাৰকা বলাৰ মহম্মদ ছামীয়ে তেওঁৰ ব্যক্তিগত জীৱনক লৈ প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ২০১৮ চনত ছামীৰ পত্নী হাছিন জাহানে ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি সম্পৰ্ক বিচ্ছেদ কৰিছিল। ইয়াৰ পিছত ছামীয়ে নিজৰ কন্যা আয়ৰা (বেবো)ক লগ কৰিবলৈ হাহাকাৰ কৰে। কিন্তু এতিয়া তেওঁৰ ভাগৰুৱা চকু দুটাই সকাহ পালে আৰু ছোৱালীজনীক লগ পোৱাৰ পিছত ছামীক আৱেগিক যেন দেখা গ’ল। নিজ কন্যাক দেখা পাই আবেগিক হৈ পৰিল ছামী আৰু তেওঁক সাৱটি ধৰিলে। বৰ্তমান এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।


mohammad shami case has old disputes मुश्किलों में उलझे मोहम्मद शमी,  विवादों से है पुराना नाता, क्रिकेट न्यूज़


পুত্ৰীক লগ পোৱাৰ পিছত মহম্মদ ছামীক অতি আৱেগিক যেন লাগিল। বছৰ বছৰ পিছত কন্যাক লগ পোৱাৰ ভিডিঅ’ ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে। আয়ৰাও দেউতাকক লগ পোৱাৰ পিছত বৰ সুখী যেন লাগিল আৰু তেওঁলোকে শ্বপিং মলত বহুতো বজাৰ কৰে। ২০১৮ চনত যেতিয়া ছামী আৰু হাছিন জাহানৰ বিচ্ছেদ ঘটিছিল, তেতিয়া আয়ৰা বহুত সৰু আছিল। বহুবাৰ আয়ৰাক মনত পেলাই কেমেৰাত ছামীক দুখী যেন দেখা গৈছিন। তেওঁ লগতে উল্লেখ কৰিছিল যে তেওঁৰ পত্নীয়ে আয়ৰাক লগ কৰাবলৈ অমান্তি হৈছিল । অৱশ্যে এতিয়া বহু বছৰৰ অন্তত নিজ কন্যাক দেখাৰ পিছত ছামীৰ মুখত শিথিল হাঁহি এটা দেখা গ’ল।


Circle of Cricket India - Mohammed Shami clicks a selfie with his daughter  Aairah and her collection of chocolates ???? | Facebook

ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘‘বহু দিনৰ মূৰত যেতিয়া তাইক দেখিলো, মোৰ সময় স্তব্ধ হৈ গ’ল। মই তোমাক ইমান ভাল পাওঁ যে শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ বেবো।’’ 

ছামী বৰ্তমান ছুটীত আছে, আঘাতৰ বাবে তেওঁ এতিয়াও ভাৰতীয় দললৈ ঘূৰি অহা নাই। এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজত ছামীৰ প্ৰত্যাৱৰ্তনৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কি শৈলীত ছামীয়ে কামবেক কৰে সেয়া চাবলৈ আগ্ৰহী ক্ৰিকেট অনুৰাগীসকল। অহা ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ছিৰিজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী