--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ তাৰকা বলাৰ মহম্মদ ছামীয়ে তেওঁৰ ব্যক্তিগত জীৱনক লৈ প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ২০১৮ চনত ছামীৰ পত্নী হাছিন জাহানে ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি সম্পৰ্ক বিচ্ছেদ কৰিছিল। ইয়াৰ পিছত ছামীয়ে নিজৰ কন্যা আয়ৰা (বেবো)ক লগ কৰিবলৈ হাহাকাৰ কৰে। কিন্তু এতিয়া তেওঁৰ ভাগৰুৱা চকু দুটাই সকাহ পালে আৰু ছোৱালীজনীক লগ পোৱাৰ পিছত ছামীক আৱেগিক যেন দেখা গ’ল। নিজ কন্যাক দেখা পাই আবেগিক হৈ পৰিল ছামী আৰু তেওঁক সাৱটি ধৰিলে। বৰ্তমান এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।


mohammad shami case has old disputes मुश्किलों में उलझे मोहम्मद शमी,  विवादों से है पुराना नाता, क्रिकेट न्यूज़


পুত্ৰীক লগ পোৱাৰ পিছত মহম্মদ ছামীক অতি আৱেগিক যেন লাগিল। বছৰ বছৰ পিছত কন্যাক লগ পোৱাৰ ভিডিঅ’ ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে। আয়ৰাও দেউতাকক লগ পোৱাৰ পিছত বৰ সুখী যেন লাগিল আৰু তেওঁলোকে শ্বপিং মলত বহুতো বজাৰ কৰে। ২০১৮ চনত যেতিয়া ছামী আৰু হাছিন জাহানৰ বিচ্ছেদ ঘটিছিল, তেতিয়া আয়ৰা বহুত সৰু আছিল। বহুবাৰ আয়ৰাক মনত পেলাই কেমেৰাত ছামীক দুখী যেন দেখা গৈছিন। তেওঁ লগতে উল্লেখ কৰিছিল যে তেওঁৰ পত্নীয়ে আয়ৰাক লগ কৰাবলৈ অমান্তি হৈছিল । অৱশ্যে এতিয়া বহু বছৰৰ অন্তত নিজ কন্যাক দেখাৰ পিছত ছামীৰ মুখত শিথিল হাঁহি এটা দেখা গ’ল।


Circle of Cricket India - Mohammed Shami clicks a selfie with his daughter  Aairah and her collection of chocolates ???? | Facebook

ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘‘বহু দিনৰ মূৰত যেতিয়া তাইক দেখিলো, মোৰ সময় স্তব্ধ হৈ গ’ল। মই তোমাক ইমান ভাল পাওঁ যে শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ বেবো।’’ 

ছামী বৰ্তমান ছুটীত আছে, আঘাতৰ বাবে তেওঁ এতিয়াও ভাৰতীয় দললৈ ঘূৰি অহা নাই। এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজত ছামীৰ প্ৰত্যাৱৰ্তনৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কি শৈলীত ছামীয়ে কামবেক কৰে সেয়া চাবলৈ আগ্ৰহী ক্ৰিকেট অনুৰাগীসকল। অহা ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ছিৰিজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ