--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৮ ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰে মুম্বাইৰ ক্ৰিকেটাৰ মুশ্বীৰ খান এক পথ দুৰ্ঘটনাত আহত হয়। সৰফৰাজ খানৰ কনিষ্ঠ ভাতৃ মুশ্বীৰ খান ৷ ২০২৪ চনৰ ইৰাণী ট্ৰফী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আজমগড়ৰ ঘৰৰ পৰা পিতৃ নৌছাদ খানৰ সৈতে লক্ষ্ণৌলৈ গৈ আছিল তেওঁ ৷লক্ষ্ণৌলৈ আহি থাকোঁতে পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত তেওঁলোকৰ গাড়ীখন ডিভাইডাৰৰ সৈতে খুন্দা মৰাৰ ফলত বাগৰি পৰে আৰু দুয়োজন আহত হয়।


মুশ্বীৰ খানৰ ডিঙি হাড় ভাঙি যোৱাৰ লগতে পিতৃ সামান্য আঁচোৰ খায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দুয়োকে মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ডাঃ ধৰ্মেন্দ্ৰ সিঙৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে দুয়ো। 



Sarfaraz Khan Brother, Mumbai Cricketer Musheer Khan Injured In Road  Accident, Set To Miss Irani Cup - Amar Ujala Hindi News Live - Musheer Khan:सरफराज  के छोटे भाई मुशीर खान सड़क हादसे

পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰ মুশ্বীৰ খানক ডিঙিৰ বিষৰ বাবে মেদান্ত হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ অনা হয়। অৰ্থপেডিক্স বিভাগৰ সঞ্চালক ডাঃ ধৰ্মেন্দ্ৰ সিঙৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে। তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ৷

মুম্বাই ক্ৰিকেট সংস্থাও মুশ্বীৰৰ দুৰ্ঘটনা সন্দৰ্ভত এক বিবৃতিত জনায় যে এমচিএৰ চিকিৎসা দলে তেওঁৰ অগ্ৰগতি নিৰীক্ষণ কৰি আছে। ১৯ বছৰীয়া মুশ্বীৰ সুস্থ হৈ উঠিলে তেওঁক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰন কৰা হ’ব। ডিঙিত আঘাত পোৱাৰ বাবে তেওঁক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই) আৰু মুম্বাই ক্ৰিকেট সংস্থাৰ চিকিৎসা দলে তেওঁৰ অগ্ৰগতিৰ তীক্ষ্ণ দৃষ্টি ৰাখিছে যাতে তেওঁ উত্তম চিকিৎসা সেৱা লাভ কৰিব পাৰে।


Musheer Khan suffers injuries in road accident - Crictoday

এই দুৰ্ঘটনাৰ পিছত প্ৰায় তিনিমাহ ক্ৰিকেট খেলপথাৰৰ পৰা বিৰত থাকিব মুশ্বীৰ খান। এই সময়তে ১ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ইৰানী ট্ৰফী প্ৰতিযোগিতাত তেওঁ মুম্বাইক প্ৰতিনিধিত্ব কৰাটো অসম্ভৱ । ইয়াৰ পূৰ্বে দুলীপ ট্ৰফী প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছিল মুশ্বীৰে আৰু এই ছিজনত ইণ্ডিয়া Bৰ লগত খেলি থকাৰ সময়তো তেওঁ শতক অৰ্জন কৰিছিল। ইয়াৰ উপৰিও চলিত বৰ্ষৰ আৰম্ভণিতে মুম্বাইৰ ৰঞ্জি ট্ৰফী জয়ৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ