--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৮ ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰে মুম্বাইৰ ক্ৰিকেটাৰ মুশ্বীৰ খান এক পথ দুৰ্ঘটনাত আহত হয়। সৰফৰাজ খানৰ কনিষ্ঠ ভাতৃ মুশ্বীৰ খান ৷ ২০২৪ চনৰ ইৰাণী ট্ৰফী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আজমগড়ৰ ঘৰৰ পৰা পিতৃ নৌছাদ খানৰ সৈতে লক্ষ্ণৌলৈ গৈ আছিল তেওঁ ৷লক্ষ্ণৌলৈ আহি থাকোঁতে পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত তেওঁলোকৰ গাড়ীখন ডিভাইডাৰৰ সৈতে খুন্দা মৰাৰ ফলত বাগৰি পৰে আৰু দুয়োজন আহত হয়।


মুশ্বীৰ খানৰ ডিঙি হাড় ভাঙি যোৱাৰ লগতে পিতৃ সামান্য আঁচোৰ খায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দুয়োকে মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ডাঃ ধৰ্মেন্দ্ৰ সিঙৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে দুয়ো। 



Sarfaraz Khan Brother, Mumbai Cricketer Musheer Khan Injured In Road  Accident, Set To Miss Irani Cup - Amar Ujala Hindi News Live - Musheer Khan:सरफराज  के छोटे भाई मुशीर खान सड़क हादसे

পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰ মুশ্বীৰ খানক ডিঙিৰ বিষৰ বাবে মেদান্ত হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ অনা হয়। অৰ্থপেডিক্স বিভাগৰ সঞ্চালক ডাঃ ধৰ্মেন্দ্ৰ সিঙৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে। তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ৷

মুম্বাই ক্ৰিকেট সংস্থাও মুশ্বীৰৰ দুৰ্ঘটনা সন্দৰ্ভত এক বিবৃতিত জনায় যে এমচিএৰ চিকিৎসা দলে তেওঁৰ অগ্ৰগতি নিৰীক্ষণ কৰি আছে। ১৯ বছৰীয়া মুশ্বীৰ সুস্থ হৈ উঠিলে তেওঁক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰন কৰা হ’ব। ডিঙিত আঘাত পোৱাৰ বাবে তেওঁক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই) আৰু মুম্বাই ক্ৰিকেট সংস্থাৰ চিকিৎসা দলে তেওঁৰ অগ্ৰগতিৰ তীক্ষ্ণ দৃষ্টি ৰাখিছে যাতে তেওঁ উত্তম চিকিৎসা সেৱা লাভ কৰিব পাৰে।


Musheer Khan suffers injuries in road accident - Crictoday

এই দুৰ্ঘটনাৰ পিছত প্ৰায় তিনিমাহ ক্ৰিকেট খেলপথাৰৰ পৰা বিৰত থাকিব মুশ্বীৰ খান। এই সময়তে ১ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ইৰানী ট্ৰফী প্ৰতিযোগিতাত তেওঁ মুম্বাইক প্ৰতিনিধিত্ব কৰাটো অসম্ভৱ । ইয়াৰ পূৰ্বে দুলীপ ট্ৰফী প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছিল মুশ্বীৰে আৰু এই ছিজনত ইণ্ডিয়া Bৰ লগত খেলি থকাৰ সময়তো তেওঁ শতক অৰ্জন কৰিছিল। ইয়াৰ উপৰিও চলিত বৰ্ষৰ আৰম্ভণিতে মুম্বাইৰ ৰঞ্জি ট্ৰফী জয়ৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী