--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়াৰ পৰা বাবৰ আজমক পাকিস্তানৰ অধিনায়ক হিচাপে দেখা নাযাব এদিনীয়া আৰু টি-২০ত। পাকিস্তানৰ পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমে অধিনায়ক পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ পূৰ্বেও বাবৰ আজমে এদিনীয়া শৃংখলাৰ পাছতে অধিনায়কৰ দায়িত্বৰ অব্যাহতি লৈছিল বাবৰ আজমে৷ ক্ৰিকেটাৰ গৰাকীয়ে সমাজিক মাধ্যমত অব্যাহতিৰ কথা ঘোষণা কৰি কয় যে তেওঁ ছেপ্টেম্বৰ মাহত পাকিস্তান ক্ৰিকেট ব’ৰ্ড (পিচিবি) আৰু দল মেনেজমেণ্টক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল।

পাকিস্তানৰ ক্ৰিকেটাৰ গৰাকীয়ে অব্যাহতিৰ কথা ঘোষণা কৰি কয় যে দলক নেতৃত্ব প্ৰদান কৰাটো এক সন্মানৰ বিষয়, কিন্তু এই দায়িত্বৰ বাবে কামৰ বোজাও বৃদ্ধি পাইছে। মই খেল প্ৰদৰ্শনৰ ওপৰত অগ্ৰাধিকাৰ দিয়াৰ লগতে বেটিং উপভোগ কৰিব বিচাৰো আৰু পৰিয়ালৰ সৈতে  সময় কটাব বিচাৰো, যিয়ে মনসিক সন্তুষ্টি প্ৰদান কৰে। অধিনায়কৰ পদৰ পৰা অব্যাহতি লোৱাৰ পাছত খেল আৰু ব্যক্তিগত বিকাশৰ ওপৰত অধিক মনোনিৱেশ কৰিব পাৰিম৷

তেওঁ লগতে উল্লেখ কৰিছে যে, অনুৰাগীৰ সমৰ্থন আৰু সমৰ্থকসকলে তেওঁৰ ওপৰত বিশ্বাস ৰখাৰ বাবে কৃতজ্ঞ। অনুৰাগীসকলৰ উৎসাহ তেওঁৰ বাবে প্ৰেৰণা স্বৰূপ। আমি যিখিনি অৰ্জন কৰিছো তাৰ বাবে মই গৌৰৱান্বিত আৰু এজন খেলুৱৈ হিচাপে দলৰ অংশ হ'বলৈহে আগ্ৰহী। অনুৰাগীৰ  মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনায়৷

উল্লেখযোগ্য যে বাবৰ আজমে পাকিস্তানৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰা এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০২৩ চনৰ বিশ্বকাপত দুৰ্বল প্ৰদৰ্শনৰ পাছত তেওঁক পাকিস্তানৰ অধিনায়ক পদৰ পৰা আঁতৰাই দিয়া হৈছিল। অৱশ্যে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে তেওঁক হোৱাইট বল দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। কিন্তু ক্ৰিড়াবিদ গৰাকীয়ে পুনৰ অধিনায়কৰ পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এনে পৰিস্থিতে পাকিস্তানে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিব লাগিব, এই শৃংখলাত শ্বান মাছুদ অধিনায়ক দায়িত্ব গ্ৰহণ কৰিব। কিন্তু, বাবৰ আজমৰ পদত্যাগৰ পাছত এতিয়া পিচিবিৰ সন্মুখত এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল কোন হ’ব পৰৱৰ্তী হোৱাইট বল ক্ৰিকেটৰ অধিনায়ক?

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ