--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিলেখ সৃষ্টি কৰি আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীক পিছ পেলাই এছিয়াৰ আটাইতকৈ ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা এমডি মুকেশ আম্বানী। এই কথা প্ৰকাশ পাইছে ব্লুমবাৰ্গ বিলিয়নাৰছ ইনডেক্সত।

সূচকাংক অনুসৰি, আম্বানীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৯৯.৭ বিলিয়ন ডলাৰ। ২০২২ চনত আম্বানীৰ সম্পদ ৯.৬৯ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। এই তালিকাত তেওঁ অষ্টম স্থান লাভ কৰাৰ বিপৰীতে গৌতম আদানীয়ে ৯৮.৭ বিলিয়ন ডলাৰ সম্পত্তিৰে ৯ নম্বৰ স্থানত আছে।

মনিকণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্ক এই তালিকাত বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছে আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ ২২৭ বিলিয়ন ডলাৰ। ইয়াৰ পিছতে আছে আমাজনৰ জেফ বেজ’ছ, তৃতীয় স্থানত আছে এইচ ভি এম এইচৰ বাৰ্নাৰ্ড আৰ্নল্ট আৰু মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছ চতুৰ্থ স্থানত আছে। এই তালিকাৰ পঞ্চম স্থানত আছে প্ৰবীণ বিনিয়োগকাৰী বেৰেন বাফেট।

স্মৰ্তব্য যে, বিগত এসপ্তাহৰ ভিতৰত ৰিলায়েন্সৰ শ্বেয়াৰ ৬.৭৯ শতাংশলৈ বৃদ্ধি পাইছে। ২০২২ চনত এতিয়ালৈকে এই ষ্টকটোৱে ১৬.৬১ শতাংশ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। 
মুকেশ আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ, পৰিচালন সঞ্চালক আৰু বৃহৎ অংশীদাৰিত্বৰ মালিক। ৰিলায়েন্স হৈছে ফৰ্চুন গ্ল’বেল ৫০০ কোম্পানীসমূহৰ ভিতৰত অন্যতম আৰু বজাৰ মূল্যৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ মূল্যৱান কোম্পানী। পিছত ধীৰুভাইয়ে কলাবাটাত "Sea Wind" নামৰ ১৪ মহলীয়া এপাৰ্টমেণ্ট এটা ক্ৰয় কৰে। মুকেশ আৰু অনিল আম্বানীয়ে নিজ পৰিয়ালৰ সৈতে দুটা বেলেগ বেলেগ মহলাত বাস কৰিছিল।

মুকেশে মুম্বাইৰ পেডাৰ ৰোডৰ হিল গ্ৰেঞ্জ হাইস্কুলত পঢ়িছিল। তেওঁৰ ভাতৃ অনিল আৰু তেওঁৰ সহকৰ্মী আনন্দ জৈনও তাত তেওঁৰ সহপাঠী আছিল। ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজী (ইউডিচিটি)ৰ পৰা ৰাসায়নিক অভিযান্ত্ৰিক বিষয়ত বি ই ডিগ্ৰী লাভ কৰিছিল মুকেশ আম্বানীয়ে। পৰৱৰ্তী সময়ত মুকেশে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।

মুকেশ আম্বানীয়ে ১৯৭৫ চনত নীতা আম্বানীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুই পুত্ৰ আৰু এগৰাকী কন্যা সন্তানেৰে তেওঁৰ সুখৰ সংসাৰ। জ্যেষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু কনিষ্ঠ পুত্ৰ আকাশ আম্বানী ৰিলায়েন্স জিঅ’ ইনফ’কমৰ ষ্ট্ৰেটেজিক ডিভিজনৰ মুৰব্বী। কন্যা ঈশা আম্বানী জিঅ’ এণ্ড ৰিলায়েন্স ৰিটেইল ব’ৰ্ডৰ সদস্য। 

২০১৬ চনৰ মাৰ্চ মাহত ৰাজদীপ সৰদেশাইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুকেশে কৈছিল যে তেওঁৰ প্ৰিয় খাদ্য হৈছে ইদলী ছাম্বাৰ আৰু তেওঁৰ প্ৰিয় ৰেষ্টুৰেণ্ট হৈছে মুম্বাইৰ কিং চাৰ্কলৰ মহীশূৰ কেফে। ১৯৬৩ চনৰ পৰা ১৯৬৭ চনলৈ UDCT ৰ ছাত্ৰ হৈ থাকোঁতে মুকেশে নিয়মীয়াকৈ খাবলৈ মহীশূৰ কেফেলৈ গৈছিল বুলিও জানিবলৈ পোৱা যায়।

২০১২ চনৰ ৩১ মাৰ্চ বিত্তীয় বৰ্ষৰ শেষত মুকেশে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মুৰব্বী হিচাপে বাৰ্ষিক ২৪ কোটি টকা দৰমহা ত্যাগ কৰাৰ সিদ্ধান্ত লয়। সেই বিত্তীয় বৰ্ষত ৰিলায়েন্সৰ জ্যেষ্ঠ কাৰ্যবাহীসকলৰ মুঠ পাৰিতোষিক বৃদ্ধি হোৱাৰ পিছতো তেওঁ নিজৰ সিদ্ধান্তত অটল হৈ আছিল। 

ধীৰুভাই আম্বানী আৰু কোকিলাবেন আম্বানীৰ জ্যেষ্ঠ পুত্ৰ আৰু অনিল আম্বানীৰ জ্যেষ্ঠ ভাতৃ। ৰিলায়েন্সৰ জৰিয়তে তেওঁ আইপিএল ফ্ৰেঞ্চাইজী মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী৷ ২০১২ চনত ফ’ৰ্বছে তেওঁক আটাইতকৈ ধনী ক্ৰীড়া দলৰ স্বত্বাধিকাৰী হিচাপে নিযুক্তি দিয়ে। চীনৰ হুৰুণ ৰিচাৰ্চ ইনষ্টিটিউটৰ এক অধ্যয়ন অনুসৰি ২০১৫ চনত ভাৰতীয় ধনকুৱেৰৰ ভিতৰত আম্বানীয়ে পঞ্চম স্থান লাভ কৰিছিল।

২০১৬ চনত ফ’ৰ্বছ মেগাজিনৰ বিশ্বৰ আটাইতকৈ শক্তিশালী ব্যক্তিৰ তালিকাত ৩৬ নম্বৰ স্থান লাভ কৰি নজিৰ সৃষ্টি কৰিছিল। ফ’ৰ্বছ মেগাজিনত এই স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হৈছিল তেওঁ।

২০১৭ চনলৈকে একেৰাহে ১২ বছৰ ধৰি ভাৰতৰ আটাইতকৈ ধনাঢ্য ব্যক্তি হিচাপে বিবেচিত হৈ আহিছে আম্বানী। ২০১৯ চনত ফ’ৰ্বছৰ গ্লোৱেল বিলিয়নাৰৰ তালিকাত ১৩ নম্বৰ স্থান লাভ কৰিছিল তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement