--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহৰ মাজত দিনক দিনে বাঢ়ি আহিছে সুৰাৰ প্ৰতি আসক্তি৷ সম্প্ৰতি মানুহে সুৰাপান কৰাতকৈ সুৰাইহে মানুহক সেৱন কৰাৰ দৰে বুলি ক’ব পাৰি৷ শেহতীয়াকৈ ছত্তীশগড়ৰ বিলাসপুৰত এক হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে। সুৰাৰ ৰাগীত মতলীয়া যুৱকৰ নিৰ্মম প্ৰহাৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় এটা বন্য পশু।

জানিব পৰা মতে ছিপাট থানা এলেকাৰ নৱগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ নৱগাঁও বাসিন্দা মনোজ যাদৱৰ ঘৰৰ সমীপৰ বাৰীত শাক-পাচলি খাই থকাত, বান্দৰটোক খেদি পঠিয়াবলৈ পৰিয়ালটোৱে শিলগুটি নিক্ষেপ কৰাত আঘাতপ্ৰাপ্ত হৈ পৰা বান্দৰটোক মদ্যপায়ীয়ে বান্দৰটোক লাঠিৰে কোবাই মাৰিলে আৰু তাৰ পিছত টানি লৈ যায়।

আশে-পাশে থকা প্ৰতক্ষ্যদৰ্শী সকলে তেওঁক বাধা দিবলৈ চেষ্টা কৰে যদিও, তেওঁ  কাৰো কথা নুশুনিলে। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ক্ষোভিত হৈ উঠিছে অঞ্চলবাসীৰ লগতে সকলো হিন্দু সম্প্ৰদায়ৰ লোক৷ ক্ষোভিত হিন্দু সমাজে ছিপাট থানাত উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এনে কাণ্ডই ধৰ্মীয় আৱেগক আঘাত কৰিবলৈ গৈ আছে বুলিও মদত প্ৰকাশ কৰে। 

ছিপাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলেশ পাণ্ডে এই বিষয়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। আৰু বন বিভাগৰ দলটোৱেও এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে, আৰু শীঘ্ৰে অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ