--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহৰ মাজত দিনক দিনে বাঢ়ি আহিছে সুৰাৰ প্ৰতি আসক্তি৷ সম্প্ৰতি মানুহে সুৰাপান কৰাতকৈ সুৰাইহে মানুহক সেৱন কৰাৰ দৰে বুলি ক’ব পাৰি৷ শেহতীয়াকৈ ছত্তীশগড়ৰ বিলাসপুৰত এক হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে। সুৰাৰ ৰাগীত মতলীয়া যুৱকৰ নিৰ্মম প্ৰহাৰত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় এটা বন্য পশু।

জানিব পৰা মতে ছিপাট থানা এলেকাৰ নৱগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ নৱগাঁও বাসিন্দা মনোজ যাদৱৰ ঘৰৰ সমীপৰ বাৰীত শাক-পাচলি খাই থকাত, বান্দৰটোক খেদি পঠিয়াবলৈ পৰিয়ালটোৱে শিলগুটি নিক্ষেপ কৰাত আঘাতপ্ৰাপ্ত হৈ পৰা বান্দৰটোক মদ্যপায়ীয়ে বান্দৰটোক লাঠিৰে কোবাই মাৰিলে আৰু তাৰ পিছত টানি লৈ যায়।

আশে-পাশে থকা প্ৰতক্ষ্যদৰ্শী সকলে তেওঁক বাধা দিবলৈ চেষ্টা কৰে যদিও, তেওঁ  কাৰো কথা নুশুনিলে। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ক্ষোভিত হৈ উঠিছে অঞ্চলবাসীৰ লগতে সকলো হিন্দু সম্প্ৰদায়ৰ লোক৷ ক্ষোভিত হিন্দু সমাজে ছিপাট থানাত উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এনে কাণ্ডই ধৰ্মীয় আৱেগক আঘাত কৰিবলৈ গৈ আছে বুলিও মদত প্ৰকাশ কৰে। 

ছিপাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলেশ পাণ্ডে এই বিষয়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। আৰু বন বিভাগৰ দলটোৱেও এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে, আৰু শীঘ্ৰে অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post