--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ সংবিধানত কোনো নিৰ্দিষ্ট ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হোৱা নাই৷ হিন্দী, ইংৰাজী ভাষাৰ লগতে ২২টা আঞ্চলিক ভষাক সংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে৷ চিপিআই(এম)ৰ ৰাজ্যসভাৰ সাংসদ জন ব্রিটাছে সংসদত সোধা প্ৰশ্নৰ উত্তৰ কেন্দ্রীয় চৰকাৰে কেৱল হিন্দী ভাষাত দিয়াত আপত্তি প্রকাশ কৰাৰ পাছত শেহতীয় কৈ ৰাষ্ট্ৰীয় ভাষাৰ প্ৰসংগই চৰ্চা লাভ কৰিছে৷ চিপিআই(এম)ৰ সাংসদ গৰাকীয়ে এই বিষয়ে আপত্তি দৰ্শাই কয় যে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ সাংসদসকলৰ সৈতে ভাব-বিনিময় কৰিবৰ বাবে ইংৰাজী ভাষা ব্যৱহাৰ কৰাৰ নিয়ম আৰু পৰম্পৰা আছে।

দেওবাৰে চিপিআই-এমৰ ৰাজ্যসভাৰ সাংসদ জন ব্রিটাছে সংসদত সোধা প্ৰশ্নৰ উত্তৰ কেৱল হিন্দীত দিয়াত আপত্তি দৰ্শাই, এই পৰম্পৰাই বিধিগত ভাষাৰ বিধান উলংঘা কৰা বুলি অভিযোগ কৰাৰ উপৰিও অন্যান্য ভাষা ব্যৱহাৰ কৰা সদস্যসকলে নিজৰ সংসদীয় কাম-কাজ ফলপ্ৰসূভাৱে সম্পন্ন কৰাত বাধা প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন কৰিছে৷

চিপিআই(এম)ৰ ৰাজ্যসভাৰ সাংসদ জন ব্রিটাছে এক্সত এটা পোষ্ট যোগে এই বিষয়টো উত্থাপন কৰিছে৷ 
কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতৰ ৰাজ্যৰ সাংসদসকলক সম্বোধন কৰি ইংৰাজী ভাষাত  চিঠি লিখাটো এটা নিয়ম আৰু পৰম্পৰা হৈ আহিছে যদিও শেহতীয়াকৈ এই নিয়ম এই নিয়ম উলংঘা কৰা বুলি উল্লেখ কৰিছে। বাধ্যত পৰি বিবৃতিত সাংসদ ড০ জন ব্রিটাছে মালয়ালম ভাষাত ৰে’ল আৰু খাদ্য প্রচেছিং উদ্যোগৰ ৰাজ্যিক মন্ত্রী ৰৱনীত সিং বিট্টুলৈ প্ৰত্যুত্তৰ প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰে৷

এই দৰে কেন্দ্ৰীয় চৰকাৰে সংসদত সোধা প্ৰশ্নৰ উত্তৰ কেৱল হিন্দী ভাষাত দিয়া বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। যাতে এনে হিন্দী জাতীয়তাবাদে দেশত ভাষিক বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰে৷ কেৰেলাই হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা নাই তেনে পৰিপ্ৰেক্ষিতত সদনৰ মজিয়াত কেৱল হিন্দীতে উত্তৰ দিয়াত ক্ষুব্ধ হৈ সাংসদ গৰাকীয়ে এই পন্থাৰে বিষয়টোৰ দৃষ্টি আকৰ্ষণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ