--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ত্ৰিপুৰা-মেঘালয়ৰ পাছত এইবাৰ তৃণমূলৰ লক্ষ্য হৈ পৰিছে অসম। আগন্তুক ১০ দিনৰ ভিতৰত অসমতো তৃণমূলত যোগদান কৰিবলৈ নেতাৰ হেতা-ওপৰা লাগিব বুলি তৃণমূল ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে ইংগিত দিছে।  দেওবাৰে অসমৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা ৰিপুন বৰাই কলকাতালৈ উপস্থিত হৈ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছতে উচ্ছসিত হৈ পৰিছে সুস্মিতা দেৱ। কংগ্ৰেছৰ বাবে এয়া এক ডাঙৰ আঘাত বুলি মন্তব্য কৰি সুস্মিতাই কয়, ‘অনাগত ১০ দিনত অসমত মমতা মেজিক চলাতো খাটাং। বহুতে তৃণমূলৰ  সৈতে যোগাযোগ কৰিছে আৰু যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। আমি শীৰ্ষ নেতৃত্বৰ সৈতে কথা পাতিম আৰু আগন্তুক ১০ দিনৰ ভিতৰত তেওঁলোকক গুৱাহাটীতে দলত অন্তৰ্ভুক্ত কৰা হ’ব।’ কেৱল সেয়াই নহয় অসমৰ ৰাইজে মমতাৰ নেতৃত্বতে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব বিচাৰে বুলিও মন্তব্য তৃণমূলৰ সাংসদগৰাকীৰ।

তৃণমূল সূত্ৰৰ খবৰ অনুসৰি, দলটোৱে এসপ্তাহৰ ভিতৰতে গুৱাহাটীত ৰাজ্যিক মুখ্য কাৰ্যালয় মুকলি কৰিবলৈ যো-জা চলাব। সুস্মিতা দেৱৰ দাবী, তৃণমূলৰ নতুন ৰাজ্যিক কাৰ্যালয় মুকলি হোৱাৰ পিছত, আন দলৰ নেতাসকল তাত যোগদান কৰিব। দৰাচলতে, ২০১৬ চনত ক্ষমতা হেৰুওৱাৰ পাছত উত্তৰ-পূবৰ দৰে বৃহত্‍ ৰাজ্যখনত কংগ্ৰেছ ক্ৰমান্বয়ে নিচিহ্ন হৈ আহিছে। বিগত বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ সৈতে মিত্ৰতা কৰা স্বত্বেও বিজেপিক ৰুধিব নোৱাৰিলে। কংগ্ৰেছৰ এই দুৰ্বলতাই ৰাজ্যখনৰ তৃণমূলৰ পথ আৰু সুগম কৰি তুলিছে।

উল্লেখ্য যে, বিগত বৰ্ষৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ পাছত তৃণমূলে উত্তৰ-পূবৰ ৰাজ্যসমূহত নিজৰ সংগঠনৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছে। ত্ৰিপুৰা আৰু মেঘালয়ৰ কেইবাজনো নেতাই ইতিমধ্যে তৃণমূলত যোগদান কৰিছে। এইবাৰ সুস্মিতা আৰু ৰিপুন বৰাৰ আঙুলিত ধৰি অসমতো কংগ্ৰেছ বিভাজন হোৱাৰ সম্ভাৱনাই প্ৰবল ৰূপত ধৰা দিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসমত তৃণমূল কংগ্ৰেছে সংগঠনৰ ভেটি সম্প্ৰসাৰণ কৰিবলৈ লাগিছে সেয়া স্পষ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ