--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ জ্যেষ্ঠনেতা ভগৱন্ত মানে ব্ৰিটিছ সাংসদ তনমনজিৎ সিং ধেচীৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছতেই আম আদমী পাৰ্টীক সমালোচনাৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে৷ ব্ৰিটিছ সাংসদগৰাকীয়ে কাশ্মীৰ সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়৷  আৰু তাৰ পাছতেই বিজেপিয়ে এই বৈঠকৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা প্ৰাক্তন সেনাপ্ৰধান জেজে সিঙে ব্ৰিটিছ সাংসদ তনমনজিৎ সিং ধেচীক সাক্ষাৎ কৰাৰ বাবে ভগৱন্ত মানক সমালোচনা কৰি কয় যে আম আদমী পাৰ্টীয়ে স্পষ্ট কৰিব লাগে যে দলটোৱে ব্ৰিটিছ সাংসদৰ বিচ্ছিন্নতাবাদ আৰু ভাৰতবিৰোধী দৃষ্টিভংগীক সমৰ্থন কৰে নে নাই। অৱশ্যে, দুজন কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি কেইবাজনো বিজেপি নেতায়ো তনমনজিৎ সিং ধেচীক সাক্ষাৎ কৰিছে।

লেবাৰ পাৰ্টিৰ সাংসদ ধেচিয়ে যোৱা সপ্তাহত ভগৱন্ত মান আৰু আপৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাক সাক্ষাৎ কৰিছিল। বৈঠকৰ পিছত ধেচীয়ে টুইটযোগে লিখিছিল, মই পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ওচৰত কৃতজ্ঞ যে তেওঁ মোক চণ্ডীগড়ত থকা তেওঁৰ বাসভৱনলৈ আদৰণি জনাইছিল। আমি অনাবাসী ভাৰতীয়সকলৰ পঞ্জাবৰ অগ্ৰগতি চাবলৈ আশা আৰু ইচ্ছাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছোঁ।

ইপিনে, ভগৱন্ত মান আৰু আম আদমী পাৰ্টীক সমালোচনা কৰি 
বিজেপি নেতা জেজে সিঙে কৈছিল যে, ধেচীৰ সৈতে বৈঠকত কি আলোচনা হৈছিল আৰু পঞ্জাবত আপ নেতৃত্বাধীন চৰকাৰে তেওঁক কি প্ৰতিশ্ৰুতি দিছিল সেয়া মুখ্যমন্ত্ৰী মনে ৰাজহুৱা কৰা উচিত। আনহাতে, ধেচিয়ে জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা সমাপ্ত কৰাৰ ভাৰত চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিছে

উল্লেখযোগ্য যে, শাসনভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰ বিজেপিৰ সমালোচনাৰ লক্ষ্য হৈ আহিছে৷ ইয়াৰ পূৰ্বে ভগৱন্ত মানৰ জুলাইৰ পৰা বিদ্যুৎ মুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল বিজেপিয়ে৷

আম আদমী পাৰ্টীৰ ভগৱন্ত মানৰ সৈতে ব্ৰিটিছ সাংসদৰ আলোচনাক লৈ সৰব হৈ পৰা বিজেপি কিন্তু নীৰৱ প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ গুজৰাট ভ্ৰমণক লৈ৷ একেই ব্ৰিটিছ সংসদৰ দুগৰাকী প্ৰতিনিধিয়ে ভাৰত ভ্ৰমণলৈ আহিছে৷ ইয়াৰে এগৰাকীক বিজেপিয়ে বিচ্ছিন্নতাবাদী আখ্যা দিছে আম আদমী পাৰ্টীৰ সৈতে আলোচনাত মিলিত হোৱা বাবে৷ অথচ, একেই বিজেপিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনছনক আদৰণি জনাবলৈ অধিক উৎসুকতাৰে ৰৈ আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ