--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান অষ্ট্ৰেলিয়াৰ দলটোৱে শ্ৰীলংকা ভ্ৰমণৰ সময়ত দুখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ খেলিছে। এই মেচত অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে বিশেষ দ্বৈত শতকৰ দিশে আগবাঢ়িছে।

স্মিথৰ চকু টিম ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ তথা প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বিশ্ব অভিলেখৰ ওপৰত। একে সময়তে স্মিথে নিজৰ দলৰ অভিলেখ অৰ্থাৎ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ অভিলেখ ভংগ কৰিছে।

আচলতে এই অভিলেখ টেষ্ট ক্ৰিকেটত সৰ্বাধিক কেচ লোৱাৰ বাবে। শ্ৰীলংকাৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্টৰ প্ৰথম ইনিংছত স্মিথে ২টা কেচ লৈ ৰিকি পণ্টিঙৰ অভিলেখ ভংগ কৰে।

টেষ্ট ক্ৰিকেট কেৰিয়াৰত পণ্টিঙে ১৯৬টা কেচ লয়। এতিয়া স্মিথে এই সংখ্যা অতিক্ৰম কৰি ১৯৭টা কেচ কৰিবলৈ সক্ষম হৈছে।এতিয়া যদি স্মিথে দ্বিতীয় ইনিংছত ৩টা কেচ লয় তেন্তে টেষ্ট ক্ৰিকেটত কেচৰ দুটা শতক সম্পূৰ্ণ কৰিব।

টেষ্টত সৰ্বাধিক কেচ লোৱাৰ অভিলেখ ৰাহুল দ্ৰাবিড়ৰ নামত। দ্ৰাবিড়ে টেষ্ট কেৰিয়াৰত মুঠ ২১০টা কেচ লয়। এতিয়া স্মিথে নিজৰ কেৰিয়াৰত দ্ৰাবিড়ৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে নে নাই সেয়া চাবলৈ আগ্ৰহী সকলো ক্ৰিকেটপ্ৰমী।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post