--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দবা খেলৰ ক্ষেত্ৰখনত এই সময় ভাৰতৰ বাবে সোণালী যুগ বুলি কলেও বঢ়াই কোৱা নহ’ব৷ এইবাৰ ভাৰতে লাভ কৰিলে বিশ্ব দবা চেম্পিয়ন৷ কিছু সময়ৰ পৰা ভাৰতীয় দবা ক্ষেত্ৰখনে যথেষ্ট উৎকৰ্ষ সাধন কৰিছে৷ ভাৰতীয় দবা খেলৰ এনে গৌৰৱসময় সময়তে যোৰহাট জিলা দবা সন্থাই অতিক্ৰম কৰিলে সোণালী জয়ন্তী বৰ্ষ।

১৯৭৫ চনতে জন্ম লাভ কৰা যোৰহাট জিলা দবা সন্থাই ২০২৫ বৰ্ষত সোণালী জয়ন্তী বৰ্ষত ভৰি দিছেহি। আজি এদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ তাৰকা গৃহত অনুষ্ঠিত হোৱা সন্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত পুৱা সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি নিৰোদ চাংকাকতিয়ে৷ মূল পতাকাৰ লগতে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে যোৰহাটৰ সমাজ জীৱনৰ লগত জড়িত ৫০ জন বিশিষ্ট ব্যক্তিয়ে ৫০ খন পতাকাও উত্তোলন কৰে৷

সন্থাই বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে সোণালী জয়ন্তী৷ বৰ্ষজোৰা কাৰ্যসূচী অনুসৰি জুলাই মাহত কেইবাখনো ৰাজ্যিক ভিত্তিত প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে সন্থাই ডিচেম্বৰ মাহত এখন আন্তঃৰাষ্ট্ৰীয় দবা খেলৰ অয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাখনত দবাৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দ উপস্থিত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আয়োজকে। ইতিমধ্যে ইয়াৰ বাবে যোৰহাট দবা সন্থাই যোগাযোগ স্থাপন কৰিছে বুলি সদৰী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement