--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দবা খেলৰ ক্ষেত্ৰখনত এই সময় ভাৰতৰ বাবে সোণালী যুগ বুলি কলেও বঢ়াই কোৱা নহ’ব৷ এইবাৰ ভাৰতে লাভ কৰিলে বিশ্ব দবা চেম্পিয়ন৷ কিছু সময়ৰ পৰা ভাৰতীয় দবা ক্ষেত্ৰখনে যথেষ্ট উৎকৰ্ষ সাধন কৰিছে৷ ভাৰতীয় দবা খেলৰ এনে গৌৰৱসময় সময়তে যোৰহাট জিলা দবা সন্থাই অতিক্ৰম কৰিলে সোণালী জয়ন্তী বৰ্ষ।

১৯৭৫ চনতে জন্ম লাভ কৰা যোৰহাট জিলা দবা সন্থাই ২০২৫ বৰ্ষত সোণালী জয়ন্তী বৰ্ষত ভৰি দিছেহি। আজি এদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ তাৰকা গৃহত অনুষ্ঠিত হোৱা সন্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত পুৱা সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি নিৰোদ চাংকাকতিয়ে৷ মূল পতাকাৰ লগতে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে যোৰহাটৰ সমাজ জীৱনৰ লগত জড়িত ৫০ জন বিশিষ্ট ব্যক্তিয়ে ৫০ খন পতাকাও উত্তোলন কৰে৷

সন্থাই বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে সোণালী জয়ন্তী৷ বৰ্ষজোৰা কাৰ্যসূচী অনুসৰি জুলাই মাহত কেইবাখনো ৰাজ্যিক ভিত্তিত প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে সন্থাই ডিচেম্বৰ মাহত এখন আন্তঃৰাষ্ট্ৰীয় দবা খেলৰ অয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাখনত দবাৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দ উপস্থিত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আয়োজকে। ইতিমধ্যে ইয়াৰ বাবে যোৰহাট দবা সন্থাই যোগাযোগ স্থাপন কৰিছে বুলি সদৰী কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post