--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক্ষমতাত নাথাকিলে কংগ্ৰেছ অস্থিৰ হৈ পৰে। ক্ষমতাত থকা অৱস্থাতো জনসাধাৰণৰ মংগলৰ সলনি নিজৰ মংগল চিন্তা কৰা নেতাৰ সংখ্যা অধিক হয়। বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাজ্যিক প্ৰেক্ষাপটলৈকে চালে এটা কথা চৰ্চালৈ আহিছে যে ৰাহুল গান্ধীৰ অদক্ষতা আৰু আঁকোৰগোজ স্থিতিয়ে কংগ্ৰেছক মৃত্যুমুখলৈ ঠেলি দিছে। বিধ্বস্ত হৈ পৰা কংগ্ৰেছক কিদৰে উদ্ধাৰ কৰিব পাৰি তাৰ বাবে ৰাজস্থানৰ উদয়পুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল চিন্তন শিবিৰ। আশ্চৰ্যজনক কথাটো হ’ল, এই চিন্তন শিবিৰতো নোলাল কোনো সমাধান সূত্ৰ, নোলাল কংগ্ৰেছ উদ্ধাৰৰ মন্ত্ৰ।

উল্লেখযোগ্য যে কংগ্ৰেছৰ আজিৰ বিপৰ্যয় আৰু বিধ্বস্ত অৱস্থাৰ বাবে কোন দায়ী সকলোৱে জানে। অথচ যাৰ বাবে দেশৰ প্রাচীনতম ৰাজনৈতিক দলটো শেষ হ’বলৈ ওলাইছে, সেই শক্তিক ৰক্ষণাৱেক্ষণ দিয়াৰ বাবেহে ৰাজস্থানৰ চিন্তন শিবিৰত প্রস্তুতি চলিছিল। অৰ্থাৎ বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছক গঢ় দিবৰ বাবে কোনো বাস্তৱসন্মত আঁচনি দলটোৱে গ্ৰহণ কৰিব নোৱাৰিলে। যি সময়ত বিজেপিয়ে তিনিগৰাকীকৈ ৰাষ্ট্ৰীয় অধ্যক্ষ সলনি কৰিছে, সেই সময়ত কংগ্ৰেছে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মাজতে দলৰ অধ্যক্ষ পদ সালসলনি কৰি আছে। ছোনিয়া গান্ধী বৰ্তমান অসুস্থ। ৰাজহুৱা সভা-সমিতিৰ পৰা আঁতৰি আছে ছোনিয়া গান্ধী। আনকি লোকসভা নিৰ্বাচনতো ছোনিয়া গান্ধীয়ে প্রচাৰ চলাব পৰা নাছিল। শেহতীয়াকৈ অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যৰ বিধানসভা
নিৰ্বাচনতো ছোনিয়া গান্ধীয়ে কোনো প্রচাৰ চলোৱা নাছিল। শাৰীৰিক অসুস্থতাৰ বাবেই ছোনিয়া গান্ধী ৰাজহুৱা জীৱনৰ পৰা আঁতৰি আছে। অৰ্থাৎ কংগ্ৰেছৰ অধ্যক্ষ হিচাপে ছোনিয়া গান্ধী
আলংকাৰিকহে।

অসুস্থ ছোনিয়া গান্ধীক আঁতৰাই নেহৰু-গান্ধী পৰিয়ালৰ বাহিৰৰ এজন যোগ্য আৰু দক্ষ নেতাক কংগ্ৰেছৰ অধ্যক্ষ পাতিব লাগে বুলি দলৰ মজিয়াৰ পৰাই দাবী উঠিছে। আনকি সদ্য পদত্যাগী কংগ্ৰেছ নেতা কপিল ছিবালে অভিযোগ কৰিছে যে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী, কিন্তু ৰাহুল গান্ধীয়ে কিহৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰে? ইয়াৰ উত্তৰ কাৰো হাতত নাই। কংগ্ৰেছ এতিয়াও এটা পৰিয়ালৰ প্রাইভেট লিমিটেড কোম্পানী হিচাপে পৰিচিত হৈ পৰিছে। চিন্তন শিবিৰত আলোচনা হ’ব লাগিছিল, এগৰাকী কৰ্মদক্ষ আৰু বিজেপি তথা নৰেন্দ্ৰ মোদীৰ বিকল্প নেতাৰ বিষয়ে। নৰেন্দ্ৰ মোদীৰ বিকল্প হিচাপে কংগ্ৰেছে নহয়, ভাৰতৰ ১৩০ কোটি নাগৰিকে গ্রহণ কৰিব পৰা এগৰাকী নেতাৰ সন্ধান চিন্তন শিবিৰে দিব নোৱাৰিলে। চিন্তন শিবিৰ চূড়ান্ত ব্যৰ্থ আৰু ছোনিয়া গান্ধীক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি যাবলৈ এই শিবিৰৰ পৰাই এখন ৰাহুল গান্ধীয়ে লাইচেন্স ভলিয়াই লোৱা বুলিহে অভিযোগ উঠিছে। কংগ্ৰেছত শীৰ্ষ মহলত কোনো পৰিৱৰ্তন নহয়। ছোনিয়া গান্ধী আৰু ৰাছুল গান্ধীয়ে তেওঁলোকৰ কাম-কাজৰ দ্বাৰা এই ইংগিত দিছে। যদি ছোনিয়া গান্ধীয়ে অধ্যক্ষ পদ এৰে, তেতিয়া ৰাহুল গান্ধীয়ে এই দায়িত্ব ল'ব। এনেদৰে সলনা-সলনিকৈ ছোনিয়া, ৰাহুল নতুবা সাংঘাটিক পৰিৱৰ্তনৰ নামত প্ৰিয়ংকা গান্ধীয়ে দলৰ অধ্যক্ষ পদ ল’ব। প্রশান্ত কিশোৰৰ দৰে আধুনিক ৰাজনীতিৰ চাণক্যয়ো ৰাহুল গান্ধীৰ ৰক্ষণশীলতা আৰু চকী এৰি দিয়াৰ কোনো মতলব নথকা বুলি জানি কংগ্ৰেছৰ পৰা দূৰলৈ আঁতৰি গৈছে। আগন্তুক সকলো নিৰ্বাচনত কংগ্ৰেছ পৰাস্ত হ’ব বুলি প্রশান্ত কিশোৰে ঘোষণা কৰিছে। আনকি জনসাধাৰণৰ মাজত থাকি তেওঁলোকৰ মনৰ বুজ লৈ প্রশান্ত কিশোৰে ইয়াকো কৈছে যে বৰ্তমানৰ যি ৰাজনীতি কংগ্ৰেছত বৰ্তি আছে, ইয়াৰ ফলত ভাৰতবৰ্ষৰ সমাজ জীৱনত কংগ্ৰেছ পাহৰণিৰ গৰ্ভলৈ যাবলৈ বেছিদিন নালাগিব। সেইবাবে প্রশান্ত কিশোৰে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা ছোনিয়া, ৰাহুল গান্ধীক আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল। প্ৰশান্ত কিশোৰৰ এই পৰামৰ্শতে ৰাহুল গান্ধী অসন্তুষ্টু হৈ পৰিছিল।

১৬ মে'ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিবালে ৰাহুল গান্ধীৰ বাবেই দলত্যাগ কৰিলে। আগন্তুক দিনত আৰু কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতাই দলত্যাগ কৰাটো নিশ্চিত। যি নেতৃত্বৰ 'হাতত দলৰ ভৱিষ্যৎ নাই, সেই নেতৃত্বৰ ওপৰত ভৰসা কৰি কেনেকৈ কৰ্মীসকল থাকিব? তদুপৰি কংগ্ৰেছত নাই কোনো আভ্যন্তৰীণ গণতন্ত্ৰ। এটা পৰিয়ালক সুৰক্ষিত কৰাৰ বাবে ৰাজনীতি কৰিবলগা হয়, সকলোৱে। নৰেন্দ্ৰ মোদীৰ বিকল্প হিচাপে ৰাহুল গান্ধীক ভাৰতৰ জনসাধাৰণে বাৰে বাৰে প্রত্যাখ্যান কৰিছে। ইয়াৰ পাছতো নেতৃত্ব এৰিবলৈ আগ্ৰহী নহয়, ৰাহুল গান্ধীক লে সমস্যাত
পৰিছে দলীয় নেতা-কৰ্মীসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ