--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : লক্ষ্য বিধানসভা নিৰ্বাচন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে গুজৰাটত। গুজৰাটত একাধিক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাগ ল’বলগীয়া প্ৰধানমন্ত্ৰী মোদীয়ে বিশাল পাটিদাৰ সন্মিলনতো ভাষণ দিব। ইতিমধ্যেই গুজৰাটত তেওঁ একাধিক কাৰ্যসূচীত ভাগ লৈছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৰাজকোটত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে। এই সভাত তেওঁ কয়, ‘গুজৰাটৰ মানুহে মোক বহুত শিকাইছে।’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বিগত ৮ টা বছৰে কৰা কামৰ খতিয়ানো দাঙি ধৰে। ‘আমি কৰ’না সংক্ৰমণৰ সময়ত দেশৰ জনগণক সকলো সুবিধা প্ৰদান কৰাৰ বাবে কাম কৰিছিলোঁ। ভেকছিনৰ বাবে কোনেও এটকাও খৰচ কৰিব লগা হোৱা নাছিল। এই আঠ বছৰত, আমি কোনো ভাৰতীয়কে মূৰ তল কৰিবলৈ দিয়া নাই।’ 

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, যোৱা ৮ বছৰত ভুলক্ৰমেও এনে একো হ'বলৈ দিয়া নাই যাৰ ফলত দেশৰ কোনো নাগৰিকৰ নাগৰিকে মূৰ তল কৰিবলগীয়া হৈছে। বিগত বছৰবোৰত, আমি দৰিদ্ৰজনৰ সেৱা, সুশাসন আৰু দুৰ্বলীজনৰ কল্যাণৰ মন্ত্ৰক সৰ্বাধিক অগ্ৰাধিকাৰ দিছোঁ। সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাসৰ মন্ত্ৰ অনুসৰণ কৰি আমি দেশৰ উন্নয়নত এক নতুন গতি প্ৰদান কৰিছোঁ। 
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘এই পৰিস্থিতিত আমি চেষ্টা কৰিছোঁ যাতে আমাৰ দৰিদ্ৰ শ্ৰেণী আৰু মধ্যবিত্ত শ্ৰেণীয়ে অসুবিধাৰ সন্মুখীন হ'ব নালাগে। আমাৰ চৰকাৰে নাগৰিকসকলে সকলো সা-সুবিধা  লাভ কৰাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা চলাই আছে। 

তেওঁৰ নেতৃত্বৰ চৰকাৰৰ সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমি আমাৰ মাতৃ আৰু ভগ্নীসকলৰ জন ধন বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰিছোঁ। কৃষক আৰু শ্ৰমিকৰ বেংক একাউণ্টতো ধন জমা কৰিছোঁ। আমি বিনামূলীয়া গেছ চিলিণ্ডাৰৰ ব্যৱস্থা কৰিছিলোঁ যাতে দৰিদ্ৰ লোকৰ পাকঘৰ সুকলমে চলি থাকিব পাৰে। যদি দৰিদ্ৰৰ চৰকাৰ থাকিলে, কিদৰে ই দৰিদ্ৰজনৰ সেৱা আগবঢ়ায়, তেওঁলোকক শক্তিশালী কৰাৰ বাবে কাম কৰে, আজি সমগ্ৰ দেশে সেয়া অনুভৱ কৰিবলৈ সক্ষম হৈছে। আনকি বিগত ১০০ বছৰৰ ভিতৰৰ আটাইতকৈ ডাঙৰ সংকটৰ সময়তো দেশে এইকথা অনুভৱ কৰি আহিছে। যেতিয়া মহামাৰী আৰম্ভ হৈছিল, দৰিদ্ৰ লোকসকলৰ বাবে খাদ্য সংকটৰ সৃষ্টি হৈছিল, সেই সময়তে আমি দেশৰ দৰিদ্ৰজনৰ বাবে খাদ্য ভাণ্ডাৰ মুকলি কৰিছিলোঁ। 

তেওঁ লগতে কয় যে, আমাৰ চৰকাৰে সকলো সা-সুবিধাক এশ শতাংশ নাগৰিকৰ কাষলৈ লৈ যোৱাৰ বাবে অভিযান আৰম্ভ কৰিছে। যেতিয়া সকলো নাগৰিকৰ কাষলৈ আঁচনিৰ সুবিধা কঢ়িয়াই নিয়াৰ লক্ষ্য লোৱা হয় তেতিয়াই সকলো ভেদ-ভাদ আঁতৰ হৈ পৰে। দুৰ্নীতিৰ সুযোগো তেতিয়া নাথাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ