--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: উপৰ্যুপৰি সাংগঠনিক ব্যৰ্থতাৰ পাছত ৰাহুল গান্ধীক কংগ্ৰেছৰ মুৰব্বী হিচাপে গ্ৰহণ কৰিবলৈ অপাৰগ হৈছিল দলটোৰ একাংশ জ্যেষ্ঠনেতা৷ ৰাহুল গান্ধীৰ ৰাজনৈতিক অপৰিপক্বতাই ইতিমধ্যে দেশৰ প্ৰধান বিৰোধী দলটোক বেকফুটলৈ ঠেলি দিছে৷ অন্য এক দৃষ্টিকোণেৰে চালে দেখা যায়, বিজেপিৰ কৌশলী প্ৰচাৰ আৰু ৰাহুল গান্ধীক ‘পাপ্পু’জাতীয় অভিধাৰে প্ৰতিষ্ঠিত কৰি জনমানসত ইতিমধ্যে হেয় কৰি তোলা হৈছে৷ আৰু ৰাহুল গান্ধীৰো কংগ্ৰেছক পুনৰুদ্ধাৰৰ বাবে নিজা পৰিকল্পনা পৰিলক্ষিত হোৱা নাই৷

অথচ, তাৰ মাজতেই ৰাহুল গান্ধীক দলৰ মুৰব্বীৰ আসনত বহুৱাবলৈ উঠিপৰি লাগিছে দিল্লী কংগ্ৰেছ৷ দিল্লী কংগ্ৰেছে ৰাহুল গান্ধীক দলটোৰ সভাপতি নিৰ্বাচিত কৰোৱাৰ প্ৰস্তাৱ গৃহীত কৰিছে। দিল্লী প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি অনিল কুমাৰে কয় যে দিল্লী কংগ্ৰেছে দেওবাৰে সৰ্বসন্মতিক্ৰমে ৰাহুল গান্ধীক দলৰ সভাপতিৰ দায়িত্ব ল’বলৈ অনুৰোধ জনাই এক প্ৰস্তাৱ গৃহীত কৰে।

দুদিনীয়া নৱ সংকল্প শিবিৰত এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল বুলি তেওঁ কয়। প্ৰস্তাৱটোত কোৱা হৈছে যে কেৱল ৰাহুল গান্ধীৰ দৰে নেতাই কংগ্ৰেছক অধিক শক্তিশালী আৰু পুনৰুজ্জীৱিত কৰিব পাৰিব৷ দিল্লী প্ৰদেশ কংগ্ৰেছ সমিতিয়ে দলটোৰ বাবে এয়া প্ৰত্যাহ্বানমূলক সময় বুলিও অভিহিত কৰে।

অনিল কুমাৰে কয়, ৰজিন্দৰ নগৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেম লতাইও নৱ সংকল্প শিবিৰত উপস্থিত আছিল আৰু এইটো সংকল্প লোৱা হৈছিল যে তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষ নেতৃত্বলৈকে কংগ্ৰেছ কৰ্মীসকলে স্থানীয় লোকসকলৰ ওচৰলৈ যাব আৰু তেওঁৰ বিজয় নিশ্চিত কৰিবলৈ বিজেপি আৰু আম আদমী পাৰ্টি চৰকাৰৰ অপশাসন আৰু দুৰ্নীতি উন্মোচন কৰিব। তেওঁ কৈছিল যে বহুকেইগৰাকী জ্যেষ্ঠ নেতাই বুথ টেবল পৰিচালনা কৰিবলৈ আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰতি মানুহৰ সমৰ্থন সংগ্ৰহ কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি অহাটো সন্তোষজনক।

কুমাৰৰ উপৰিও দিল্লী কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত শক্তিসিংহ গোহিল, প্ৰাক্তন সাংসদ ৰমেশ কুমাৰ আৰু উদিত ৰাজ, দিল্লীৰ প্ৰাক্তন মন্ত্ৰী হাৰুণ ইউছুফ, ড° কিৰণ ৱালিয়া আৰু নৰেন্দ্ৰ নাথেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত