--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হল। নানা জল্পনা-কল্পনাৰ পাছত দুগৰাকী নতুন মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰিব। তাৰে এগৰাকী হৈছে ডিমা হাছাওৰ হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচা আৰু আনগৰাকী হৈছে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। বুধবাৰে মুখ্যমন্ত্ৰীয়ে এই দুগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণকেন্দ্ৰিক চৰ্চাই নতুন মাত্ৰা লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে এফালে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ জৰিয়তে দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলালে যদিও আৰু বহু নতুন জল্পনাৰ বাট মুকলি কৰিও দিলে। তদুপৰি ন-বিজেপি আৰু পুৰণি বিজেপিৰ মাজৰ বহুচৰ্চিত সংঘাতৰ প্ৰসংগকো যেন ই নতুন মাত্ৰা দিলে।

 

আমি পূ্ৰ্বেই উল্লেখ কৰিছিলোঁ যে, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এটা কঠিন সিদ্ধান্তত পৰিণত হৈছিল। তেওঁ কিছুদিন পূৰ্বে এই বছৰৰ শেষলৈহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ভবা হব বুলি মন্তব্য কৰিছিল। কিন্তু তাৰ পাছত তেওঁ হঠাতে ঘোষণা কৰিলে পাহাৰৰ প্ৰতিনিধি এগৰাকীক মন্ত্ৰীসভাত চামিল কৰাৰ কথা। কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী ধামখুমীয়াৰ মাজত মুখ্যমন্ত্ৰীৰ এই ঘোষণা নিৰ্বাচনকেন্দ্ৰিক বুলি ভবা হৈছিল আৰু নতুন মন্ত্ৰীগৰাকী কাৰ্বি আংলঙৰ চাৰি বিধায়কৰ মাজৰ পৰা নিৰ্বাচন কৰা হব পাৰে বুলি ভবা হৈছিল। কিন্তু সেয়া নহল। তাৰ সলনি নন্দিতা গাৰ্লোচাৰ ভাগ্যৰ দুৱাৰ মুকলি হল। একেদৰে সুযোগ বুজিয়েই মুখ্যমন্ত্ৰীয়ে যেন তেওঁৰ অতি বিশ্বস্ত সহযোগী তথা এতিয়াৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাকো মন্ত্ৰীসভাত সংস্থাপিত কৰিলে। কংগ্ৰেছৰ পৰা অহাৰ পাছত বিজেপিৰ প্ৰথম কাৰ্যকালতো জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰীসভাত স্থান পোৱা নাছিল। তেওঁ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ পদতেই সন্তুষ্ট থাকিবলগীয়া হৈছিল। এইবাৰো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ সময়ত তেওঁক মন্ত্ৰীসভাত স্থান দিবলৈ সক্ষম হোৱা নাছিল মুখ্যমন্ত্ৰীয়ে। এতিয়া সেই দায়ৰ পৰা যেন মুক্ত হল। কিন্তু এইখিনিতে আন কিছুমান প্ৰসংগই চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰিছে।

 

মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰীৰ দ্বিধাগ্ৰস্ত অৱস্থা এটা বিগত সময়ছোৱাত ধৰা পৰিছিল। তাৰ কাৰণ কেইবাটাও বুলি ধাৰণা কৰা হৈছে। এইবোৰৰ ভিতৰত প্ৰথম আৰু প্ৰধান হৈছে বিজেপিৰ ভিতৰচৰাত উমি উমি জ্বলি থকা বিদ্ৰোহৰ জুই

বিজেপিত এতিয়া ন আৰু পুৰণিৰ মাজত মুকলি সংঘাত হোৱাটো এতিয়া স্পষ্ট হৈ পৰিছে। মন্ত্ৰীত্বপ্ৰত্যাশী বিজেপিৰ পুৰণি একাংশ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীৰ প্ৰত্যাশা পূৰণ নকৰাকৈ দীৰ্ঘদিন থকাটো এতিয়া আৰু সম্ভৱ হৈ থকা নাই। তদুপৰি সহযোগী দলবোৰৰ প্ৰত্যাশা পূৰণ কৰাৰ বাবেও মুখ্যমন্ত্ৰীৰ ওপৰত চাপ সৃষ্টি কৰা হৈছে। ইউপিপিএলে এটা মন্ত্ৰীপদৰ লাভ কৰিবই বুলি নিশ্চিত হৈ থকা বুলি প্ৰকাশ কৰিছিলআন এটা সহযোগী দল অগপকো আন এটা মন্ত্ৰীপদ দিয়াৰ কথা। ফণীভূষণ চৌধুৰীয়ে এই মন্ত্ৰীপদ লাভৰ আশা পালি আছে।

 

ইফালে, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰঞ্জিত দত্ত, প্ৰশান্ত ফুকনৰ দৰে জ্যেষ্ঠ বিজেপি নেতাই মন্ত্ৰিত্ব লাভৰ বাবে অপেক্ষা কৰি কৰি দিন পাৰ কৰিছে। তাৰ মাজতে যোৱা বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যই ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল। আকস্মিকভাৱে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ দিশ বিবচিত হয়। মন্ত্ৰীসভাত একাধিক পদ খালী থকাৰ পাছতো শীঘ্ৰেই সম্প্ৰসাৰণ বা সাল-সলনিৰ সম্ভৱনাৰ কথা মুখ্যমন্ত্ৰীয়ে অস্বীকাৰ কৰি আহিছিল যদিও যোৱা বৃহস্পতিবাৰে কৰা ঘোষণা আৰু তাৰ পাছত কালি কৰা আনুষ্ঠানিক ঘোষণাই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে। 


কিন্তু পাঁচটা পদ খালী থকা মন্ত্ৰীসভাৰ তিনিটা পদ এতিয়াও খালী কৰি ৰাখিছে মুখ্যমন্ত্ৰীয়ে। এই পদকেইটা কাৰ বাবে ৰখা হৈছে বা কি পৰিকল্পনাৰে ৰখা হৈছে তাক লৈও চৰ্চা চলিছে। এই পদকেইটা খালী কৰি ৰখাৰ জৰিয়তে মন্ত্ৰীসভাৰ পুনৰ সম্প্ৰসাৰণৰ সম্ভাৱনাক সজীৱ কৰি ৰাখি মুখ্যমন্ত্ৰীয়ে দলত হব পৰা বিসম্বাদ তথা বিৰোধক প্ৰশমিত কৰি ৰাখিব বিচাৰিছে নেকি বুলিও চৰ্চা চলিছে। উল্লেখ্য যে, সৰ্বানন্দ সোণোৱালৰ দিনটো খালী আছিল মন্ত্ৰীসভাৰ পদ। হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি পৰিকল্পনাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, তথা নতুন দুগৰাকী মন্ত্ৰীৰ নিযুক্তিৰ পাছত দলৰ মজিয়াত সৃষ্টি হব পৰা সম্ভাব্য পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰাটো সম্ভৱ হব সেয়া বিশেষভাৱে আজিৰ তাৰিখত এক চৰ্চাৰ বিষয় হৈ পৰিছে।



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ