--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কৃত্রিম বুদ্ধিমত্তা (AI), ৭০ শতাংশ ভাৰতীয় স্নাতক ডিগ্রীধাৰী যুৱক-যুৱতীক তেওঁলোকৰ ঈপ্সিত কর্মসংস্থাপন আহৰণ কৰাৰ ক্ষেত্ৰত বাধাৰ প্রাচীৰ হ'ব।

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তা (AI), ৭০ শতাংশ ভাৰতীয় স্নাতক ডিগ্রীধাৰী যুৱক-যুৱতীক তেওঁলোকৰ ঈপ্সিত কর্মসংস্থাপন আহৰণ কৰাৰ ক্ষেত্ৰত বাধাৰ প্রাচীৰ হ'ব। বিনিয়োগ পেছাদাৰীসকলৰ বিশ্বজনীন সংস্থা, চি এফ এ ইনষ্টিটিউটে ইয়াৰ 'গ্ল'বেল গ্রেজুৱেট আউটলুক' সমীক্ষা, ২০২৫ত প্ৰকাশ কৰিছে এই উদ্বেগজনক তথ্য।


বৃহস্পতিবাৰে সংস্থাটোৱে প্ৰকাশ কৰা প্রতিবেদনখনত প্রায় ৯০০০ ভাৰতীয়ক সামৰি চলোৱা সমীক্ষা প্রকাশ পাইছে। কেৰিয়াৰ সন্ধানী নতুনকৈ স্নাতক ডিগ্রী লাভ কৰা এইসকল ভাৰতীয় যুৱক-যুৱতীক সামৰি সমীক্ষা চলাই সংস্থাটোৱে প্ৰকাশ কৰিছে যে বিশ্বৰ ভিতৰত গড় হিচাপত বহুতো ভাৰতীয় শিক্ষিত যুৱক-যুৱতীয়ে শংকা প্রকাশ কৰে যে ভাৰতত কৃত্রিম বুদ্ধিমত্তা অথবা স্বয়ংক্রিয় সঁজুলি ব্যৱহাৰৰ ফলত তেওঁলোকে বিচৰা ধৰণে এটা ভাল চাকৰিৰ পৰা বঞ্চিত হ'ব।


আনহাতে, ৫০ শতাংশ ভাৰতীয় স্নাতকে আত্মবিশ্বাস ব্যক্ত কৰে তেওঁলোকে এ আই ফলপ্রসূভাৱে ব্যৱহাৰ কৰিব পাৰিব। চি এফ এই প্রকাশ কৰা প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত এ আইৰ ব্যৱহাৰ মন্থৰ গতিত বৃদ্ধি পাইছে। ২০২৪ চনত এ আইৰ ব্যৱহাৰৰ ক্ষেত্রত ৫৯ শতাংশ হোৱাৰ বিপৰীতে চলিত বৰ্ষত এ আইৰ ব্যৱহাৰ ৬৩ শতাংশ হৈছে। এইটোৱে প্রতিফলন কৰিছে যে সজাগতা আৰু অৱলম্বন কৰাৰ অভাৱৰ বাবেই কৃত্ৰিম বুদ্ধিমত্তাৰ (এ আই) ব্যৱহাৰ ভাৰতত আশা কৰা ধৰণে বৃদ্ধি হোৱা নাই।


চি এফ এ ইনষ্টিটিউট, ভাৰতৰ দেশী মুৰব্বী আৰতি পৰৱালে কয় যে বৰ্তমানৰ প্ৰজন্মৰ বাবে এ আই এটা বিকল্প হৈ থকা নাই। পেছাগত বিকাশৰ বাবে কি প্রয়োজনীয় সেইটো ভাৰতীয় শিক্ষিত যুৱক-যুৱতীয়ে জানে আৰু সেইবাবে প্রাসংগিক কৌশল আহৰণ কৰাত তেওঁলোক আগ্রহী। আনহাতে প্রতিবেদনখনত পুনৰবাৰ কোৱা হৈছে যে একেৰাহে তিনি বছৰ ধৰি ভাৰতীয় স্নাতকসকলে বিত্তীয় খণ্ডত চাকৰি কৰাৰ বাবে অগ্রাধিকাৰ দিছে। ৩৮ শতাংশ ভাৰতীয় স্নাতকে বিত্তীয় খণ্ডত চাকৰি কৰাৰ বাবে আগ্রহী আৰু ৩২ শতাংশ স্নাতকে তথ্য প্রযুক্তি খণ্ডত আৰু ২১ শতাংশই শিক্ষা খণ্ডত চাকৰিৰ বাবে আগ্রহ ব্যক্ত কৰিছে।


উল্লেখযোগ্য যে যোৱা বৰ্ষত প্রকাশ কৰা প্রতিবেদনৰ দৰে এইবাৰো একেই পৰিসংখ্যা প্ৰকাশ কৰা হৈছে। ডি ৱাই পাটিল বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° অর্চনা সিঙে মুম্বাইত এই প্রতিবেদন প্রকাশ কৰি কয় যে ভাৰতীয় স্নাতকসকলে বিত্তীয় খণ্ডত চাকৰিৰ বাবে আগ্রহ বেছিকৈ প্ৰকাশ কৰিছে।


এ আই পৰিচালিত প্রযুক্তি ব্যৱহাৰেৰে বিত্তীয় খণ্ডত কাম কৰিবলৈ আগ্রহী হৈছে যুৱক-যুৱতীসকল। আনহাতে, স্নাতক ডিগ্রী লাভ কৰাৰ পাছতেই ৪০ শতাংশ ভাৰতীয়ই কৰ্মসংস্থান পোৱাৰ বাবে আগ্রহী বুলি প্রতিবেদনখনত প্রকাশ পাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ