--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জৈৱ বৈচিত্ৰ্যৰ গৱেষণাৰ এক উল্লেখযোগ্য অগ্ৰগতি হিচাপে ড⁰ কংকন শৰ্মাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা দলে মেঘালয়ৰ চূণশিলৰ গুহাৰ জটিল গভীৰতাত গুহাত বাস কৰা এক নতুন প্ৰজাতিৰ মাছ চিনাক্ত কৰিছে । 

লেডী কিন কলেজ, শ্বিলং আৰু আই চি এ আৰ-নেশ্যনেল ব্যুৰো অৱ ফিচ জেনেটিক ৰিচ’ৰ্ছ, লক্ষ্ণৌৰ সহযোগত আৱিষ্কাৰ কৰা মাছৰ প্ৰজাতিটোক 'শ্বিষ্টুৰা ডেনচিক্লাভা' নামেৰে নামকৰণ কৰা হৈছে । 

মেঘালয়ৰ অতি আন্ধাৰ গুহাত মাটিৰ তলত শ শ মিটাৰ দূৰত্বত পোৱা শ্বিষ্টুৰা ডেনচিক্লাভাই বিভিন্ন দুৰ্গম পৰিৱেশত জীয়াই থাকিব পাৰে । সম্পূৰ্ণ আন্ধাৰত বিৱৰ্তনৰ মাজেৰে দ্বাৰা গঢ় লৈ উঠা ইয়াৰ অনন্য শাৰীৰিক বৈশিষ্ট্যই ইয়াক অন্য প্ৰজাতিৰ পৰা পৃথক কৰে। বিবিচিৰ এক প্ৰতিবেদনেও এই আৱিষ্কাৰৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰিছে যে ৰাজ্যখনৰ আনুমানিক ১৫০০ৰ পৰা ১৭০০ চূণশিল আৰু বেলেগ বেলেগ শিলৰ ব্যৱস্থাৰ অংশস্বৰূপ এই গুহাসমূহ জটিলতা আৰু দুৰ্গমতাৰ বাবে পৰিচিত যদিও দলটোৱে নিজৰ গৱেষণা সফলভাৱে সম্পন্ন কৰিছে । 

দলটোৰ সফলতাত মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই শুভেচ্ছা জ্ঞাপন কৰে । উপাচাৰ্যগৰাকীয়ে কয় যে, "এই আৱিষ্কাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে অপৰিসীম গৌৰৱৰ বিষয় আৰু এই গৱেষণাই পৰৱৰ্তী সময়ত বৈজ্ঞানিক ধাৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছে ।" 

ড⁰ কংকন শৰ্মাই এই আৱিষ্কাৰৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য প্ৰদান কৰি কয় যে, “মেঘালয়ৰ গুহাৰ প্ৰত্যাহ্বানমূলক পৰিৱেশত শ্বিষ্টুৰা ডেনচিক্লাভা আৱিষ্কাৰ কৰাটো প্ৰকৃতি আৰু আমাৰ দল উভয়ৰে বাবে গুৰুত্বপূৰ্ণ । আমি উন্মোচন কৰা প্ৰতিটো নতুন প্ৰজাতিয়ে পৰিৱেশতন্ত্ৰসমূহৰ জটিলতাৰ প্ৰতি আমাক অধিক অন্বেষণৰ বাবে  ইন্ধন যোগায়।” উল্লেখযোগ্য যে উক্ত প্ৰজাতিৰ মাছৰ আৱিষ্কাৰৰ পূৰ্বেও দলটোৱে বিভিন্ন গুহাত বাস কৰা মাছৰ প্ৰজাতিৰ সন্ধান চলাইছিল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত