--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংগালুৰুৰ এআইৰ অভিযন্তা অতুল সুভাষৰ আত্মহত্যাৰ ঘটনাই সম্প্ৰতি সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। শেহতীয়া কৈ বাংগালুৰুৰ ৩৪ বছৰীয়া এআই অভিযন্তা অতুল সুভাষৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে বহুতো নতুন নতুন তথ্য৷

প্ৰাপ্ত তথ্য অনুসৰি পত্নীৰ হাৰাশাস্তিৰ পৰা বিৰক্ত হৈ সোমবাৰে আত্মহত্যাৰ দৰে চৰম পন্থা আৱলম্বন কৰে অভিযন্তাগৰাকীয়ে। আত্মহননৰ আগমুহুৰ্তত এটা   ভিডিঅ’ ৰেকৰ্ড কৰিছিল।অভিযন্তাগৰাকীয়ে লগতে ২৪ পৃষ্ঠাৰ এখন ছুইচাইড নোটও এৰি থৈ গৈছে। এই ঘটনাৰ গোচৰে দেশৰ আইনী ব্যৱস্থা সন্দৰ্ভতো নতুন বিতৰ্কৰ সূচনা কৰিছে। 

ইফালে বলীউডৰ অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰানাৱটে এই বিষয়ত এক বিবৃতিত কংগনাই কয় যে ভিডিঅ’টো হৃদয় বিদাৰক, এগৰাকী বিপথগামী মহিলাৰ উদাহৰণ লৈ যিসকল  মহিলা প্ৰতিদিনে প্ৰতাৰিত হৈ আহিছে অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু ৯৯ শতাংশ বিবাহত পুৰুষৰ দোষ থাকে, সেইবাবেই এনে ভুল হয় বুলি উল্লেখ কৰে৷

কংগনা ৰানাৱটে লগতে কয়যে দেশ স্তম্ভিত! এই ভিডিঅ' হৃদয় বিদাৰক আছিল বুলি উল্লেখ কৰি কয় যে যেতিয়ালৈকে বিবাহ ভাৰতীয় পৰম্পৰাৰ সৈতে সংযুক্ত হৈ আছে, তেতিয়ালৈকে ঠিকেই আছে। কিন্তু সাম্যবাদ, সমাজবাদ আৰু এক প্ৰকাৰে নিন্দনীয় নাৰীবাদ তাত আছে।যিটো এটা সমস্যাজনক কথা বুলি মন্তব্য কৰে৷

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, তেওঁৰ চাৰে চাৰি বছৰীয়া পুত্ৰৰ বাবে পত্ৰখনৰ উপৰিও এটা উপহাৰ এৰি  গৈছে।  এই উপহাৰটো ২০৩৮ চনত খুলিবৰ বাবে লিখি থৈ গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা অতুলৰ ভিডিঅ’ত তেওঁৰ পিতৃ-মাতৃয়ে পুত্ৰৰ দায়িত্ব ল’বলৈ কৈছে। পৰৱৰ্তী সময়ত এই বিষয়ত কি সিদ্ধান্ত লোৱা হ’ব তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁৰ সন্তানৰ দায়িত্ব কোনে লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ