--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংগালুৰুৰ এআইৰ অভিযন্তা অতুল সুভাষৰ আত্মহত্যাৰ ঘটনাই সম্প্ৰতি সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। শেহতীয়া কৈ বাংগালুৰুৰ ৩৪ বছৰীয়া এআই অভিযন্তা অতুল সুভাষৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে বহুতো নতুন নতুন তথ্য৷

প্ৰাপ্ত তথ্য অনুসৰি পত্নীৰ হাৰাশাস্তিৰ পৰা বিৰক্ত হৈ সোমবাৰে আত্মহত্যাৰ দৰে চৰম পন্থা আৱলম্বন কৰে অভিযন্তাগৰাকীয়ে। আত্মহননৰ আগমুহুৰ্তত এটা   ভিডিঅ’ ৰেকৰ্ড কৰিছিল।অভিযন্তাগৰাকীয়ে লগতে ২৪ পৃষ্ঠাৰ এখন ছুইচাইড নোটও এৰি থৈ গৈছে। এই ঘটনাৰ গোচৰে দেশৰ আইনী ব্যৱস্থা সন্দৰ্ভতো নতুন বিতৰ্কৰ সূচনা কৰিছে। 

ইফালে বলীউডৰ অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰানাৱটে এই বিষয়ত এক বিবৃতিত কংগনাই কয় যে ভিডিঅ’টো হৃদয় বিদাৰক, এগৰাকী বিপথগামী মহিলাৰ উদাহৰণ লৈ যিসকল  মহিলা প্ৰতিদিনে প্ৰতাৰিত হৈ আহিছে অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু ৯৯ শতাংশ বিবাহত পুৰুষৰ দোষ থাকে, সেইবাবেই এনে ভুল হয় বুলি উল্লেখ কৰে৷

কংগনা ৰানাৱটে লগতে কয়যে দেশ স্তম্ভিত! এই ভিডিঅ' হৃদয় বিদাৰক আছিল বুলি উল্লেখ কৰি কয় যে যেতিয়ালৈকে বিবাহ ভাৰতীয় পৰম্পৰাৰ সৈতে সংযুক্ত হৈ আছে, তেতিয়ালৈকে ঠিকেই আছে। কিন্তু সাম্যবাদ, সমাজবাদ আৰু এক প্ৰকাৰে নিন্দনীয় নাৰীবাদ তাত আছে।যিটো এটা সমস্যাজনক কথা বুলি মন্তব্য কৰে৷

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, তেওঁৰ চাৰে চাৰি বছৰীয়া পুত্ৰৰ বাবে পত্ৰখনৰ উপৰিও এটা উপহাৰ এৰি  গৈছে।  এই উপহাৰটো ২০৩৮ চনত খুলিবৰ বাবে লিখি থৈ গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা অতুলৰ ভিডিঅ’ত তেওঁৰ পিতৃ-মাতৃয়ে পুত্ৰৰ দায়িত্ব ল’বলৈ কৈছে। পৰৱৰ্তী সময়ত এই বিষয়ত কি সিদ্ধান্ত লোৱা হ’ব তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁৰ সন্তানৰ দায়িত্ব কোনে লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ